শত্ৰুৰে মোকাবিলা কৰিবলৈ কেন্দ্ৰৰ সিদ্ধান্ত

ক্ৰয় কৰিব ২৮ হাজাৰ কোটি টকাৰ সামৰিক সামগ্ৰী

0 14
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৭ জুলাই : প্ৰতিৰক্ষা মন্ত্ৰালয়ে ভাৰতীয় সেনাৰ বাবে ২৮,৭৩২ কোটি টকাৰ সামৰিক সামগ্ৰী ক্ৰয় কৰিবলৈ অনুমোদন জনাইছে। সশস্ত্ৰ ড্ৰ’ন, কাৰবাইন আৰু বুলেটপ্ৰুফ ভেষ্টকে ধৰি সকলো ধৰণৰ সঁজুলি ক্ৰয়ৰ অনুমতি দিয়া হৈছে। ২৬ জুলাইত ৰাজনাথ সিঙৰ সভাপতিত্বত অনুষ্ঠিত হয় প্ৰতিৰক্ষা অধিগ্ৰহণ পৰিষদৰ বৈঠক। প্ৰতিৰক্ষা মন্ত্ৰালয়ে সেই বৈঠকত এই অনুমতি দিয়ে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে টুইটাৰত শ্বেয়াৰ কৰিছে এই খবৰ। তেওঁ কয় যে, সেনাবাহিনীক স্বাৱলম্বী হ’বলৈ এই অনুমতি দিয়া হৈছে। যোৱা দুবছৰ ধৰি পূব লাডাখত চীনৰ সৈতে সংঘাতৰ পৰিৱেশৰ উপৰি চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানে কাশ্মীৰৰ নিয়ন্ত্ৰণ ৰেখাত নিয়মীয়াকৈ অনুপ্ৰৱেশ কৰি ভাৰতক ভাবুকি দি আহিছে। তেনে প্ৰেক্ষাপটত এই পদক্ষেপ লাভজনক বুলি বিবেচিত হৈছে। আধুনিক যুদ্ধত ভাৰতীয় সেনাৰ সামৰ্থ্য বৃদ্ধিৰ বাবে স্বায়ত্তশাসিত চোৰাংচোৱাগিৰি আৰু সশস্ত্ৰ ড্ৰোন ক্ৰয়ৰ অনুমোদন DACৰ দ্বাৰা প্ৰদান কৰা হৈছে। ইয়াৰ উপৰি সামুদ্ৰিক নিৰাপত্তা বৃদ্ধিৰ বাবে দ্ৰুত টহলদাৰী ক্ষমতা থকা ১৪খন জাহাজ ক্ৰয় কৰাৰ বাবে ভাৰতীয় ক’ষ্ট গাৰ্ডৰ প্ৰস্তাৱো অনুমোদন কৰা হৈছে। ইফালে, ১২৫০ কিলোৱাট ক্ষমতাসম্পন্ন মেৰিন গেছ টাৰ্বাইন জেনেৰেটৰৰ উন্নতিৰ বাবে নৌসেনাৰ প্ৰস্তাৱো গ্ৰহণ কৰা হৈছে। ইয়াৰ উপৰি ৪ লাখ ক্ল’জ কোৱাৰ্টাৰ বেটল কাৰবাইন ক্ৰয় কৰাৰো অনুমতি দিয়া হৈছে। এই কথা জানিব পৰা গৈছে প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সূত্ৰমতে। ইয়াৰ উপৰি নিয়ন্ত্ৰণ ৰেখাত শত্ৰুৰ ওপৰত চোৰাংচোৱাগিৰিৰ কথা মনত ৰাখি আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযানত মুখামুখি যুদ্ধৰ বিষয়টো মনত ৰাখি বুলেটপ্ৰুফ ভেষ্টতো অনুমোদন জনোৱা হৈছে। ৰাজনাথ সিঙে কয় যে অনাগত দিনত ভাৰতে কৃত্ৰিম বুদ্ধিমত্তা (AI)ৰ সামৰিক সঁজুলিও প্ৰস্তুত কৰিব। মুঠতে সকলো প্ৰকাৰৰ অস্ত্ৰ-শস্ত্ৰ আৰু অন্যান্য সামৰিক সামগ্ৰীৰ সহায়ত শত্ৰুক প্ৰতিহত কৰিবলৈ ভাৰত সাজু।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More