শোণিতপুৰৰ শিঙৰীৰ পৰা ১৬ বছৰীয়া কিশোৰ নিৰুদ্দেশ

0 16

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ২৫ মে’ঃ শোণিতপুৰৰ ঢেকীয়াজুলি- শিঙৰীৰ বেঙ্গলী বস্তি গাঁও নিবাসী গুণাধৰ দাস নামৰ যুৱক এজন ঘৰৰ পৰা ওলাই অহাৰ পিছত আজিও সন্ধানহীন হৈ থকাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷উল্লেখ যে,যোৱা ৰবিবাৰে পুৱা ১০-৩০নিজা গৃহৰ পৰা ওলাই যোৱাৰ পিছৰে পৰা ১৬ বছৰীয়া নিৰুদ্দিষ্ট হোৱা কিশোৰজনৰ পিতৃ গৌৰ দাস আৰু মোমায়েক সন্তুষ দাসে আজি তেজপুৰৰ বিভিন্ন ঠাইত বিচাৰি চলাথ কৰাৰ পিছত বিচাৰি নাপাই হতাশ হৈ পৰাৰ পিছত সংবাদ মাধ্যমৰ কাষ চাপে। নিৰুদ্দিষ্ট কিশোৰজনৰ পিতৃয়ে জানিবলৈ দিয়া মতে তেওঁলোকে কালি নিশা শিঙৰী আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে যদিও আৰক্ষীয়েও কোনো সন্ধান দিব পৰা নাই কিশোৰজনৰ। বৰ্তমানে কোনো লোকে সন্ধান পালে ফোন নম্বৰ 8822369778 আৰু 6000218728 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More