শোণিতপুৰ জিলা আন্তঃক্লাব কাৰাটে প্ৰতিযোগিতা আৰম্ভ

0 4

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১৭জুলাইঃ তেজপুৰৰ ডেকাৰগাঁৱত আজিৰে পৰা আৰম্ভ হৈছে জিলাভিত্তিক আন্তঃক্লাব কাৰাটে প্ৰতিযোগিতা৷শোণিতপুৰ জিলা কাৰাটে সন্হাৰ সৌজন্যত আৰু ডেকাৰগাঁওবাসীৰ সহযোগত দুদিনীয়াকৈ আৰম্ভ হৈছে এই প্ৰতিযোগিতাখন৷ দ্বিতীয় বাৰ্ষিক প্ৰয়াত ৰাজেন বৰঠাকুৰ সোঁৱৰণী শোণিতপুৰ জিলা আন্তঃক্লাব কাৰাটে প্ৰতিযোগিতাখন তেজপুৰৰ ডেকাৰগাঁৱৰ ঐতিহ্যমণ্ডিত ঊষা নাট্য মন্দিৰ চৌহদত আজি পুৱা তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা আৰু তেজপুৰ জিলা ক্ৰীড়া সন্হাৰ সভাপতি জিতেন বৰঠাকুৰৰ অংশগ্ৰহণৰে প্ৰতিযোগিতাখনৰ পতাকা উত্তোলনৰ কাৰ্যসূচী আৰম্ভ কৰা হয়৷মুঠ ৮২টা পদকৰ বাবে অনুষ্ঠিত হৈছে প্ৰতিযোগিতাখন৷ পুৰুষ আৰু মহিলাৰ উভয় শাখাতে আয়োজিত প্ৰতিযোগিতাখনত জিলাখনৰ প্ৰায় তিনিশ প্ৰতিযোগীয়ে অংশ লৈছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More