শোণিতপুৰত উদ্ধাৰ  মাৰণাস্ত্ৰসহ সাত জাঁই সজীৱ গুলী

0 11
শতাব্দ প্ৰতিনিধি ,তেজপুৰ,২৯জুলাই: আজি  শোণিতপুৰ আৰক্ষীয়ে চলোৱা এক অভিযানত শোণিতপুৰৰ মিছামাৰীৰ নিকটৱৰ্তী বেলশিৰি দৈমালু চেন্টাৰত দুটা অত্যাধুনিক মাৰণাস্ত্ৰ সহ সাঁতজাই গুলী উদ্ধাৰ হোৱা ঘটনাই জিলাখনত চাঞ্চল্যৰ সৃষ্টি কৰিছে । শোণিতপুৰ আতিৰিক্ত আৰক্ষী অধীক্ষক মাধুৰীমা দাসে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি আজি পুৱতি নিশা চলা অভিযানত পথৰ দাঁতিৰ এডৰা জংঘলৰ মাজত এটা মোনাত ভৰাই থোৱা অৱস্থাত এই মাৰণাস্ত্ৰ আৰু গুলী উদ্ধাৰ কৰা হয়। এটা নাইন এম এম পিষ্টলৰ লগতে এটা ৭.৬এম এম পিষ্টলসহ নাইন এম এম ৰ সাতজাঁই গুলী মোনাটোৰ পৰা উদ্ধাৰ কৰা হয়। আৰক্ষীয়ে এই মাৰণাস্ত্ৰ আৰু গুলী পূৰ্বে কোনো উগ্ৰপন্থী সংগঠনে লুকুৱাই ৰাখিছিল বুলি সন্দেহ ব্যক্ত কৰাৰ লগতে বৰ্তমান এয়া  কোনো লোকে সৰবৰাহৰ চেষ্টা চলাইছিল বুলিও কয়। উল্লেখযোগ্য যে, নিৰ্দিষ্ট স্থানৰ পৰা এই পিষ্টল দুটা আৰু গুলী কোনো লোকে সংগ্ৰহ কৰাৰ কথা আছিল আৰু এই সন্দৰ্ভত শোণিতপুৰ আৰক্ষীয়ে লাভ কৰা খবৰৰ ভিত্তিত এই অভিযান চলে। তেজপুৰৰ মহাভৈৰৱ আৰক্ষী চকী আৰু মিছামাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াদ্বয়ৰ সহযোগত অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নেতৃত্বত  আৰক্ষীৰ এটা দলে নিৰ্দিষ্ট স্থানত পূৰ্বৰে পৰাই গোপনে অপেক্ষা কৰি আছিল। কিন্তু আৰক্ষীৰ উপস্থিতিৰ উমান পাই মাৰণাস্ত্ৰ সংগ্ৰহৰ বাবে নিৰ্দিষ্ট স্থানলৈ নাহিল কোনো লোক । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে নিজাববীয়াকৈ এটা গোচৰ পঞ্জীয়ন কৰি তদন্ত অব্যাহত ৰাখিছে। আৰক্ষীয়ে প্ৰকাশ কৰে যে দেশৰ স্বাধীনতা দিৱসৰ পূৰ্বে আৰক্ষীয়ে জিলাখনত সকলো ধৰণৰ দুস্কাৰ্যৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More