শোণিতপুৰত লোক কল্যাণ দিৱস পালন

তিনিগৰাকী বঁটাপ্ৰাপকক লোক সেৱা পুৰস্কাৰ অৰ্পণ কৰিলে মন্ত্ৰী পৰিমল শুক্লবৈদ্যই

0 9
শতাব্দ, প্ৰতিনিধি তেজপুৰ, ৫ আগষ্টঃ সমগ্ৰ ৰাজ্যৰ লগতে আজি শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগতো উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত লোক কল্যাণ দিৱস উদযাপন কৰা হয়। আজিৰ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে আবকাৰী, পৰিবহণ আদি বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্য। তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা, উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ, শোণিতপুৰ জিলা পৰিষদৰ সভানেত্ৰী, ডলী চুৰিন, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া, কৰবী শইকীয়া, তেজপুৰ পৌৰসভাৰ সভাপতি প্ৰজ্ঞানু ভট্টাচাৰ্য, বিশিষ্ট সমাজকৰ্মী বাতাশ ওৰাং, জিলা প্ৰশাসনৰ উচ্চপদস্থ বিষয়া, উপায়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰীসকল আৰু জিলাখনৰ বিশিষ্ট নাগৰিকসকল আজিৰ এই অনুষ্ঠানত উপস্থিত থাকে৷ সভাৰ আৰম্ভণিতে লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ প্ৰতিকৃতিত পুষ্পাঞ্জলি অৰ্পন কৰি তেখেতৰ স্মৃতি দিৱসত মহান নেতাগৰাকীক ভক্তিৰে স্মৰণ কৰা হয়৷ অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী বৰদলৈৰ আজি মৃত্যু বাৰ্ষিকী উপলক্ষে সমগ্ৰ ৰাজ্যজুৰি লোক কল্যাণ দিৱস উদযাপন কৰা হৈছে ৷ আজিৰ সভাৰ কাৰ্যসূচীৰ অংশ হিচাপে মুখ্য অতিথি মন্ত্ৰী শুক্লবৈদ্যই জিলাখনৰ তিনিগৰাকী অৰাজপত্ৰিত কৰ্মচাৰী ক্ৰমে জিলা উপায়ুক্ত কাৰ্যালয়ৰ জ্যেষ্ঠ সহায়ক, মেদিনী বৰা, উপায়ুক্ত কাৰ্যালয়ৰ সৈতে সংযুক্ত ইন্টেণচিভ এগ এণ্ড প’ল্ট্ৰী কাম মাৰ্কেটিং চেন্টাৰৰ প্ৰকল্প বিষয়াৰ কাৰ্যালয়ৰ গাড়ী চালক ভবানন্দ চৌধুৰী, আৰু উপায়ুক্ত কাৰ্যালয়ৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী ভাগ্য ৰাম মেচক, তেখেতসকলৰ কৰ্মনীতি, সময়ানুৱৰ্তীতা, সততাৰ আদিৰ ভিত্তিত এক ৰাজ্যিক পৰ্যায়ৰ বাচনি সমিতিয়ে নিৰ্বাচিত কৰা এই তিনিগৰাকী কৰ্মচাৰীক পুৰস্কাৰ সমূহ প্ৰদান কৰে। মুঠতে সমগ্ৰ অসমতে ৮৯ গৰাকী জিলা পৰ্যায়ৰ কৰ্মচাৰী আৰু ১০ গৰাকী ৰাজ্যিক পৰ্যায়ৰ কৰ্মচাৰীক লোক সেৱা বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে।বঁটাপ্ৰাপকসকলে একোখনকৈ প্ৰশংসা পত্ৰ, নগদ ২৫ হাজাৰ টকা আৰু অৱসৰৰ ম্যাদ এবছৰলৈ বৃদ্ধিৰ সুবিধা লাভ কৰিছে৷
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More