শীতল পানীয়ৰ বটল বিক্ৰী কৰি অধিক দাম লোৱা ৮ ব্যৱসায়ীৰ বিৰুদ্ধে গোচৰ ৰুজু

তেজপুৰত অসাধু ব্যৱসায়ীৰ বিৰুদ্ধে বৈধ পৰিমাণ বিজ্ঞান বিভাগৰ তৎপৰতা

0 51

শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ, ১০ আগষ্ট : উৎকট গৰমৰ সুযোগ গ্ৰহণ কৰি তেজপুৰ চহৰৰ ৮ গৰাকী অসাধু ব্যৱসায়ীয়ে নানাৰঙী শীতল পানীয় ফ্ৰিজিং কৰাৰ নামত গ্ৰাহকৰ পৰা অতিৰিক্ত দাম লোৱাৰ অভিযোগৰ ভিত্তিত অসম চৰকাৰৰ বৈধ্য পৰিমাণ বিজ্ঞান আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে। উল্লেখ্য যে, ব্যৱসায়ী সকলে কোনো ধৰণৰ সুযোগ গ্ৰহণ কৰি গ্ৰাহকৰ পৰা শীতল পানীয়ৰ লগতে পেকেটৰ যিকোনো সামগ্ৰীৰ পৰা অতিৰিক্ত দাম ল’ব নোৱাৰে তাৰ প্ৰতি সজাগতা আৰু সতৰ্কতা সৃষ্টিৰ বাবে কালি বৈধ পৰিমাণ বিজ্ঞান বিভাগৰ উদ্যোগত আৰু তেজপুৰৰ উত্তৰ অসম বণিক সন্হাৰ সহযোগত এখন গুৰুত্বপূৰ্ণ সজাগতামূলক সভা অনুষ্ঠিত হৈ যায়। সভাত অসাধু ব্যৱসায়ী সকলৰ পৰা গ্ৰাহক ৰাইজ সতৰ্ক হৈ থকাৰ ওপৰত গুৰুত্ব প্ৰদান কৰাৰ লগতে গ্ৰাহকৰ অভিযোগৰ ভিত্তিত তেজপুৰ চহৰৰ ৮ গৰাকীকৈ ব্যৱসায়ীৰ বিৰুদ্ধে বৈধ পৰিমাণ বিজ্ঞান আইনৰ ২০০৯ আৰু ২০১১ ধাৰাত গোচৰ ৰুজু কৰাৰ তথ্য সদৰী কৰে। উল্লেখ্য যে তেজপুৰৰ উত্তৰ অসম বণিক সন্হাৰ কাৰ্যালয়ত কালি বিয়লি তেজপুৰস্হ বৈধ পৰিমাণ বিজ্ঞান বিভাগৰ সহকাৰী নিয়ন্ত্ৰক বিদ্যুৎ কুমাৰ শইকীয়াৰ পৌৰোহিত্যত তেজপুৰৰ খুচুৰা আৰু পাইকাৰী ব্যৱসায়ী সকলৰ উপস্থিতিত অনুষ্ঠিত হোৱা সজাগতামূলক সভাখনত কোনো ব্যৱসায়ীয়ে যাতে সুযোগ বুজি শীতল পানীয়ৰ বটল বিক্ৰী কৰোতে নিৰ্ধাৰিত মূল্যতকৈ অধিক দৰত বিক্ৰী কৰিব নোৱাৰে আৰু যিকোনো পেকেটৰ সামগ্ৰী বিক্ৰী কৰোতে এম আৰ পি, পেকিং তাৰিখ, নিৰ্মাণৰ তাৰিখ, ঠিকনা, ম্যাদ উকলি যোৱাৰ তাৰিখ ঠিকনা ছপা হোৱাৰ দৰে বিক্ৰীৰ ব্যৱস্থা সুনিশ্চিত কৰাৰ ক্ষেত্ৰত সকলোকে তৎপৰতা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। এনে আইন উলংঘা কৰি সামগ্ৰী বিক্ৰী কৰা ব্যৱসায়ীৰ বিৰুদ্ধে অতি কঠোৰ হোৱাৰ ইংগিত প্ৰকাশ কৰি কালিৰ এই সজাগতামূলক সভাখনত আইন উলংঘাকাৰী ব্যৱসায়ীৰ বিৰুদ্ধে বৈধ পৰিমাণ বিজ্ঞান আইন ২০০৯ আৰু ২০১১ অনুসৰি ধাৰা ১৮(১),১৮(২)আৰু ৬(১),৬(২),৬(৩)ৰ অধীনত বিভিন্ন গোচৰ ৰুজু কৰা হ’ব বুলি সতৰ্ক কৰি দিয়ে। উল্লেখ্য যে, উত্তৰ অসম বণিক সন্হাৰ সহযোগত সন্হাৰ কাৰ্যালয়ত অনুষ্ঠিত এই গুৰুত্বপূৰ্ণ সভাখনত বৈধ পৰিমাণ বিভাগৰ পৰিদৰ্শক ৰাজীৱ বৰা, হিৰকজ্যোতি কৌশিকৰ লগতে উত্তৰ অসম বণিক সন্হাৰ উপসভাপতি পাৰশনাথ ৰায়, সাধাৰণ সম্পাদক প্ৰশান্ত বেগানীও উপস্থিত থাকি ভাষণ আগবঢ়াই গ্ৰাহক সকলক এই দিশত সতৰ্ক হৈ থাকি এনে কিবা অভিযোগ লাভ কৰিলেই বৈধ পৰিমাণ বিজ্ঞান বিভাগত অৱগত কৰিবলৈ আহ্বান জনায়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More