উত্তৰ লখিমপুৰ ২০ জুন: লখিমপুৰ সচেতন নাগৰিক সমাজৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসটি লখিমপুৰ বাণিজ্য মহাবিদ্যালয় প্ৰাঙ্গণত ১৯ জুনত দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায়। কাৰ্যসূচী অনুসৰি আগবেলা পাব্লিক বাছ ষ্টেণ্ড, আদৰ্শ হোটেলৰ দাঁতিত বৃক্ষ ৰোপন কৰে। পাছবেলা বন্তি প্ৰজ্বলন, স্মৃতি তৰ্পনৰ পাছত লখিমপুৰ সচেতন নাগৰিক সমাজৰ সভাপতি বিদ্যাধৰ গোহাঁইৰ সভাপতিত্বত অনুষ্ঠিত আলোচনা চক্ৰখনিত আদৰণি অভিভাষণ আগবঢ়াই আঁত ধৰে অসম বহু ভাষিক কবি সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি ৰূপজ্যোতি দত্ত কোচে। “লখিমপুৰ নগৰৰ সমস্যাৰাজি আৰু সামাধানৰ উপায়” ৰ্শীষক আলোচনা চক্ৰখনি উদ্বোধনী ভাষণ আগবঢ়াই লখিমপুৰ নগৰৰ বিভিন্ন সমস্যাৰাজিৰ সন্দৰ্ভত তথ্য সমৃদ্ধ বক্তব্য ৰাখে লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা জ্যেষ্ঠ শিক্ষাবিদ ড০ কুসুম্বৰ ভূঞাই। আলোচনা চক্ৰখনিত আলোচক ৰূপে অংশ গ্ৰহণ কৰি লখিমপুৰ নগৰৰ সমস্যা আৰু সামাধানৰ উপায়” সম্পৰ্কত ভাষণ ৰাখি পুংখানুপুংখভাৱে পৰ্যালোচনাৰে তথ্য ভিত্তিত গৱেষণামূলক মূল্যবান পৰামৰ্শ দি সামাধানৰ উপায় আগবঢ়ায় বিশিষ্ট সমাজ সেৱক উদয় শংকৰ হাজৰিকাই। লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ লোহিত হাজৰিকাই আলোচক হিচাপে অংশ গ্ৰহণ কৰি সাৰগৰ্ভ ভাষণেৰে সৎ দিহা-পৰামৰ্শৰে নগৰখনৰ সমস্যাৰাজি সন্দৰ্ভত সমাধানসূত্ৰ আগবঢ়ায়। আলোচনা চক্ৰ খনিত লখিমপুৰৰ বিশিষ্ট শিক্ষাবিদ ড০ হামিদুৰ ৰহমান, গোলাপী বৰা, উপেন বৰুৱা, ডিম্বেশ্বৰ হাজৰিকা, কুসুম হাজৰিকা, ৰেণু বৰাই বক্তব্য ৰাখি উত্তৰ লখিমপুৰ নগৰৰ সমস্যাৱলী আৰু সমাধানৰ উপায় সন্দৰ্ভত ভালেকেইটা সমস্যাৰ ক্ষেত্ৰত মূল্যবান পৰামৰ্শ আগবঢ়ায়। লখিমপুৰ জিলাৰ ভালেকেইগৰাকী গণ্য মান্য ব্যক্তি উপস্থিত থকা লখিমপুৰ সচেতন নাগৰিক সমাজৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসটি আৰু আলোচনা চক্ৰখনিত বহু কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণেৰে প্ৰস্তাৱ গৃহীত কৰে। দীপা দাস হাজৰিকাৰ নেতৃত্বাধীন দলটিয়ে ৰাভা সংগীত পৰিৱেশন কৰা সভাখনত লেখক গণেশ ভূঞাই শলাগৰ শৰাই আগবঢ়ায়। লখিমপুৰ জিলা সচেতন নাগৰিক সমাজৰ সমূহ বিষয়ববীয়া, সদস্য-সদস্যা ক্ৰমে শশীধৰ দেউৰী, শশী খাউণ্ড, গকুল কুমাৰ দাস, ৰেখা শৰ্মা হাজৰিকা, ৰুণী হাজৰিকা, বিপুল দত্ত, ৰামনাথ হাজৰিকা, ক্ষীৰোদ বড়া, ভজন দেৱনাথ, ফুলচান্দ দেৱান, দিব্যৰঞ্জন দাসকে আদি কৰি বহু কেইবাগৰাকী শুভাকাংক্ষী, বয়োজ্যেষ্ঠ নাগৰিকে অংশগ্ৰহণ কৰা সভাখনিত সভাপতিৰ মন্তব্যৰ অন্তত জাতীয় সংগীতেৰে সামৰণি পৰে।
ছাইন ইন / যোগদান
ছাইন ইন
পাছৱৰ্ড ৰিক’ভাৰ কৰক.
A password will be e-mailed to you.