সংকল্প অনুসৰি নিজে সজা মন্দিৰত সাত বছৰৰ পাছত প্ৰৱেশ কৰিলে ৰাইজে
সুৰাৰ বিপনী স্হানান্তৰ নোহোৱা পৰ্যন্ত মন্দিৰত প্ৰৱেশ নকৰাৰ সংকল্প
শতাব্দ প্ৰতিনিধি তেজপুৰ ,১১ছেপ্টেম্বৰ: বিগত সাতবছৰে নিজে স্হাপন কৰা মন্দিৰলৈ নোযোৱাকৈ আছিল তেজপুৰৰ একাংশ লোক৷তেজপুৰৰ তিনিমাইলৰ চটাই চাপৰি অঞ্চলৰ এইসকল লোকে এই আৱাসিক অঞ্চলত সাতবছৰ পূৰ্বে স্হাপন কৰা এখন সুৰাৰ বিপনীৰ বাবেই এনেদৰে আনকি নিজে স্হাপন কৰা লোকনাথ বাবাৰ মন্দিৰো দৰ্শন কৰা নাছিল৷তেওঁলোকৰ এটাই সংকল্প আছিল যে যেতিয়া এই আৱাসিক অঞ্চলৰ পৰা সুৰাৰ বিপনীখন স্হানান্তৰিত হ’ব তেতিয়াহে তেওঁলোকে প্ৰৱেশ কৰিব এই মন্দিৰত৷ উল্লেখযোগ্য যে, সাত বছৰ পূৰ্বে ইয়াত স্হাপন হৈছিল ৰংগীলা নামৰ এক সুৰা বিপনী৷ৰাইজে ইয়াৰ বিৰুদ্ধে তীব্ৰ বিৰোধিতা কৰিছিল৷সকলো চৰকাৰী নিয়ম ভংগ কৰি স্হানীয় পঞ্চায়তে তেতিয়া ইয়াৰ বাবে আপত্তিবিহীন প্ৰমাণ পত্ৰ প্ৰদান কৰিছিল৷কিন্তু আৱাসিক অঞ্চলটোৰ পৰিবেশ বিনষ্ট কৰাৰ অভিযোগ তুলি ৰাইজে ইয়াত সুৰাৰ বিপনীখন স্হাপনৰ দুৰ্ঘোৰ আপত্তি কৰাৰ লগতে তীব্ৰ প্ৰতিবাদো সাব্যস্ত কৰিছিল৷ জীয়ৰী বোৱাৰী ওলাব নোৱৰা এটা পৰিৱেশৰ উদ্ভৱ হোৱা তথা সুৰাই অঞ্চলটোৰ বহু পৰিয়াললৈ বিপৰ্যয় নমাই অনাৰ অভিযোগৰে সেই স্হানৰ পৰা সুৰাৰ বিপনীখন স্হানান্তৰিত কৰাৰ বাবে বহুসংখ্যক পুৰুষ মহিলাই শোণিতপুৰৰ তদানীন্তন উপায়ুক্ত তথা আৱকাৰী অধীক্ষকৰ ওচৰলৈ তাতবাটি কৰিলেও ৰাইজক তেওঁলোকে গুৰুত্বই প্ৰদান নকৰিলে৷এনে অৱস্থাতো বিপনী খন চুবুৰীটোত থকাৰ বিৰুদ্ধে স্হানীয় ৰাইজে দীৰ্ঘদিন ধৰি বিৰোধিতা কৰি আহিছিল আৰু এই বিষয়ে সবিশেষ সংবাদমাধ্যমতো প্ৰকাশ পাইছিল৷ৰাইজৰ দাবী আছিল যে চৰকাৰে অনুজ্ঞাপত্ৰ দিলেও সুৰাৰ বিপনীখন আৱাসিক অঞ্চলৰ পৰা নিলগলৈ স্হানান্তৰিত হওঁক৷কিন্তু এই সকলো দাবীকে শোণিতপুৰৰ তদানীন্তন উপায়ুক্ত মনোজ ডেকা আৰু আৱকাৰী অধীক্ষক হেমাংগ শইকীয়াই উপেক্ষা কৰা বুলি প্ৰকাশ কৰে ৰাইজে৷ইয়াৰ পাছতে তেজপুৰৰ যুৱ অধিবক্তা নয়ন শৰ্মাৰ পৰামৰ্শ অনুসৰি ৰাইজে গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন ৰীত আবেদন দাখিল কৰে আৰু উচ্চ ন্যায়ালয়ে এই সুৰাৰ বিপনী চটাইচাপৰিৰ আবাসিক অঞ্চলৰ পৰা স্হানান্তৰৰ নিৰ্দেশ দিয়ে৷তেতিয়া সুৰা বিপনী স্হানান্তৰৰ বাবে ইয়াৰ গৰাকীয়ে সময় বিচাৰে আৰু ন্যায়ালয়ে ৩১আগষ্টত সুৰাৰ বিপনীখন স্হানান্তৰৰ বাবে সময়সীমা নিৰ্দ্দিষ্ট কৰি দিয়ে৷কিন্তু তিনিমাইলৰ ব্যৱসায়ীক স্হানলৈ সুৰাৰ বিপনীখন স্হানান্তৰৰ বাবে প্ৰয়োজনীয় গৃহ নিৰ্মাণৰ কাম সম্পূৰ্ণ নোহোৱাত ১০ছেপ্টেম্বৰলৈকে সময় লয় স্হানান্তৰৰ বাবে৷সেই অনুসৰি আজি এই বিপনীখন চটাইচাপৰিৰ পৰা স্হানান্তৰ হোৱাত দীৰ্ঘদিনে যুঁজি থকা ৰাইজ উৎফুল্লিত হৈ পৰে৷ৰাইজে আজি এইক্ষেত্ৰত শোণিতপুৰৰ বৰ্তমানৰ আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাৰ ভূমিকাকো প্ৰশংসা কৰি কয় যে আদালতৰ নিৰ্দেশৰ পাছতো একাংশ চৰকাৰী বিষয়াই ৰাইজৰ দাবীক গুৰুত্ব দিয়া নাছিল য’দিও আৰক্ষী অধীক্ষক গৰাকীয়ে বিষয়টো যথেষ্ট গুৰুত্ব সহকাৰে গ্ৰহণ কৰে৷আজি এইসকল লোকে প্ৰকাশ কৰে যে পূৰ্বে ৰাইজে আপত্তি কৰা ৰ পিছত তদন্ত কৰিবলৈ অহা চৰকাৰী প্ৰতিনিধিয়ে আনকি ৰাইজক দুৰ্ব্যৱহাৰহে কৰিছিল৷সুৰাৰ বিপনীখন আৱাসিক অঞ্চলটোৰ পৰা স্হানান্তৰ কৰাৰ বাবে দাবী জনোৱাৰ পৰিপ্ৰেক্ষিতত ৰাইজে বহু অবাঞ্চিত পৰিস্থিতি আৰু ষড়যন্ত্ৰৰো সন্মুখীন হ’ব লগীয়া হৈছিল৷এনে অৱস্থাত বৰ্তমান সুৰাৰ বিপনীখন স্হানান্তৰিত হোৱাত ৰাইজে অধিবক্তা গোস্বামীক সম্বৰ্দ্ধনা জনোৱাৰ লগতে আন দুজন সমাজকৰ্মী তথা অধিবক্তা মনোৰঞ্জন সাহা আৰু অনুপম নাথকো সম্বৰ্দ্ধনা জনাই৷ৰাইজে সংবাদমাধ্যমৰ প্ৰতিও কৃতজ্ঞতা প্ৰকাশ কৰি আজি সন্ধিয়া সদলবলে সাতবছৰে প্ৰৱেশ নকৰা মন্দিৰত প্ৰৱেশ কৰি হুকহুকাই কান্দি উঠে৷ৰাইজে কয় যে সুৰাই অঞ্চলটোত কেনে বিৰূপ প্ৰভাৱ পেলাইছিল সেয়া কল্পনাৰো অগোচৰ আছিল৷বহু পৰিয়াললৈ বিপৰ্যয় নামি আহিছিল আৰু দিনতে কমবয়সীয়া ল’ৰাৰ হাতত সুৰাৰ বটল দেখাটো এক সাধাৰণ ঘটনা হৈ পৰিছিল৷এনে অৱস্থাত ৰাইজে মাত্ৰ সুৰাৰ বিপনীখন আৱাসিক অঞ্চলটোৰ পৰা স্হানান্তৰৰ বাবেহে দাবী জনাই সুদীৰ্ঘ সাতবছৰে নানা যন্ত্ৰণা সহ্য কৰিব লগীয়া হৈছিল৷ৰাইজে আজি মন্দিৰত প্ৰৱেশ কৰি শংখ ঘন্টা বজাই অঞ্চলটোত যাতে পুনৰাই সুৰাই অশান্তিৰ সৃষ্টি নকৰে তাৰ বাবে প্ৰাৰ্থনা জনায়।