সপোন
মলয়া ভট্টাচাৰ্য
মোৰ যাত্ৰাপথ কাঁইটেৰে আবৰা
তথাপি হাঁহি হাঁহি আগুৱাওঁ
দুহাতেৰে আঁতৰাই কাঁইট
শুভ্ৰ দলিচাত প্ৰেম কাৰাৰুদ্ধ
সোণালী শৈশৱত দুখৰ হুমুনিয়াহ
সপোনে পোখা মেলে তাতেই
কল্পনাৰ কোলাত উঠি লালিত পালিত হয়
হেঁপাহৰ সপোনবোৰ
স্মৃতিৰ বালিচৰত টোপ্ টোপকৈ সৰে
এৰি অহা দিনৰ জোনাক
জয়াল আন্ধাৰত হেৰাই যায়
ডঁৰিয়লিত জিলিকি উঠা প্ৰতিচ্ছবি।