গুৱাহাটীত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ দুদিনীয়া ৰাজ্যিক সমাৰোহ আৰম্ভ

হাওৰাঘাটৰ আৰ্যভট্ট কেন্দ্ৰক শ্ৰেষ্ঠ কেন্দ্ৰৰ বঁটা প্ৰদান

0 139

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২৫ মে’ : ৰাজ্যৰ স্কুল পৰ্যায়ৰ শিক্ষাৰ্থী তথা নৱ প্ৰজন্মৰ মাজত বিজ্ঞান শিক্ষাক ৰোমাঞ্চকৰ কৰাৰ লগতে বিজ্ঞান মনস্কতা বৃদ্ধিৰ লক্ষ্যৰে অসম বিজ্ঞান, প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদ (এছটেক)ৰ উদ্যোগত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীৰ মণিৰাম দেৱান আন্তঃৰাষ্ট্ৰীয় বাণিজ্য কেন্দ্ৰত আৰম্ভ হৈছে ‘আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ ৰাজ্যিক সমাৰোহ ২০২৩’। ৰাজ্যৰ বিজ্ঞান-প্ৰযুক্তি আৰু জলবায়ু পৰিবৰ্তন দপ্তৰৰ মন্ত্ৰী কেশৱ মহন্তই আজি দুপৰীয়া এই সমাৰোহ আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰে। মন্ত্ৰী মহন্তই অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি ৰাজ্যত বৈজ্ঞানিক বাতাবৰণ উন্নীতকৰণৰ লগতে নৱপ্ৰজন্মৰ মাজত স্কুল স্তৰৰ পৰাই বৈজ্ঞানিক উদ্ভাৱনীমূলক চিন্তাধাৰাৰ প্ৰতি উৎসাহিত কৰি তোলাৰ বাবে ৰাজ্য চৰকাৰৰ বিজ্ঞান প্ৰযুক্তি আৰু জলবায়ু পৰিবৰ্তন বিভাগে এছটেকৰ জৰিয়তে প্ৰণালীবদ্ধ কাৰ্য ব্যৱস্থা গ্ৰহণ কৰিছে। তেওঁ কয়, ‘এই সমাৰোহত অংশগ্ৰহণকাৰী শিক্ষাৰ্থীসকলে বিজ্ঞান চৰ্চা আৰু অন্বেষণেৰে তেওঁলোকৰ দক্ষতা বিকাশ কৰিব পাৰিব বুলি আমাৰ দৃঢ় বিশ্বাস।’ বৃহস্পতি আৰু শুক্ৰবাৰে দুদিনীয়াকৈ আয়োজন কৰা এই বিজ্ঞান সমাৰোহত অসমৰ ২৭খন জিলাৰ পৰা অহা ২৭২ গৰাকী ছাত্ৰ-ছাত্ৰী, ২১৯ গৰাকী আৰ্যভট্ট কেন্দ্ৰ সমন্বয়ক আৰু ৬৮ গৰাকী গাইডে অংশগ্ৰহণ কৰিছে। ৰাজ্যিক সমাৰোহখনিত জিলাসমূহক প্ৰতিনিধিত্ব কৰা ছাত্ৰ-ছাত্ৰীৰ মাজত বিজ্ঞান ভিত্তিক আকস্মিক বক্তৃতা প্ৰতিযোগিতা, মডেল নিৰ্মাণ, চিত্ৰাংকন প্ৰতিযোগিতা, বৈজ্ঞানিক ধাৰণা প্ৰতিযোগিতা, ৰ’বটিকছ প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ সমান্তৰালভাৱে পৰীক্ষা-নিৰীক্ষাৰ জৰিয়তে বিজ্ঞানৰ শিক্ষা, বিজ্ঞানী-শিক্ষাৰ্থীৰ মাজত অন্তৰাক্ৰিয়া, থ্ৰী ডি- ডুডলিং প্ৰগেম কাৰ্যসূচীক সন্নিৱিষ্ট কৰা হৈছে। এই সমাৰোহৰ সৈতে সংগতি ৰাখি ২৭খন জিলাৰ আৰ্যভট্ট কেন্দ্ৰক সামৰি আয়োজন কৰা শিশু বিজ্ঞানীৰ বিজ্ঞান প্ৰকল্পৰ প্ৰদৰ্শনী এখনো আজি দৰ্শন কৰে বিভাগীয় মন্ত্ৰী মহন্তই।প্ৰদৰ্শনীত অংশগ্ৰহণকাৰী শিক্ষাৰ্থী সকলে প্ৰদৰ্শন কৰা বিভিন্ন উদ্ভাৱনীমূলক কলা-কৌশল দৰ্শন কৰি আপ্লুত হোৱা মন্ত্ৰীগৰাকীয়ে শিশু বিজ্ঞানীসকলৰ সৈতে মত বিনিময়ো কৰি তেওঁলোকক উৎসাহ প্ৰদান কৰে৷ অনুষ্ঠানত বছৰজোৰা কাৰ্যসূচীৰ ক্ষেত্ৰত ৰাজ্যৰ ভিতৰতে উৎকৃষ্ট প্ৰদৰ্শন আগবঢ়োৱা শ্ৰেষ্ঠ কেন্দ্ৰ হিচাপে কাৰ্বি আংলং জিলাৰ হাওৰাঘাট উন্নয়ন খণ্ডৰ আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰক শ্ৰেষ্ঠ কেন্দ্ৰ বঁটা প্ৰদান কৰে মন্ত্ৰী মহন্তই। তদুপৰি ধুবুৰী জিলাৰ বিৰছিং জৰোৱা আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ আৰু বৰপেটা জিলাৰ সৰুক্ষেত্ৰী আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰকো বিশেষ পাৰদৰ্শিতাৰ বঁটা প্ৰদান কৰা হয়। আজিৰ শুভাৰম্ভণি অনুষ্ঠানত অসম ৰাজ্যিক পণ্যাগাৰ নিগমৰ উপাধ্যক্ষ ড° তপন দাস, ৰাজ্য চৰকাৰৰ বিজ্ঞান, প্ৰযুক্তিবিদ্যা আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ অতিৰিক্ত সচিব কিমনেই ছাংছন আৰু অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদৰ সঞ্চালক ড° জয়দীপ বৰুৱাৰ লগতে বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ বিষয়াসকল উপস্থিত থাকে ৷

IMG 20220824 WA0001

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More