অৱশেষত পিছুৱাইছে পুটিন!

ৰাছিয়াৰ মুখত ছাই সানি জয়ী হ'ব নেকি ইউক্ৰেইন?

0 11
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১২ ছেপ্টেম্বৰ : ইউক্ৰেইনৰ পূব প্ৰান্তত ৰাছিয়ান সেনাৰ বিৰুদ্ধে তীব্ৰ প্ৰতি আক্ৰমণ চলাইছে ইউক্ৰেইনৰ বাহিনীয়ে। এনে অৱস্থাত ৰাছিয়াই খাৰকিভৰ পূব অংশৰ পৰা নিজৰ সৈন্য প্ৰত্যাহাৰ কৰাৰ চিন্তা কৰিছে। ইতিমধ্যে ইউক্ৰেইনৰ সৈন্যৰ প্ৰচণ্ড আক্ৰমণৰ সন্মুখীন হৈ খাৰকিভৰ কেইবাটাও অঞ্চল নিয়ন্ত্ৰণ হেৰুৱাই পেলাইছে ৰাছিয়াই। কিয়েভে দাবী কৰিছে যে তেওঁলোকে এই মাহত নিজৰ দেশৰ পূব অংশৰ ৩ হাজাৰ বৰ্গ কিলোমিটাৰতকৈ অধিক ভূখণ্ড ৰাছিয়াৰ বাহিনীৰ পৰা মুক্ত কৰিছে। ইউক্ৰেইনৰ জেনেৰেল ভেলেৰী জালুজনীয়ে ছ’চিয়েল মিডিয়াত এক বিবৃতিত কয় যে ছেপ্টেম্বৰৰ আৰম্ভণিৰ পৰা তিনি হাজাৰতকৈ অধিক কিলোমিটাৰ ইউক্ৰেইনৰ বাহিনীৰ নিয়ন্ত্ৰণত পৰিছে। তেওঁ কয়— “আমি আমাৰ অগ্ৰগতি খাৰকিভৰ আশে-পাশে ধৰি ৰাখিলোঁ।” কেৱল দক্ষিণ বা পূব অঞ্চলতে নহয়, উত্তৰ অঞ্চলতো ৰাছিয়াৰ সৈন্যই পিছুৱাই যাবলৈ সক্ষম হৈছে। পূব ডনেস্কৰ কিছু অঞ্চলত তীব্ৰ যুদ্ধৰ সন্মুখীন হৈছে ৰাছিয়াৰ সৈন্য। ইউক্ৰেইনৰ এজন বিষয়াই জনোৱা মতে কিয়েভৰ সৈন্য পূবৰ চহৰ লিচিচানস্কৰ ওচৰ চাপিছে। যোৱা জুলাই মাহত তীব্ৰ যুদ্ধৰ অন্তত ৰাছিয়াৰ সৈন্যই লিচিচানস্ক দখল কৰিছিল। কিছুদিন পূৰ্বে ৰাছিয়াই সৈন্য প্ৰত্যাহাৰৰ ঘোষণা আৰু কিয়েভে কুপিয়ানস্ক চহৰ মুক্ত কৰাৰ দাবীত যুদ্ধৰ প্ৰেক্ষাপটত এক বৃহৎ পৰিৱৰ্তনৰ আভাস পোৱা গৈছিল। ২৪ ফেব্ৰুৱাৰীত ৰাছিয়াৰ সেনাই ইউক্ৰেইনত আক্ৰমণ আৰম্ভ কৰিছিল। তেতিয়াৰ পৰাই পূব ইউক্ৰেইনত হোৱা যুদ্ধত তেওঁলোকে আধিপত্য বিস্তাৰ কৰিছে। অৱশ্যে ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে এজিউম আৰু কুপিয়ানস্কৰ পৰা সেনা প্ৰত্যাহাৰ কৰা বুলি প্ৰকাশ কৰিছে। ডনেস্কত যুঁজি থকা বাহিনীৰ শক্তি বৃদ্ধিৰ বাবে বালাকলিয়া চহৰৰ পৰা সৈন্য স্থানান্তৰ কৰাৰ কথাও বিবেচনা কৰিছে। ইউক্ৰেইনৰ বিশেষ বাহিনীয়ে ছ’চিয়েল মিডিয়াত কুপিয়ানস্ক মুক্ত কৰাৰ ফটো প্ৰকাশ কৰাৰ পিছতে ৰাছিয়াৰ সৈন্য প্ৰত্যাহাৰৰ খবৰ আহিছে। কিয়েভে দাবী কৰিছে যে খাৰকিভৰ দুখন চহৰো মুক্ত কৰা হৈছে। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ জেলেনস্কিয়ে ১০ ছেপ্টেম্বৰত এই কথা দাবী কৰে। তেওঁ কয়— “শেষ দিনত ৰাছিয়াৰ সৈন্য পিছুৱাই গৈছে। ইউক্ৰেইনত দখলদাৰী বাহিনীৰ কোনো স্থান নাই।” দীঘলীয়া প্ৰস্তুতি আৰু দীঘলীয়া যুঁজৰ শেষত শক্তিশালী ৰাছিয়া খালী হাতে ঘূৰি আহিব নেকি? নে, তেওঁলোকে আন এটা পৰিকল্পনা লৈ যুদ্ধক্ষেত্ৰলৈ উভতি যাব? এই প্ৰশ্নসমূহৰ উত্তৰ সময়েহে দিব।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More