লাচিত দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচীৰে পানীগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত চুটি নাট মঞ্চস্থ

0 44

উত্তৰ লখিমপুৰ, ২৩ নৱেম্বৰঃ পানীগাওঁ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ লাচিত দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচীৰ লগতে চুটি নাট ‘মাতে পকা ধানে ৰিঙিয়াই’ মঞ্চস্থ কৰা হয়। অসমীয়া শিপিনীৰ গামোচা, পথাৰৰ সোণগুটি আদি কেইবাটাও দিশৰ ওপৰত ৰচিত নাটখনৰ ৰচনা আৰু পৰিচালনা কৰে বিদ্যালয়ৰ শিক্ষক ভৃগু প্ৰসাদ শৰ্মাই। নাটখনত অভিনয় কৰে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী ক্ৰমে প্ৰহ্লাদ মেধি, কংকনা দেৱী, কিৰনমনি দাস, ধ্ৰুৱজ্যোতি পাঠক, ভৃগু কুমাৰ হাজৰিকা, হৰেকৃষ্ণ দাস, বিমান জ্যোতি দাস, প্ৰাপ্তি বৰা, জোৎস্না বৰা, মায়াশ্ৰী শইকীয়া, পল্লবী কলিতা, পপী বৰুৱা আৰু বিভিন্ন দিশত সহযোগিতা আগবঢ়াই দুতিকৃষ্ণ বৰা, নিপেন দাস আৰু সাধাৰণ সম্পাদক বিতু দত্তই ।IMG 20221123 WA0063 বিদ্যালয়খনত প্ৰতি গৰাকী শিক্ষক শিক্ষয়িত্ৰীৰ প্ৰচেষ্টাত বীৰ লাচিতৰ ওপৰত ৰচনা প্ৰতিযোগিতা, চিত্ৰাংকন প্ৰতিযোগিতা, তৰ্ক প্ৰতিযোগিতা, আকস্মিক বক্তৃতা প্ৰতিযোগিতা ছাত্ৰ-ছাত্ৰীৰ মাজত অনুষ্ঠিত হয়। কালিলৈ দিৱসৰ লগত সংগতি ৰাখি বাৰেৰহণীয়া শোভাযাত্ৰাৰে বীৰ লাচিতৰ ৪০০ সংখ্যক জন্ম জয়ন্তীৰ সামৰণি পৰিব ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More