শোচনীয় আৰ্থিক অৱস্থা, শাৰীৰিক অসুস্থতা আৰু বিশেষ ভাৱে সক্ষম ৰুগীয়া পুত্ৰক লৈ তেজপুৰৰ এসময়ৰ জনপ্ৰিয় নাট্যশিল্পী, চলচ্চিত্ৰ অভিনেতাৰ দুৰ্বিষহ জীৱন

0 95

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তেজপুৰ, ১৫ জুন : এসময়ৰ অতি জনপ্ৰিয় তেজপুৰৰ এগৰাকী প্ৰসিদ্ধ নাট্যকাৰ, পৰিচালক, সুদক্ষ অভিনেতা গোপাল পাণ্ডে বৰ্তমান অতি শোচনীয় আৰ্থিক অৱস্থাৰ মাজত শাৰিৰীক ভাৱে অসুস্থ হৈ পৰাত পৰিয়ালটিলৈ ঘোৰ অমানিশা নামি আহিছে ।দুবেলা দুমুঠি যোগাৰ কৰাৰ অক্ষমতাত জীৱন – জীৱিকাৰ তাড়নাত হাহাঁকাৰ কৰি থাকিবলগীয়া হৈছে ৭০-৮০ দশকৰ জনপ্ৰিয় অভিনেতা, পৰিচালক, ভ্ৰাম্যমান থিয়েটাৰ, বোলছবিৰ উপৰিও এগৰাকী সুন্দৰ পেৰডী গায়কে। নাটকৰ বাবেই নিজৰ জীৱন উছৰ্গা কৰা গোপাল পাণ্ডে নামৰ এসময়ৰ ব্যস্ত নাট্যশিল্পী গৰাকীয়ে অকালতে পত্নীক হেৰুৱাই বিশেষ ভাৱে সক্ষম তথা অসুস্থ পুত্ৰক বুকুত সাৱটি আৰ্থিক অনাটনত জৰ্জৰিত হোৱা এসময়ৰ জনপ্ৰিয় শিল্পী গৰাকীৰো হঠাৎ ষ্ট্ৰোক হোৱাত চিৰৰুগীয়া হৈ পৰে।20230615 181444 উল্লেখ্য যে, ভাৱিব নোৱাৰা এক দুখ লগা পৰিবেশত তেজপুৰ চানমাৰীৰ ঔগুৰি পাহাৰৰ এটি সৰু ঘৰত মহান শিল্পী গৰাকীয়ে এতিয়া হা হুমুনিয়াহ কাঢ়ি জীৱন অতিবাহিত কৰিছে। ১৯৬৯ চনতে তেজপুৰ একাডেমীত পঢ়ি থাকোতে নিজে ৰচনা কৰা “খিড়িকী” নাটকেৰে শ্ৰেষ্ঠ স্থান লাভ কৰা শিল্পী গৰাকীয়ে বৰ দুখেৰে আজি সাংবাদিকৰ আগত কয়—” মই শাৰিৰীক ভাৱে অতি অসুস্থ। পুত্ৰৰ বাবদ পাই থকা মাহে ১২০০ টকাৰ বাহিৰে মোৰ একো উপাৰ্জন নাই । চৰকাৰে শিল্পী বঁটাৰ বাবদ দিয়া ৫০,০০০ টকাও মোৰ চিকিৎসাৰ নামতে শেষ হ’ল । মাহে মোক যদি অসম চৰকাৰে শিল্পী পেন্সনৰ নামত চাৰি হেজাৰ টকাও দিয়াহেঁতেন আমি দুয়োটা ৰুগীয়া পিতা পুত্ৰৰ ঔষধ কেইটা আৰু ভাত কেইটাৰ যোগাৰ হ’লহেঁতেন।” এনে এগৰাকী শিল্পী জীয়াই ৰখাৰ বাবে অসম চৰকাৰে এটি মাহেকীয়া শিল্পী পেন্সনৰ ব্যৱস্থা কৰাৰ বাবে অসম নাট্য সন্মিলনৰ কেন্দ্ৰীয় উপসভাপতি মৃগেন চন্দ্র বড়া, তেজপুৰ শাখাৰ সভাপতি বীৰেন্দ্ৰ কুমাৰ বৰা, বাণ থিয়েটাৰৰ সভাপতি বংকিম শৰ্মাৰ লগতে তেজপুৰৰ শিল্পকলা ক্ষেত্ৰখনৰ একাংশ ৰাইজে মুখ্যমন্ত্ৰী গৰাকীক অনুৰোধ জনাইছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More