ছাইন ইন / যোগদান
ছাইন ইন
পাছৱৰ্ড ৰিক’ভাৰ কৰক.
A password will be e-mailed to you.
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১ অক্টোবৰঃ ন্যূনতম সমৰ্থিত দামত ধান ক্ৰয়ৰ সময়সীমা শেষ হ’ল যদিও ৰাজ্য চৰকাৰে ঘোষণা কৰা অনুসৰি ১০ লাখ মেট্রিকটন ধান ক্ৰয়ৰ লক্ষ্যত উপনীত হোৱাত ব্যৰ্থ হ’ল। চলিত বৰ্ষৰ ধান ক্ৰয়ৰ সময়সীমা ৩০ ছেপ্টেম্বৰত অন্ত পৰাৰ লগে লগে আজিৰ পৰা আৰম্ভ হৈছে পুনৰ ধান ক্ৰয়ৰ প্ৰক্ৰিয়া। এই সন্দৰ্ভত আজি গুৱাহাটীৰ প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত খাদ্য আৰু অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্রী ৰণজিত কুমাৰ দাসে এখন সংবাদমেল সম্বোধন কৰে। তেওঁ কয় যে আজিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ ৰাজ্যত ধান ক্ৰয় কৰা প্ৰক্ৰিয়া আৰম্ভ হৈছে। অন্ত পৰা বছৰটোত ৰাজ্য চৰকাৰে প্রতি কুইণ্টলত ন্যূনতম সমর্থিত দাম ১৯৪০ টকাত ৫,৬৫,২৭৮ মেট্রিকটন ধান ক্ৰয় কৰিবলৈ সক্ষম হয়। টাৰ্গেট আছিল ১০,০৩,২০০ মেট্ৰিক টন। ছটা এজেঞ্চিয়ে লক্ষ্যৰ ৫৬.৩৫ শতাংশ ধান ক্ৰয় কৰিবলৈ সক্ষম হ’ল। ইয়াৰ ভিতৰত নিৰ্ধাৰিত লক্ষ্যৰ ওপৰত গৈ অসম খাদ্য আৰু অসামৰিক যোগান নিগম লিমিটেডে ( এ এফ চি এছ চি এল) ১০০.৩৭ শতাংশ ধান ক্ৰয় কৰিবলৈ সক্ষম হয়। ইয়াৰ বিপৰীতে অসম ৰাজ্যিক কৃষি বিপণন পৰিষদে (এ এছ এ এম বি) ৯১.৬০ শতংশ, এফ চি আয়ে ৪৩.৪৫ শতাংশ, নাকফে ৪৭.৫০ শতাংশ, নাফেডে ৩৬.৫৭ শতাংশ আৰু এন চি চি এফে ৪০.৬৫ শতাংশ ধান ক্ৰয় কৰে। ৰাজ্য চৰকাৰৰ অধীনৰ দুটা প্ৰতিষ্ঠানে লক্ষ্যত উপনীত হোৱাৰ বিপৰীতে বাকী প্ৰতিষ্ঠান কেইটাই লক্ষ্যৰ আধা ধানো ক্ৰয় কৰিবলৈ সক্ষম নহ’ল। মন্ত্রীগৰাকীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে ধাৰ্য কৰা অনুসৰি এইবাৰ ন্যূনতম সমৰ্থিত ২০৪০ টকা দৰত ধান ক্ৰয় কৰা হ’ব। তেওঁ কৃষক ৰাইজৰ বাহিৰত বিক্ৰী নকৰি চৰকাৰৰ ছটা প্ৰতিষ্ঠানক ধান বিক্ৰী কৰি চৰকাৰী সুবিধা গ্ৰহণৰ বাবে আহ্বান জনায়। কৃষকে যিমান ধান দিলেও চৰকাৰে ক্ৰয় কৰিবলৈ সমৰ্থ বুলি উল্লেখ কৰি তেওঁ কয় যে মিল আৰু গুদামৰ বাবে চৰকাৰে ৰাজ্যসাহায্য দিয়াৰ বাবে ১৬১ কোটি টকা দিছে। গুদাম আৰু মিলৰ বাবে ৪০ লাখ টকা ৰাজসাহায্য দিয়াৰ ব্যৱস্থা কৰা হৈছে। ৩০ ছেপ্টেম্বৰত সমাপ্ত হোৱা বৰ্ষটোত ন্যূনতম সমৰ্থিত দামত ধান ক্ৰয়ৰ পৰিমাণ কম হোৱা সন্দৰ্ভত তেওঁ কয় যে কৃষকে এতিয়াও ধান বিক্ৰীৰ বাবে আগবাঢ়ি অহা নাই। ইয়াৰ কাৰণ হিচাপে তেওঁ কয় যে বহুসময়ত কৃষকে ধনৰ অভাৱত কঠিয়া ৰোৱাৰ সময়তেই আগতিয়াকৈ ধান বিক্ৰী কৰে। আনহাতে কৃষকৰ মাজত সজাগতাৰো অভাৱ আছে বুলি তেওঁ কয়। এতিয়ালৈকে ৰাজ্যৰ ১,২০,১১৩ গৰাকী কৃষকে নিজৰ নাম পঞ্জীয়ন কৰিছে বুলি উল্লেখ কৰি তেওঁ কয় যে এই সংখ্যা আৰু বৃদ্ধিত গুৰুত্ব দিয়া হৈছে। মন্ত্রীগৰাকীয়ে কয় যে আজিৰ পৰা আৰম্ভ হোৱা বৰ্ষটোত ১০ লাখ মেট্ৰিক টন ধান ক্ৰয়ৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। ইয়াৰ বাবে অসম খাদ্য আৰু অসামৰিক যোগান নিগম লিমিটেডক ৪ লাখ, অসম ৰাজ্যিক কৃষি বিপণন পৰিষদক (এ এছ এ এম বি) ৪ হাজাৰ, এফ চি আইক ৪ লাখ, নাকফক ৫২ হাজাৰ, নাফেডক ১.২২ লাখ আৰু এন চি চি এফক ২২ হাজাৰ মেট্ৰিক টন ধান ক্ৰয়ৰ লক্ষ্য দিয়া হৈছে। ছটা প্ৰতিষ্ঠানৰ মুঠ ধান ক্ৰয়ৰ কেন্দ্ৰ হৈছে ১৭৬ টা। ইয়াৰ ভিতৰত অসম খাদ্য আৰু অসামৰিক যোগান নিগম লিমিটেডৰ ৫৯ টা, অসম ৰাজ্যিক কৃষি বিপণন পৰিষদৰ (এ এছ এ এম বি) ১৩ টা, এফ চি আইৰ ৬০ টা, নাকফৰ ১৩ টা, নাফেডৰ ২৪ আৰু এন চি চি এফৰ ৭ টা কেন্দ্ৰ আছে। মন্ত্রীগৰাকীয়ে লগতে কয় যে ৰাজ্য চৰকাৰে ২০২৬ চনত ২৪ লাখ মেট্ৰিক টন ধান ক্ৰয় কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। সংবাদমেলত কেইবাগৰাকী বিভাগীয় শীৰ্ষ বিষয়া উপস্থিত আছিল।