শোণিতপুৰ জিলা ইতিহাস সংকলন সমিতিৰ লাচিত বৰফুকনৰ চাৰিশ বছৰীয়া জয়ন্তীৰ সামৰণী অনুষ্ঠান

0 10

শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ,২৯জুলাইঃ ভাৰতীয় ইতিহাস সংকলন সমিতিৰ শোণিতপুৰ জিলা সমিতিয়ে আজি দৰং মহাবিদ্যালয়ত মহাবীৰ লাচিত বৰফুকনৰ চাৰিশ বছৰীয়া জয়ন্তীৰ সামৰণী অনুষ্ঠান উপলক্ষে চিত্রাঙ্কন আৰু কবিতা আবৃত্তি প্রতিযোগিতা অনুষ্ঠিত কৰা হয়। মহাবীৰ লাচিত বৰফুকন জাতীয় প্ৰেমৰ উৎকৃষ্ট নিদৰ্শন। তেওঁৰ কৃতিত্ব আৰু গৌৰৱ গাথাই অসমীয়া চিৰদিনলৈ গৌৰাৱান্বিত কৰি থাকিব। সেই মহান বীৰৰ জীৱন আৰু কৰ্ম সম্পর্কে আজিৰ প্ৰজন্মই নাজানিলে দেশৰ কল্যাণ কোনো কাৰণত সাধিত নহ’ব। মোগলৰ দৰে মহাজনী শক্তিক পৰাভূত কৰিব পৰা লাচিত বৰফুকনৰ অদম্য শক্তি আমাৰ উঠি অহা প্ৰজন্মৰ বাবে অনুকৰণীয়। এই গৰাকী মহান বীৰৰ স্মৃতিক উত্তৰ প্ৰজন্ম আগত দাঙি ধৰাৰ মানসেৰেই কেন্দ্ৰীয় চৰকাৰে উৎযাপিত কৰিছে লাচিত বৰফুকনৰ চাৰিশ বছৰীয়া জয়ন্তী অনুষ্ঠান। এই অনুষ্ঠানৰ সামৰণি কাৰ্যসূচী হিচাপে শোণিতপুৰ ইতিহাস সংকলন সমিতিয়ে অনুষ্ঠিত কৰে আজিৰ এই প্ৰতিযোগিতা। উক্ত প্রতিযোগিতা প্রথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ ক শাখা আৰু ষষ্ঠ শ্ৰেণীৰপৰা দশম শ্ৰেণীলৈ খ শাখাৰ মাজত অনুষ্ঠিত কৰা হয়। চিত্রাঙ্কন প্ৰতিযোগিতাৰ ক শাখাত ৫০ জন আৰু শাখাৰ ২০ গৰাকী ছাত্ৰ ছাত্ৰীয়ে অংশ গ্ৰহণ কৰে। চিত্রাঙ্কন প্ৰতিযোগিতাৰ ক শাখাত প্ৰথম স্থান লাভ কৰে বেদয়ি কাশ্যেপ, দ্বিতীয় আৰু তৃতীয় স্থান কৰে ক্ৰমে সংস্ক নাথ আৰু সোণাক্ষী দেৱীয়ে। উদগনি বঁটা লাভ কৰে লৰ্মিষ্ঠা বৰা আৰু গীতাৰ্থ শইকীয়াই আৰু খ শাখাৰ চিত্রাঙ্কন প্রতিযোগিতাত প্রথম স্থান লাভ কৰে নিবিড় শ‍ইকীয়াই দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে ক্রমে নিকিতা শ‍ইকীয়া আৰু তুহিনাজ বৰুৱাই। বিচাৰকৰ উদগনি বঁটা লাভ কৰে যুৱৰাজ বৰাই। কবিতা আবৃত্তি প্ৰতিযোগিতাৰ ক শাখাত প্ৰথম স্থান লাভ কৰে মোক্ষদা দেৱীয়ে। দ্বিতীয় অনন্যা তামুলী আৰু তৃতীয় স্থান যুটীয়াভাৱে লাভ কৰে ক্ৰমে গায়ত্ৰী দেৱী আৰু প্ৰিয়াক্ষী কেওঁটে । বিচাৰকৰ উদগনিমূলক বঁটা লাভ কৰে সপ্তনীল কাশ্যপ আৰু অভিঙ্গা কাশ্যপে। খ শাখাত প্রথম স্থান সুশান্ত কাশ্যপ, দ্বিতীয় স্থান ভাস্বতী কেওঁট আৰু তৃতীয় স্থান লাভ কৰে গীতাৰ্থ প্রিয়ম নাথে। বিচাকৰ উদগনিমূলক বঁটা লাভ কৰে জিমনি দিহিঙ্গীয়া আৰু প্রজ্ঞা মেচে। এই প্রতিযোগিতা উভয় শাখাতে স্থান লাভ কৰা ছাত্র-ছাত্রীসকল একোখনকৈ মানপত্ৰ আৰু সামান্য মানসিও আগবঢ়োৱা হয়। প্রতিযোগিতাত অংশ গ্ৰহণ কৰা প্ৰতিযোগীসকলক মানপত্ৰ প্ৰদান কৰে। কবিতা আবৃত্তি প্রতিযোগিতাৰ বিচাৰ আসন শুৱনি কৰে বিশিষ্ট নাট্যকাৰ আৰু আবৃত্তি প্ৰশিক্ষক ভূপেন শৰ্মা আৰু কবি সাহিত্যিক, আবৃত্তি প্রশিক্ষক মৃদুল চহৰীয়াই। চিত্রাঙ্কন প্রতিযোগিতাৰ বিচাৰকৰ দায়িত আছিল ৰাঘৱ মহন্ত আৰু বিশ্বজিৎ বৰা ।আজিৰ এই প্ৰতিযোগিতাখনৰ লগতে শোণিতপুৰ জিলা সমিতিৰ মাহেকীয়া সভাখনো অনুষ্ঠিত হয় বিশিষ্ট সাহিত্যিক সমাজকৰ্মী ৰুমা দেৱীয়ে এই সভাতে লাচিত বৰফুকনৰ বীৰ গাঁথা আৰু তেওঁৰ জাতীয়তাবাদ সম্পর্কে বিশ্লেষণ দাঙি ধৰে। আজিৰ সভাৰ সৌষ্ঠৱ বঢ়াই ভাৰতীয় ইতিহাস সচল মহাসচিব হেমন্ত বি. মজুমদাদেৱৰ উপস্থিতিয়ে। তেখেতে আজিৰ সভাত লাচিত বৰফুকন আৰু তেজপুৰৰইতিহাস বিজড়িত সমলসমূহ সম্পর্কে অতি কৌশলপূৰ্ণ আৰু বুদ্ধিদীপ্ততাৰে সভাত উপস্থিত থকা শতাধিক অভিভাৱকৰ আগত বিশ্লেষণ দাঙি ধৰি অভিভাৱক আৰু ছাত্র-ছাত্রীসকলক বহু সময়লৈ মুগ্ধ কৰি ৰাখে৷ দুলাল চন্দ্র দাসে আঁত ধৰা এই অনুষ্ঠানটিৰ শোণিতপুৰ জিলা ইতিহাস সঞ্চালন সমিতিৰ সভাপতি ৰণেত মোহন ডেকা, উপসভাপতি নমী হাজৰিকা আৰু সম্পাদিকা চন্দনা দেৱী, সহ-সম্পাদক দুগ্ধ শ‍ইকীয়া,সাংগঠনিক সম্পাদক সুদর্শন চালু প্ৰচাৰ প্ৰমুখ ড০ নিৰঞ্জন দাস, কোষাধ্যক্ষ নয়ন কলিতা, দৰং মহাবিদ্যালয়ৰ অর্থনীতি বিভাগৰ মুৰব্বী অধ্যাপক প্ৰণৱজ্যোতি দাস, ইতিহাস আয়াম প্রমুখ চুণ্ডীৰাজ উপাধ্যায়কে ধৰি শতাধিক অভিভাৱক আৰু ছাত্ৰ যাত্ৰীৰ উপস্থিতিয়ে আজিৰ এই অনুষ্ঠান সাফল্যমণ্ডিত কৰি তোলে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More