শোণিতপুৰ জিলা কৃষি বিভাগৰ দৃষ্টান্তমূলক পদক্ষেপ 

২৬ গৰাকী কৃষকক সম্বৰ্ধনা 

0 6
শতাব্দ প্ৰতিনিধি তেজপুৰ, ১৮ অক্টোবৰঃ শোণিতপুৰ জিলা কৃষি বিভাগৰ উদ্যোগত আজি দিনৰ ২ বজাৰ পৰা তেজপুৰৰ নিকটৱৰ্তী পক্ষীয়াঝাৰ নামঘৰ প্ৰাঙ্গণত বৰ্ণাঢ্য  কার্যসূচীৰে‍ কাতি বিহু উদযাপন কৰা হয়। অনুষ্ঠানত পৰম্পৰাগতভাৱে তুলসী তলত চাকিৰ পোহৰেৰে আলোকিত কৰাৰ লগতে কৃষকৰ পথাৰত আকাশ বন্তি জ্বলোৱা কার্যসূচীও ৰূপায়ণ কৰা হয়। অনুষ্ঠানত তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা উপস্থিত থাকি কৃষি বিভাগে চৰকাৰী ভাবে ৰাইজৰ মাজত কাতি বিহুক প্ৰাসংগিক কৰি তোলাৰ এনে প্ৰয়াসৰ শলাগ লয়। আনহাতে শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰইও এই আয়োজনত উপস্থিত থাকি জিলাখনৰ প্ৰত্যেক কৃষি ৰাজহ চক্ৰৰ অন্তৰ্গত গাঁৱৰ ২৬ গৰাকী কৃষকক বিশেষ ভাবে সম্বৰ্ধনা জ্ঞাপন কৰে। জিলা কৃষি বিষয়া পংকজ শইকীয়াৰ আদৰণী ভাষণেৰে আৰম্ভ হোৱা আজিৰ এই কাতি বিহুৰ অনুষ্ঠানত জিলাখনৰ আদৰ্শ কৃষক হিচাপে পৰিগণিত তেজপুৰৰ কাবুল শৰ্মাৰ লগতে জিলাখনৰ বিভিন্ন কৃষি ৰাজহ চক্ৰৰ ক্ৰমে-নিৰ্মল নাথ, ঘনশ্যাম নাথ, দাদুল নাথ, নীৰেণ কুৰ্মী, যুগল নাথ, খগেন নাথ, মিনাৰাম সূত, কৃষ্ণ কান্ত নাথ, পৰম নাথ, ৰাজেন বড়ো, দাদুল নাথ, নুৰ হুছেইন, প্ৰাণজিৎ গগৈ, ৰমেশ কৈৰী, বলোৰাম গোৱালা, কমল কুমাৰী বড়ো, নন্দ গগৈ, জুনা ৰাজোৱাৰ, চুনু দাস, পুলিন কটকী, উপেন ৰাজোৱাৰ, পুলু দাস আৰু হেম বৰাক বিশেষ ভাবে সম্বৰ্ধনা জ্ঞাপন কৰে। এই অনুষ্ঠানতে কৃষকসকলক বিভাগীয় আঁচনিৰ সম্পৰ্কে সজাগতা সৃষ্টি কৰে জিলা কৃষি বিষয়াৰ লগতে অনান্য কৰ্মচাৰীসকলে। হিতাধিকাৰীসকলৰ মাজত কৃষি সামগ্রীও বিতৰণ কৰা এই দিনজোৰা অনুষ্ঠানৰ মাজতে বিয়লি স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলৰ মাজত কাতি বিহুক উপলক্ষ কৰি বিশেষ অনুষ্ঠান সম্পন্ন কৰে। আনহাতে সন্ধিয়া স্হানীয় কৃষক আৰু বিশিষ্ট ব্যক্তিৰ উপস্থিতিত তুলসী তলত বন্তি প্ৰজ্বলন, আকাশ বন্তি প্রজ্বলন ও প্ৰাৰ্থনা আৰু প্ৰসাদ বিতৰণেৰে অনুষ্ঠানৰ অন্ত পেলায়৷ সন্ধিয়াৰ অনুষ্ঠানটিত বিন্দুকুৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ৰূপেশ্বৰ শইকীয়াই ভাষণ প্ৰদান কৰি কৃষি বিভাগৰ এনে প্ৰয়াসৰ প্ৰশংসা কৰে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More