ছাইন ইন / যোগদান
ছাইন ইন
পাছৱৰ্ড ৰিক’ভাৰ কৰক.
A password will be e-mailed to you.
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ২৬মে’ঃ ৰাজ্যত বিগত প্ৰায় ১৫বছৰে বিনামূলীয়া এম্বুলেন্স সেৱা আগবঢ়াই অহা ১০৮ মৃত্যুঞ্জয় সেৱাই শোণিতপুৰত এইপৰ্যন্ত তিনিলাখ চাৰি হেজাৰ ৯৬৫জন হিতাধিকাৰীক সেৱা আগবঢ়াইছে৷ ইয়াৰে ভিতৰত একলাখ ১৩হেজাৰ ৩৫৮গৰাকী গৰ্ভৱতী৷ ক’ভিদৰ সময়ত জিলাখনত ১৯হেজাৰ৯১৬জনক সেৱা আগবঢ়োৱা ১০৮ সেৱাৰ দ্বাৰা জিলাখনত উপকৃত হৈছে দুৰ্ঘটনাগ্ৰস্ত ২৭হেজাৰ ৫৬১জন লোক৷ এনেদৰে বিভিন্ন প্ৰয়োজনীয় সময়ত ৰোগীক সেৱা আগবঢ়োৱা এম্বুলেন্স সেৱা বিধৰ হিতাধিকাৰীসকলৰ এক সভা আজি তেজপুৰ সাহিত্য সভা ভৱনত অনুষ্ঠিত হয়৷ বিশাল ভৰালীয়ে আঁত ধৰা সভাখনত শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ, শোণিতপুৰৰ যুটীয়া স্বাস্থ্য সঞ্চালক জিয়াউদ্দিন আহেমদৰ লগতে ১০৮ এম্বুলেন্স সেৱাৰ বিষয়া ভাস্কৰজ্যোতি দাস,স্বৰূপ কলিতা আৰু ধ্ৰুৱজ্যোতি প্ৰসাদ ভট্টাচাৰ্যই ১০৮ সেৱাৰ হিতাধিকাৰী সকলৰ স’তে মত বিনিময় কৰাৰ লগতে তেওঁলোকৰ অভিজ্ঞতাৰ বিষয়ে বুজ লয়৷ উল্লেখযোগ্য যে,শোণিতপুৰত বৰ্তমান ২৪খন ১০৮এম্বুলেঞ্চ থকাৰ বিষয়ে উল্লেখ কৰি লগতে কোৱা হয় যে অতি প্ৰয়োজনীয় কেহেৰুখন্দা আৰু বাতাচিপুৰ আদি অঞ্চলত উপযুক্ত স্হান লাভ নকৰা বাবেই ইয়াত ১০৮ৰ একোটা আস্হান স্হাপন কৰিব পৰা নাই৷ ৰাইজে যিকোনো ঘটনাৰ ক্ষেত্ৰত যথাযথ ভাবে ঘটনাস্থলীৰ বিৱৰণ দিয়াটো প্ৰয়োজন বুলি উল্লেখ কৰাৰ লগতে বহু সময়ত একোখন এম্বুলেন্স একে সময়ত আন ৰোগীৰ স’তে ব্যস্ত থকাত পৃথক স্হানৰ পৰা এম্বুলেন্স আহিব লগীয়া হয়৷ তদুপৰি কিছুমান অঞ্চলত এম্বুলেন্স সেৱাৰ চালক কৰ্মচাৰীক কৰা দুৰ্ব্যৱহাৰ আৰু পথৰ দূৰৱস্হাৰ বাবেও এনে সেৱাত ব্যাঘাত জন্মা বুলি কয় বহুকেইজন হিতাধিকাৰীয়ে৷ তেজপুৰ পৌৰসভাৰ এগৰাকী ৱাৰ্ড সদস্য পাৰশ ৰায়ে কয় যে,সাধাৰণ ভাবে অসুস্থ নতুবা সামান্য দুৰ্ঘটনাত আহত লোকৰ বাবে একোখন ১০৮এম্বুলেঞ্চ ব্যৱহাৰ কৰা হয় বা তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয় তথা তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পৰা সঘনাই ৰোগীক স্হানান্তৰিত কৰাৰ বাবেও দীৰ্ঘ সময়ৰ বাবে একোখন ১০৮এম্বুলেঞ্চ ব্যস্ত হৈ পৰে বুলি মন্তব্য কৰে৷ তেওঁ কয় যে আজিৰ পৰা ১৫ বছৰ পূৰ্বলৈকে একোজন অসুস্থ লোকৰ বাবে এম্বুলেন্স বিছাৰি মানুহে হাঁহাকাৰ কৰিব লগীয়া হোৱাৰ বিপৰীতে এতিয়া সকলোৰে এটা সাহস হৈ পৰিছে ১০৮ এম্বুলেন্স সেৱা৷ ইপিনে মাহে প্ৰায় পাঁচ-ছয়টা ভূৱা ফোন কলৰে এম্বুলেন্সক হাৰাশাস্তি কৰাৰ উপৰি বহু সময়ত এম্বুলেন্স মাতি নি ৰোগী চিকিৎসালয়লৈ নাহে বুলিও প্ৰকাশ কৰা হয় এই সভাত৷ যুটীয়া স্বাস্থ্য সঞ্চালক গৰাকীয়ে শোণিতপুৰৰ চৰ চাপৰি অঞ্চলৰ ৰাইজৰ সুবিধা হোৱাকৈ এখন নৌকা এম্বুলেন্সৰ আৱশ্যক থকা বুলি কোৱাৰ লগতে উপায়ুক্তই ব্যক্তিগত অভিজ্ঞতাৰ বৰ্ণনা কৰি শোণিতপুৰত ১০৮এম্বুলেঞ্চ সেৱাই যথেষ্ট সক্ৰিয়তাৰে সেৱা আগবঢ়াই যোৱা বুলি প্ৰকাশ কৰে৷