লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ সমাধিস্থলত মুখ্যমন্ত্রীৰ শ্ৰদ্ধাঞ্জলি নিবেদন

0 12

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৫ আগষ্টঃ অসমক গ্ৰুপিঙৰ জৰিয়তে পূৱ পাকিস্তানৰ অন্তৰ্ভুক্তিৰ পৰা ৰক্ষা কৰা লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ আজি মৃত্যু তিথি। স্বাধীন অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী, স্বাধীনতা সংগ্ৰামী, ভাৰত ৰত্ন গোপীনাথ বৰদলৈৰ মৃত্যু দিৱসক অসম চৰকাৰৰ কেবিনেটত লোক কল্যাণ দিৱস হিচাপে অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। সেই অনুসৰিয়েই প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা লোক কল্যাণ দিৱসত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বৰদলৈৰ নৱগ্ৰহস্থিত সমাধিস্থলত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইয়াৰ পিছতে তেওঁ চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰী শৰ্মাই কয় যে ভাৰত ৰত্ন গোপীনাথ বৰদলৈদেৱৰ ওচৰত অসম চিৰ ঋণী। তেখেতৰ নিৰ্ণায়ক ভূমিকাৰ বাবেই অসম ভাৰতৰ এক অপৰিহাৰ্য অংগ হিচাপে পৰিচিত হৈছিল। গ্ৰুপিং নীতিৰ বিৰুদ্ধে তেখেতে গুৰুত্বপূৰ্ণ ভূমিকা পালন নকৰিলে অসম পূৰ্বৰ পূব পাকিস্তান আৰু এতিয়া বাংলাদেশৰ সৈতে সংযুক্ত হ’লহেঁতেন। তেওঁ কয় যে স্বাধীনতাৰ ৭৫ বছৰীয়া জয়ন্তী উদযাপন কৰা আমাৰ দেশৰ স্বাধীনতাতো তেখেতে এক মহৎ ভূমিকা পালন কৰিছিল। আনহাতে অনুষ্ঠানত তেওঁ আলাবৈ ৰণৰ শ্বহীদসকলকো গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁ কয় যে আলাবৈত আহোম সৈন্যই নিজৰ শৌৰ্য প্ৰদৰ্শন কৰি দেশপ্ৰেমৰ অতুলনীয় স্বাক্ষৰ বহন কৰিছিল। অনুষ্ঠানত গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া, উপ-পৌৰপতি স্মিতা ৰায়, গোপীনাথ বৰদলৈৰ পুত্ৰ বলিন বৰদলৈৰ লগতে আন ভালেসংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত আছিল।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More