শনিবাৰে তেজপুৰ বায়ুসেনা ঘাটিত উপস্থিত হব দেশৰ ৰাষ্ট্ৰপতি

0 43
শতাব্দ প্ৰতিনিধি, তেজপুৰ,৭ এপ্ৰিলঃ দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুয়ে তিনিদিনীয়া ভ্ৰমনৰে অসমত কেবাটাও অনুষ্ঠানত অংশগ্ৰহণ কৰি শনিবাৰে তেজপুৰ বায়ুসেনা ঘাটিত উপস্থিত হব। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি ৰেঞ্জত জীপ চাফাৰীৰে ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰাৰ লগতে  শুক্ৰবাৰে কহৰাত হাতী চাফাৰী কৰি গজ উৎসৱত থাকে । ৰাষ্ট্ৰপতি গৰাকীয়ে পুৱা ১০ বজাত তেজপুৰ বিমানবন্দৰত উপস্থিত হব আৰু ইষ্টাৰ্ণ কামাণ্ডৰ মুৰব্বী এছ পি ধাৰাকাই আদৰণি জনাব ইয়াৰ পিছতে ৰাজ্যপাল গোলাব চান্দ কাটাৰীয়া আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আদৰণি জনাব। উল্লেখ্যযোগ্য যে, ৰাষ্ট্ৰীয় উদ্যানৰ গজ উৎসৱত অংশগ্ৰহণ কৰি দেশৰ ৰাষ্ট্ৰপতি গৰাকীয়ে শনিবাৰে তেজপুৰৰ ভাৰতীয় বায়ুসেনা বাহিনীৰ ঘাটিত উপস্থিত হব আৰু তেওঁ দেশৰ অন্যতম প্ৰথম শাৰীৰ যুঁজাৰো বিমান চুখয়ত উঠি পৰিদৰ্শন কৰিব বুলি প্ৰতিৰক্ষা বাহিনীৰ মুখপাত্ৰ লে কৰ্ণেল মহেন্দ্ৰ ৰাৱাতে জানিবলৈ দিয়ে। তেজপুৰ বায়ুসেনা ঘাটি পূৰ্বতে মিগ ২০ যুদ্ধ বিমানৰ প্ৰশিক্ষণ কেন্দ্ৰ হিচাবে ব্যৱহাৰ হৈছিল আৰু পৰৱৰ্তী সময়ত ৰাছিয়াত চুখয় ৩০ এম কে আই সংযোজিত কৰা হয়। বৰ্তমান উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে চুখয় ৩০ এম কে আইৰ এক বৃহৎ ঘাটি তেজপুৰ বায়ুসেনা কেন্দ্ৰ।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More