লাখ লাখ আধাৰ নম্বৰ বাতিল!

আপোনাৰটো আছেনে নিৰাপদে?

0 10
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৭ জুলাই : কেন্দ্ৰীয় চৰকাৰৰ তথ্য অনুসৰি ভাৰতীয় ইউনিক আইডেন্টিফিকেশন অথৰিটি চমুকৈ ইউ আই ডি এ আইয়ে প্ৰায় ছয় লাখ আধাৰ নম্বৰ বাতিল কৰিছে। ইউ আই ডি এ আইৰ মতে, এই আধাৰ নম্বৰবোৰ প্ৰকৃততে ভুৱা আৰু এই আধাৰ কাৰ্ডবোৰ বেছিভাগেই অপৰাধমূলক কাৰ্যকলাপৰ বাবে ব্যৱহাৰ কৰা হৈছিল। গতিকে চৰকাৰৰ সন্মতি সাপেক্ষে এই সিদ্ধান্ত লোৱা হৈছে। চৰকাৰৰ তৰফৰ পৰা কোৱা হৈছে যে আধাৰ কাৰ্ডৰ সৈতে জড়িত প্ৰৱঞ্চনা ৰোধ কৰাৰ বাবে অধিক কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। জনগাঁথনিগত মিলন প্ৰক্ৰিয়া শক্তিশালী কৰা হৈছে, নতুন নাম পঞ্জীয়ন কৰিলে বায়’মেট্ৰিক মিলনো এতিয়া বাধ্যতামূলক হৈ পৰিছে। ফটোও এই সময়ৰ পৰা বাধ্যতামূলক কৰা হৈছে। আপুনি কেনেকৈ জানিব যে আপোনাৰ আধাৰ কাৰ্ড সুৰক্ষিত হৈ আছেনে নাই? তাৰ বাবে তলৰ কামকেইটা কৰক—
১। ইউ আই ডি এ আইৰ অফিচিয়েল ৱেবছাইটলৈ যাওক (https://resident.uidai.gov.in/offlineaadhaar)
২। ইয়াৰ পিছত Aadhaar Verify বিকল্প নিৰ্বাচন কৰক।
৩। এইবাৰ আপোনাৰ ১২ অংকৰ আধাৰ নম্বৰ বা ‘ভাৰ্চুৱেল আইডি’ দিয়ক।
৪। নম্বৰটো টাইপ কৰাৰ পিছত স্ক্ৰীণত প্ৰদৰ্শিত ছিকিউৰিটি ক’ডটো দি ৱান টাইম পাছৱৰ্ড বা অ’টিপিৰ অনুৰোধ কৰক।
৫। আপোনাৰ পঞ্জীয়ন কৰা মোবাইল নম্বৰত OTP প্ৰেৰণ কৰা হব। সেই OTTP ৱেবচাইটত দিয়ক।
৬। ইয়াৰ পিছত ৱেবচাইটত এটা নতুন পেজ খোল খাব য’ত লিখা থাকিব আপোনাৰ আধাৰ নম্বৰ বৈধ হয়নে নহয়।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More