শোণিতপুৰ প্ৰেছ ক্লাবৰ সভাপতি সুভাষ চন্দ্ৰ বিশ্বাসক প্ৰসাদ সিং চুব্বা স্মৃতি সেৱা বঁটা প্ৰদান 

0 78

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তেজপুৰ, ১০ ছেপ্টেম্বৰ : তেজপুৰৰ বিশিষ্ট সাংবাদিক, অধিবক্তা, সমাজকৰ্মী, নেপালী সাপ্তাহিক ‘দেশ বাৰ্তা’ৰ কাৰ্যবাহী সম্পাদক তথা শোণিতপুৰ প্ৰেছ ক্লাবৰ সভাপতি সুভাস চন্দ্ৰ বিশ্বাসক আজি তেজপুৰত চেম্বাৰ অৱ কমাৰ্চৰ সভাগৃহত অনুষ্ঠিত এক অনুষ্ঠানত প্ৰসাদ সিং চুব্বাৰ ১১৬ তম জন্ম বাৰ্ষিকীৰ লগত সংগতি ৰাখি আয়োজন কৰা এক অনুষ্ঠানত২০২৩ বৰ্ষৰ বাবে “প্ৰসাদ সিং চুব্বা স্মৃতি সেৱা সন্মান বঁটা” প্ৰদান কৰা হয় । গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বিশিষ্ট অধিবক্তা সুভাষ চন্দ্ৰ বিশ্বাস সমাজ, সংবাদ মাধ্যম , আইনী ক্ষেত্ৰ আৰু সাহিত্য জগতৰ অপৰিসীম অৱদান থকা এক বিশিষ্ট ব্যক্তিত্ত্ব । তেজপুৰ চহৰৰ পৰা সুভাষ চন্দ্ৰ বিশ্বাসে তেওঁৰ পেছাৰ উপৰি ইউ এন আইকে ধৰি বহু ৰাষ্ট্ৰীয় আৰু স্থানীয় ইংৰাজী দৈনিক কাকতত সংবাদ সেৱাৰে অৰিহণা যোগাই আহিছে ।নেপালী ভাষা আৰু সাংবাদিকতাত বিশেষ ভূমিকা গ্ৰহণ কৰা তেজপুৰৰ পৰা প্ৰকাশিত নেপালী সাপ্তাহিক ‘দেশ বাৰ্তা’ৰ তেওঁ বৰ্তমান কাৰ্যবাহী সম্পাদক। যোৱা ১৯৮৯ চনৰ পৰা সুভাষ চন্দ্ৰ বিশ্বাসে নেপালী সাপ্তাহিকখনক জনপ্ৰিয় কৰি তোলাৰ লগতে অসম, নেপাল, পশ্চিম বংগ, মণিপুৰ, মিজোৰাম, ছিকিম আৰু দেৰাডুনত বৃহৎ সংখ্যক পাঠক সৃষ্টিৰে নেপালী ভাষা সাহিত্যৰ বাবে অহৰহ সংগ্ৰাম কৰি আহিছে। বৰ্তমান গুৱাহাটী-মালিগাঁও অঞ্চলৰ বাসিন্দা বিশিষ্ট সমাজকৰ্মী গৰাকীয়ে মালিগাঁও অঞ্চলৰ ৰাজহুৱা স্থানত বৃক্ষ ৰোপনৰ যোগেদি ধৰণী সেউজ কৰাৰ কাৰ্যক এক সামাজিক দায়বদ্ধতা ৰূপে পালন কৰি আহিছে । সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ শোণিতপুৰ জিলাৰ সভাপতি আৰু সম্পাদক দীপক চুব্বা আৰু হিতেশ পৰাজুলিয়ে জনোৱা মতে, বিশিষ্ট সমাজকৰ্মী তথা স্বাধীনতা সংগ্ৰামী প্ৰসাদ সিং চুব্বাই স্বাধীনতা আন্দোলন আৰু জাতি নিৰ্মাণ প্ৰক্ৰিয়াত আগবঢ়োৱা অতুলনীয় অৱদানৰ সোঁৱৰণত তেখেতৰ স্মৃতি ৰক্ষাৰ বাবে শোণিতপুৰ জিলা আগছুৱে বিগত ২০২০ চনত প্ৰসাদ সিং চুব্বাৰ স্মৃতিত এই বঁটাৰ সূচনা কৰিছিল ২০২০ চনৰ পৰা বিগত তিনিটা কাৰ্যকালত সমাজৰ প্ৰতি অপৰিসীম অৱদান থকা ব্যক্তিক এই বঁটা প্ৰদান কৰি আহিছে। উল্লেখ্য যে স্বাধীনতা সংগ্ৰামী প্ৰয়াত প্ৰসাদ সিং চুব্বা কৃষি- ব্যৱসায়ৰ ক্ষেত্ৰতো অতি আগৰণুৱা আছিল। সদৌ অসম গো-পালক সংস্থাৰ অন্যতম সক্ৰিয় সদস্য হিচাপে তেওঁ গাখীৰ উৎপাদন আৰু দুগ্ধ ব্যৱসায়ৰ জৰিয়তেও আত্মনিৰ্ভৰশীলতাৰ পথ প্ৰশস্ত কৰিবলৈ তেজপুৰ চহৰত এখন দুগ্ধ পাম স্থাপন কৰিছিল।আজিৰ এই বঁটা প্ৰদান অনুষ্ঠানত তেজপুৰৰ বিধায়ক পৃথিৰাজ ৰাভা, এমট্রনৰ উপাধ্যক্ষ ঋতুবৰণ শৰ্মাকে ধৰি তেজপুৰৰ একাংশ বিশিষ্ট ব্যক্তি আৰু আগছুৰ নেতৃবৃন্দই সাৰগৰ্ভ বক্তব্য ৰখাৰ লগতে বঁটা বিজয়ী সুভাষ চন্দ্ৰ বিশ্বাসে সমাজ সাংবাদিকতা সম্পৰ্কত যথেষ্ট গুৰুত্ব পূৰ্ণ মন্তব্য আগবঢ়ায় ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More