শিক্ষকৰ হুংকাৰ– মুঠেও ব্যৱহাৰ নকৰে এপচ

শোণিতপুৰৰ শিক্ষামন্ত্ৰীৰ মন্তব্যক গৰিহণা

0 31

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ৩০ নৱেম্বৰঃ শোণিতপুৰ জিলাৰ সদৌ অসম প্ৰাথমিক টেট উৰ্ত্তীণ শিক্ষক সমাজৰ অধীনৰ বালিপৰা, গাভৰু, ঢেকীয়াজুলি আৰু নদুৱাৰ খণ্ডৰ শিক্ষক শিক্ষয়িত্ৰীসকলে আজি নিজ নিজ খণ্ডত স্মাৰক পত্ৰ প্ৰদান কাৰ্যসূচী পালন কৰি অসম চৰকাৰৰ শিক্ষা বিভাগে সৰ্বশিক্ষাৰ অধীনত আৰু ষ্টেটপুল হিচাপে কৰ্মৰত ঠিকাভিত্তিক শিক্ষক সকলক এপচ্ ৰ জৰিয়তে বছৰেকীয়া পাৰদৰ্শিতা মূলক পৰীক্ষাত অৱতীৰ্ণ হবলগীয়া হোৱা ব্যৱস্থাক সমালোচনা কৰে। উক্ত মূল্যায়নত বেয়া ফল দেখুওৱা শিক্ষকক চাকৰি পৰা অব্যাহতি দিয়া হব বুলি শিক্ষামন্ত্রীয়ে কৰা মন্তব্যক তেওঁলোকে একেমুখে গৰিহণা দিয়ে। ইয়াৰ লগতে সংগতি ৰাখি আজি বালিপৰা খণ্ড সমিতিৰ এখন সাধাৰণ সভা অনুষ্ঠিত কৰা হয়। কাৰ্যসূচীত অংশগ্রহণ কৰা আটাইকেইটা ব্লকৰে সহস্ৰাধিক শিক্ষগুৰুৱে কোনো ধৰণৰ এপচ্ ৰ জৰিয়তে বাষির্কী পাৰদৰ্শিতামূলক পৰীক্ষাৰে মূল্যায়নত অংশগ্রহণ নকৰো বুলি মত পোষণ কৰে আৰু যেতিয়ালৈকে এইক্ষেত্ৰত শিক্ষামন্ত্রী আৰু সমাজৰ কেন্দ্রীয় নেতৃত্বৰ মাজত আনুষ্ঠানিক আলোচনা জৰিয়তে সু-মীমাংসাত উপনীত নহয় তেতিয়ালৈকে এনেধৰণৰ কোনো এপচ্ ব্যবহাৰ নকৰে আৰু এপচৰ লগত সংগতি থকা সকলো প্ৰশিক্ষণত অংশগ্রহণৰ পৰা বিৰত থাকিব ইয়াৰ পাছতো যদি বিভাগে এই ক্ষেত্ৰত কোনোধৰণৰ সদিচ্ছা প্ৰকাশ নকৰে তেন্তে বালিপৰা খণ্ডৰ সৰ্বশিক্ষাৰ অধীনত কৰ্মৰত সকলো প্রধান শিক্ষক, চি আৰ চি চি আৰু বি আৰ পি আদি পদৰ পৰা ইস্তাফা দিবলৈ সাজু আছে বুলি মত পোষণ কৰে। লগতে পৰবৰ্তী পদক্ষেপ হিচাপে প্ৰয়োজন হলে ৰাজপথলৈ ওলাবলৈও কুন্ঠাবোধ নকৰে বুলি তেওঁ লোকে মত প্ৰকাশ কৰে। সদৌ শেষত প্ৰতিবাদী কাৰ্যসূচীৰ লগত সংগতি ৰাখি গাভৰু খণ্ডই যোৱা ২৪ নবেম্বৰ তাৰিখে এনেধৰণৰ বিভাগীয় হেঁচাৰ বাবে অকালতে মৃত্যুক আঁকোৱালি লোৱা বিশ্বনাথ জিলা প্ৰয়াত শিক্ষকদ্বয় দেৱজিৎ কাকতি আৰু  দেবজিৎ শৰ্মাৰ সোঁৱৰণত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰা হয়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More