সমকামী ব্যক্তিৰ বিবাহৰ অধিকাৰক বৈধ বুলি স্বীকৃতি প্ৰদান নকৰিবলৈ দেশৰ ৰাষ্ট্ৰপতিলৈ তেজপুৰৰ দুই মহিলা সংগঠনৰ স্মাৰক পত্ৰ প্ৰেৰণ 

0 9
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২৭ এপ্ৰিল : ভাৰতৰ সন্মানীয় উচ্চতম ন্যায়ালয়ে সমকামী ব্যক্তিৰ বিবাহৰ অধিকাৰক বৈধ বুলি মান্যতা দিবলৈ যি সিদ্ধান্ত গ্ৰহণৰ প্ৰস্তুতি চলাইছে সেই তৎপৰতাত বিচলিত হৈ তেনে আইনী স্বীকৃতি প্ৰদান নকৰিবৰ বাবে কেতবোৰ গুৰুত্বপূৰ্ণ প্ৰশ্নৰ অৱতাৰণা কৰি কালি শোণিতপুৰৰ উপায়ুক্তৰ জৰিয়তে দেশৰ ৰাষ্ট্ৰপতিলৈ তেজপুৰৰ দুটাকৈ সংগঠনে এখন স্মাৰক পত্ৰ প্ৰেৰন কৰিছে। তেজপুৰৰ মহিলাৰ অনুষ্ঠান “সংস্কৃতা” আৰু সৰস্বতী সেৱা ন্যাসে পৃথকে পৃথকে শোণিতপুৰৰ অতিৰিক্ত উপায়ুক্ত দ্যোতিভা বৰাৰ হাতত ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰা স্মাৰক পত্ৰ দুখনত স্পষ্ট ভাৱে উল্লেখ কৰিছে যে, ভাৰতবৰ্ষ বিভিন্ন ধৰ্ম, জাতি, উপজাতিৰ দেশ৷ ই যুগ যুগ ধৰি কেৱল এজন জৈৱিক পুৰুষ আৰু এগৰাকী জৈৱিক নাৰীৰ মাজত বিবাহক স্বীকৃতি দি আহিছে৷ বিবাহ ব্যৱস্থাটো কেৱল দুটা বিপৰীত লিংগৰ মিলন নহয়, ই মানৱ জাতিৰ বিকাশৰ সুত্ৰও৷ ‘‘বিবাহ’’ শব্দটোৰ সংজ্ঞা বিভিন্ন পৰম্পৰা, নিয়ম, কাৰ্য্যপদ্ধতিৰে লিপিবদ্ধ৷ সকলো ধৰ্মতে বিবাহে পিবৰীত লিংগৰ মাত্ৰ দুজন ব্যক্তিৰ বিবাহক বুজায়৷ বিবাহক দুটা ভিন্ন লিংগৰ পবিত্ৰ মিলন হিচাপে স্বীকৃতি দি ভাৰতৰ সমাজখন বিকশিত হৈছে৷ ই পশ্চিমীয়া দেশসমূহৰ দৰে প্ৰিয় দুটা পক্ষৰ মাজত হোৱা চুক্তি বা সন্মতি নহয়৷ ভাৰতবৰ্ষ আজি সামাজিক, অৰ্থনৈতিক ক্ষেত্ৰত বহু প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে৷ দেশৰ নাগৰিকসকলৰ বিভিন্ন মৌলিক সমস্যা যেনে দৰিদ্ৰতানিৰাময়, বিনামূলীয়া শিক্ষা ৰূপায়ণ, প্ৰদূষণমুক্ত পৰিৱেশৰ অধিকাৰ, জনসংখ্যা নিয়ন্ত্ৰণৰ সমস্যা আদিত ভুগি আছে৷ সমগ্ৰ দেশৰ জনসংখ্যাক প্ৰভাৱিত কৰা এই গুৰুত্বপূৰ্ণ সমস্যাসমূহৰ সম্পৰ্কত ভাৰতৰ উচ্চতম ন্যায়ালয়েই নহয় কোনেও তৎপৰতা দেখুওৱা নাই৷ আনকি তেনে কোনো ন্যায়িক সক্ৰিয়তাও সচেতন মহলে দেখা নাই৷ তেনে পৰিস্থিতিত মাননীয় উচ্চতম ন্যালয়ে এই বিষয়টোৰ সম্পৰ্কত বিবেচনা কৰা আৰু তৎকাল সিদ্ধান্ত লোৱাৰ কোনো বিশেষ প্ৰয়েজন নিশ্চয় নাই। স্মাৰক পত্ৰখনত আৰু উল্লেখ কৰিছে যে, ভাৰতবৰ্ষত ‘‘বিবাহ’’ৰ ঐতিহ্যপূৰ্ণ তাৎপৰ্য আছে৷ সময়ৰ গতিত পৰম্পৰা আৰু আপোন অস্তিত্ব ৰক্ষাৰে সমাজত স্থিতি লোৱা এই শক্তিশালী ব্যৱস্থাক দুৰ্বল কৰিব খোজা যিকোনো প্ৰয়াসক সমাজে তীব্ৰ বিৰোধিতা কৰিব৷ ভাৰতীয় সংস্কৃতি, সভ্যতা যুগ যুগ ধৰি নিৰন্তৰ আক্ৰমণৰ বলি হৈ আহিছে৷ তথাপিও বহু বাধাৰ মাজতো ই জীয়াই আছে৷ এতিয়া স্বাধীন ভাৰতত ইয়াৰ সাংস্কৃতিক শিপাৰ ওপৰত পশ্চিমীয়া ধাৰণা, দৰ্শন আৰু আচাৰ-ব্যৱহাৰ জাপি দি অস্তিত্ব বিনাশ কৰিব খোজা প্ৰচেষ্টা ভাৰতীয়ই কেতিয়াও মানি ল’ব নোৱাৰে৷ ভাৰতৰ উচ্চতম ন্যায়ালয়ে ইতিমধ্যে নালচা [২০১৪], নৱতেজ জোহৰ গোচৰত [২০১৪] গোচৰত সমকামী আৰু হিজড়াৰ অধিকাৰ সুৰক্ষিত কৰিছে৷ ইয়াৰ দ্বাৰা এই সম্প্ৰদায়টো সামগ্ৰিকভাৱে, তেওঁলোকে দাবী কৰা ধৰণে নিপীড়িত বা অসমান নহয়৷ ইয়াৰ বিপৰীতে ভাৰতৰ আন আন পিছপৰা জাতিবোৰক এতিয়াও জাতিৰ ভিত্তিত শোষণ আৰু বঞ্চিত কৰা হৈছে, যিসকলে এতিয়াও নিজৰ অধিকাৰৰ বাবে সন্মানীয় উচ্চতম ন্যায়ালয়ৰ ৰায় তওঁলোকৰ পক্ষত হোৱালৈ অপেক্ষা কৰি আছে৷ এনে পৰিস্থিতিত সমলিংগ বিবাহক আইনী স্বীকৃতিৰ দাবী এটা বিধিগত অধিকাৰ হ’ব পাৰে, কিন্তু ই মৌলিক অধিকাৰ নহয়, যিটো ভাৰতৰ সংসদে আইন প্ৰণয়নৰ জৰিয়তেহে সুৰক্ষিত কৰিব পাৰে৷ইতিমধ্যে বিধ্যায়িনী দলে ওপৰৰ ৰায়দানৰ ভিত্তিত কাম কৰি হিজড়া ব্যক্তি [অধিকাৰ সুৰক্ষা] আইন ২০১৯ প্ৰণয়ন কৰিছে আৰু সেয়েহে এই সম্প্ৰদায়টোৱে তেওঁলোকৰ বিৰুদ্ধে বৈষম্য কৰা হৈছে আৰু মৌলিক অধিকাৰৰ পৰা তেওঁলোকক বঞ্চিত কৰা হৈছে বুলি যি অভিযোগ আনিছে সেয়া সম্পূৰ্ণ অসত্য৷ এনে প্ৰতিজন ব্যক্তিৰ অধিকাৰ বিধায়িনী দলে নিৰীক্ষণ আৰু সুৰক্ষিত কৰি আছে৷ উক্ত আইনখন প্ৰণয়নৰ পিছত উক্ত সম্প্ৰদায়ৰ ব্যক্তিসকলৰ বিশেষ বিবাহ আইন, ১৯৫৪ ৰ অধীনত তেওঁলোকৰ বিবাহ পঞ্জীয়ন আৰু স্বীকৃতি দিয়াৰ যি দাবী তেওঁলোকে কৰিছে সেই দাবী কৰাৰ মৌলিক অধিকাৰ তেওঁলোকৰ নাই বুলি উল্লেখ কৰি এই বিশেষ সম্প্ৰদায়টোৱে ১৯৫৪ চনৰ বিশেষ বিবাহ আইনখনৰ অধীনত অধিকাৰ সৃষ্টি কৰিব বিচাৰিছে, আনহাতে উক্ত আইনখন কেৱল জৈৱিক পুৰুষ আৰু মহিলাৰ ক্ষেত্ৰতহে প্ৰযোজ্য, গতিকে কোনো ব্যৱস্থা আঁতৰোৱা অথবা বৃদ্ধি কৰাৰ কোনো উপায় ইয়াত নাই৷ উক্ত আইনখন [বিধান]ক নতুন ধৰণেৰে পুনৰ লিখিলে, নিশ্চিতভাৱে আৰু স্পষ্টভাৱে, বিধায়িনী দলৰ পৰা আইন প্ৰণয়নৰ ক্ষমতা কাঢ়ি লোৱা বুলি গণ্য কৰা হ’ব৷ বিবাহ হৈছে ভাৰতীয় সংবিধানৰ ২৪৬ নং অনুচ্চেদৰ অধীনত নিজ দক্ষতাৰে যোগ্য বিধায়িনী দলে সৃষ্টি কৰা, আইনগতভাৱে স্বীকৃতি দিয়া আৰু সামাজিক ভাৱে নিয়ন্ত্ৰীত এক আইনী ব্যৱস্থা৷ ‘‘বিবাহ’’ৰ দৰে মানৱ সম্পৰ্কৰ স্বীকৃতি মূলতঃ এক আইনগত কাৰ্য্য৷ আদালতে বিধায়িনী দলে ‘‘বিবাহ’’ নামৰ এই চিৰাচৰিত ব্যৱস্থাটোৰ সুনিৰ্দিষ্ট ৰূপটো ন্যায়িক ব্যাখ্যাৰ দ্বাৰা ধ্বংস কৰিব নোৱাৰে অথবা ইয়াৰ নতুন ৰূপ সৃষ্টি কৰিব নোৱাৰে আৰু নতুনকৈ স্বীকৃতিও দিব নোৱাৰে বুলি স্পষ্ট ভাৱে উল্লেখ কৰি এই স্বীকৃতি প্ৰদান নকৰিবৰ বাবে ৰাষ্ট্ৰপতি গৰাকীক প্ৰাৰ্থনা জনোৱা ঘটনাই স্বাভাৱিকতে চৰ্চা লাভ কৰিছে। উল্লেখ্য যে, স্মাৰক পত্ৰখনত “সংস্কৃতা” ৰ সভানেত্ৰী অৰুণিমা শৰ্মা, সম্পাদক অলকা শৰ্মাৰ লগতে ১০ গৰাকী সদস্যাই স্বাক্ষৰ প্ৰদান কৰাৰ বিপৰীতে “সৰস্বতী সেৱা ন্যাস” ৰো ১৫ গৰাকী সদস্যাই স্বাক্ষৰ প্ৰদান কৰিছে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More