শোণিতপুৰৰ মইনাজুলিত বন্যহস্তীয়ে ভাঙিলে দুটা বাসগৃহ

0 13
শতাব্দ প্ৰতিনিধি‍,তেজপুৰ,৭অক্টোবৰঃ শোণিতপুৰ জিলাৰ সোণাই ৰূপাই অভয়াৰণ্যৰ পৰা ওলাই অহা বনৰীয়া হাতীৰ জাকে যোৱা নিশা ৰঙাপৰাৰ দুই নম্বৰ মইনাজুলিৰ জোচেফ তপ্ন আৰু লৰেঞ্চ তপ্নৰ বাসগৃহ দুটা ভাঙি খাদ্যৰ সন্ধান চলায়৷ সেই সময়ত বাসগৃহতে থকা পৰিয়ালদুটাৰ সদস্যসকলৰ কথমপিহে প্ৰাণ ৰক্ষা পৰে৷ উল্লেখযোগ্য যে, অৰণ্যৰ পৰা ওলাই অহা ১১টা হাতীয়ে ৰঙাপৰাৰ বিভিন্ন অঞ্চলত বিচৰণ কৰি আছে৷ আমাৰিবাৰী আৰু তেজপুৰ সদৰ বনাঞ্চলিক কাৰ্যালয়ৰ অধীনস্থ অঞ্চলত বিচৰণ কৰা এই হাতীৰ জাকটো সম্প্ৰতি তিনিটা ভাগত বিভক্ত হৈ পৰিছে৷ ইয়াৰে ভিতৰত সাতটা হাতী ধূলাপাদুং আৰু মইনাজুলি অঞ্চলত তথা তিনিটা ঘগৰাত আৰু এটা হাতী কঠালগুৰি অঞ্চলত থকা বুলি প্ৰকাশ কৰিছে প্ৰত্যক্ষদৰ্শীয়ে৷ উল্লেখযোগ্য যে, প্ৰতিবছৰেই এই সময়চোৱাত সোণাইৰূপাইৰ হাতী জনাঞ্চললৈ ওলাই আহি পথাৰত নামে৷ কৃষকৰ বাবে এক চিন্তনীয় বিষয় হৈ পৰা হাতীৰ এনে স্বাভাৱিক প্ৰব্ৰজনৰ বাবে ৰঙাপৰাৰ ঠাকুৰবাৰীৰ সমীপৰ পথাৰৰ লগতে তেজপুৰৰ নিকটৱৰ্তী ডিপোতা অঞ্চলৰ পথাৰো চনে পৰি থাকে৷ এইবাৰ প্ৰয়োজনীয় পানীৰ অভাৱতো বহু পথাৰত ধান খেতি কৰাত ব্যৰ্থ হয় কৃষকসকল৷ এনে অৱস্থাত যি পৰিমানৰ ধান খেতি কৰা হৈছে সেয়াও যদিহে বন্যহস্তীয়ে নস্ত কৰে তেনেহলে কৃষকসকল অধিক বিপদৰ সন্মুখীন হ’ব আৰু ইয়াকে লৈ তেওঁলোক চিন্তিত হৈ পৰিছে৷ প্ৰনিধানযোগ্য যে, সোণাইৰূপাইৰ বন্যহস্তী পূৰ্বৰে পৰা ৰঙাপৰা হৈ তেজপুৰ তথা বিহগুৰি অঞ্চলৰে সংলগ্ন আৰিমৰা চাপৰিলৈ বছৰি আহে৷ ব্ৰহ্মপুত্ৰৰ পানীত নাদুৰি সাঁতুৰি চাপৰিত হোৱা বিভিন্ন ফচল ভক্ষণ কৰাৰ লগতে কাষৰীয়া গাঁৱে ভূঞে প্ৰৱেশ কৰা বন্যহস্তীৰ জাকক গাভৰু খণ্ড বন কাৰ্যালয়ৰ অধীনস্থ এলেকাতে প্ৰতিৰোধ কৰিব পাৰিলে ৰঙাপৰা আৰু তেজপুৰৰ বাকী অংশত হাতীৰ জাকে প্ৰৱেশ কৰিব নোৱাৰে যদিও গাভৰু খণ্ড বন কাৰ্যালয়ে সেয়া কৰিবলৈ সক্ষম হোৱা নাই বুলি অভিযোগ উঠিছে৷ মিছামাৰীৰ সেনা চাউনিতো সঘনাই বন্যহস্তীৰ প্ৰৱেশ কৰাৰ বিপৰীতে কিছুমাহ পূৰ্বে এই শিবিৰ চৌহদতে এটা হাতী বিদ্যুৎস্পৃষ্ট হৈ নিহত হৈছে৷ সংকুচিত হৈ অহা বনাঞ্চলৰ বিপৰীতে বৃহৎ আকাৰৰৰ বন্যপ্ৰাণী বিধ স্বাভাৱিক ভাবেই খৰালী নৈৰ পাৰলৈ ওলাই অহাৰ সময়ত বাটত বিভিন্ন অঞ্চলত জনবসতিপূৰ্ণ অঞ্চলত হোৱা খেদাখেদিৰ বাবেও হাতীৰ জাক পৃথক হৈ উপদ্ৰৱ অধিক কৰে৷
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More