শোণিতপুৰৰ খনামুখত হেৰইন সহ দুজনক গ্ৰেপ্তাৰ

0 23
শতাব্দ প্ৰতিনিধি‍,তেজপুৰ, ৬ ছেপ্টেম্বৰঃ শোণিতপুৰ আৰক্ষীয়ে আজি জিলাখনৰ খানামুখ অঞ্চলৰ কেকোকলি নেপালী গাঁৱত চলোৱা এক অভিযানত হেৰ’ইন সহ দুজন লোকক গ্ৰেপ্তাৰ কৰিছে৷ উল্লেখযোগ্য যে, আৰক্ষীয়ে গোপন সূত্ৰৰ তথ্যৰ আধাৰত চলোৱা এই অভিযানত মান্নাচ আলি(৩০) আৰু আচিকুল ইছলাম(২০)নামৰ দুই যুৱকক ১৫টা প্লাষ্টিকৰ কন্টেনাৰত মুঠ ২১গ্ৰাম হেৰ’ইন সহ গ্ৰেপ্তাৰ কৰে৷ উল্লেখযোগ্য যে,শোণিতপুৰৰ কেতবোৰ অঞ্চলত ড্ৰাগছ আৰু গাঞ্জাৰ সৰবৰাহ আৰু প্ৰচলন ইমানেই বৃদ্ধি পাইছে যে, প্ৰায় দৈনিক আৰক্ষীয়ে এনে নিষিদ্ধ দ্ৰব্য জব্দ কৰিবলৈ সক্ষম হৈছে৷কিন্তু ইমানৰ পাছতো এই পৰ্যন্ত এই মাৰাত্মক সামগ্ৰী সৰবৰাহ হোৱা মূল উৎসৰ সন্ধান আৰক্ষীয়ে লাভ কৰা নাই আৰু তেনে স্হানত আৰক্ষীৰ অভিযানো চলা নাই৷
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More