“সমষ্টি নিৰ্ধাৰণত বিজেপিৰ ৰাজনৈতিক স্বাৰ্থ জড়িত”–মাণিক সৰকাৰ

তেজপুৰত ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ সংবাদমেল

0 42

মণিপুৰ চৰকাৰক ভংগ কৰিব লাগেঃ বিৰোধী ঐক্যকলৈ আশাবাদী

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তেজপুৰ,২১জুনঃ “ৰাজ্যত এনে কি পৰিস্থিতিৰ উদ্ভৱ হ’ল যে,বৰ্তমান ঠিক লোকসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যত সমষ্টিৰ পুনৰ নিৰ্দ্ধাৰণ কৰিব লগীয়া হ’ল? অসমততো কাশ্মীৰৰ দৰে পৰিস্থিতি উদ্ভৱ হোৱা নাই৷ এয়া সকলো কৰা হৈছে বিজেপিৰ ৰাজনৈতিক স্বাৰ্থত৷ কিন্তু সৰ্বসাধাৰণে এইবোৰ কথা বুজি উঠিছে৷” ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা চিপিআই এম দলৰ পলিতব্যুৰ’ৰ সদস্য মাণিক চৰকাৰে আজি তেজপুৰত এক সংবাদমেলত এইদৰে কয়৷ সম্প্ৰতি দেশৰ ৰাজনৈতিক প্ৰেক্ষাপটত বিজেপি বিৰোধী ৰাজনৈতিক দলসমূহৰ মাজত জোটবন্ধন সন্দৰ্ভত মন্তব্য কৰি দেশৰ প্ৰবীন বাওঁপন্থী ৰাজনীতিকজনে কয় যে,ইয়াকলৈ চিপিআইএম দলে আহ্বান জনাইছিল আৰু বৰ্তমান এই প্ৰক্ৰিয়া যেনেদৰে আগবাঢ়িছে সেয়া অতি আশাব্যঞ্জক৷ তেওঁ কয় যে,বিজেপিয়ে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে দেশৰ সকলো মানুহৰ মাজত বিভেদ ভাব আনিবলৈ অপচেষ্টা চলাই আহিছে৷ বিজেপিৰ কাৰ্যকালত দেশৰ অৰ্থনীতি,ৰেচন নীতি, সদাজ সকলোতে ঋণাত্মক প্ৰভাৱ পৰিছে৷ আনকি দেশৰ সংবিধানক অমান্য কৰা বিজেপিয়ে ন্যায়পালিকাৰ ওপৰতো হস্তক্ষেপ কৰা বুলি দোহাৰি তেওঁ কয় যে, চিবিআই, ইডি আদি সংস্হাসমূহকো বিজেপিয়ে নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰিছে৷ ডিভাইড এণ্ড ৰুল কৌশল সৰোগত কৰি ক্ষমতা কুক্ষিগত কৰিবলৈ বিচৰা বিজেপিক শাসনৰ পৰা বিদায় দিব লাগিব বুলি উল্লেখ কৰি ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰীজনে গণতান্ত্ৰিকভাবে নিৰ্বাচিত দিল্লীৰ আপ চৰকাৰৰ পৰা সকলো ক্ষমতা কাঢ়ি নিয়াৰ বাবে চলোৱা কূটকৌশলক সমালোচনা কৰি কয় যে,যদি এনেদৰে নিৰ্বাচিত চৰকাৰখনৰ ক্ষেত্ৰত কৰা হয় তেনেহলে নিৰ্বাচন অনুষ্ঠিত কৰাৰ লাভ কি? বিজেপি বিৰোধী শক্তি আপ আৰু কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী শক্তি দুটা ভাগত বিভক্ত হৈছে যদিও দিল্লীত আপ নেতৃত্বাধীন চৰকাৰৰ ক্ষমতা কৰ্তন কৰাৰ বাবে দুটা ভাগত বিভক্ত বিৰোধীৰ ব্যৱধান হ্ৰাস হৈছে বুলি কয় তেওঁ৷ তেওঁ কয় যে অবিজেপি দল সমূহক একত্ৰিত কৰাৰ বাবে যিমান পাৰি সিমান প্ৰয়াস চলিব আৰু ৰাজ্যসভাত আপ চৰকাৰৰ ক্ষমতা কৰ্টনৰ যি বিধেয়ক সেয়া যাতে অনুমোদিত নহয় তাৰ বাবে আহ্বান কৰা সভালৈ নিমন্ত্ৰিত কোনো বিৰোধী দলে নাহে বুলি কোৱা নাই৷ আনহাতে,চি পি আই এম দলে মনিপুৰত আইন শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ হোৱাৰ বাবে কেন্দ্ৰীয় চৰকাৰক চোকা ভাষাৰে সমালোচনা কৰি ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰীজনে চূড়ান্ত ভাবে ব্যৰ্থ মণিপুৰৰ চৰকাৰ ভংগ কৰিব লাগে বুলি অভিমত ব্যক্ত কৰে৷ তেওঁ কয় যে,কেন্দ্ৰীয় গৃহমন্ত্ৰী তিনিদিন মণিপুৰত থাকি নিৰ্দিষ্ট দুঠাইমান ভ্ৰমণ কৰাৰ পিছত সংবাদমেল অনুষ্ঠিত কৰি ১৫দিনত মণিপুৰৰ পৰিস্থিতি নিয়ন্ত্ৰণ হ’ব বুলি কৈছিল৷কিন্তু সেই সময় উকলি গ’ল আৰু এতিয়া মণিপুৰৰ পৰিস্থিতি অধিক জটিল হৈছে৷ কেন্দ্ৰীয় চৰকাৰে মণিপুৰক দেশৰ বাহিৰৰ এখন ৰাজ্যৰ দৰে ব্যৱহাৰ কৰিছে বুলি প্ৰকাশ কৰি তেওঁ কয় যে প্ৰধানমন্ত্ৰীয়ে তেওঁৰ মনৰ কথা শুনোৱাতকৈ মণিপুৰৰ মানুহৰ মনৰ কথা শুনাহে প্ৰয়োজন৷ তেওঁ মণিপুৰৰ সাম্প্ৰতিক পৰিস্থিতিত গভীৰ উদ্বেগ প্ৰকাশ কৰি লগতে কয় যে, ৰাজ্যখনৰ পৰা প্ৰতিনিধিত্ব কৰা একমাত্ৰ কেন্দ্ৰীয় মন্ত্ৰী গৰাকীৰ বাসভৱন জ্বলাই দিয়াৰ পিছত ৰাজ্যখনৰ চৰকাৰ ক্ষমতাত থকাৰ অধিকাৰ নাই। মণিপুৰৰ ঘটনাৰ বাবে কেন্দ্ৰৰ বিজেপি চৰকাৰে দায়িত্ব ল’বই লাগিব বুলি উল্লেখ কৰি তেওঁ এই প্ৰসংগত ৰাজ্য আৰু কেন্দ্ৰত ডবল ইঞ্জিনৰ চৰকাৰ চলি থকা বুলি কোৱা কেন্দ্ৰীয় চৰকাৰে এতিয়া মণিপুৰৰ পৰিস্থিতিৰ বাবে দায়িত্ব কিয় নল’ব বুলিও কটাক্ষ কৰে৷ দেশত বিজেপিয়ে যি অৰ্থনৈতিক ব্যৱস্থাত যি আঘাত হানিছে,যি দৰে গণতন্ত্ৰক মষিমূৰ কৰিছে আনকি সংবাদমাধ্যমৰ মুখ বন্ধ কৰিবলৈ বিচাৰিছে তাৰ বাবে বিজেপি বিৰোধী শক্তিক ঐক্যবদ্ধ কৰাৰ গত্যন্তৰ নাই বুলিও ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰীজনে মন্তব্য কৰে৷ উল্লেখযোগ্য যে,তেজপুৰৰ বেংগলী থিয়েটাৰত আজি চিপিআই এম দলৰ শোণিতপুৰ জিলা সমিতিৰ সাধাৰণ সভাত নিৰ্দিষ্ট বক্তা হিচাপে অংশ লয় প্ৰবীন ৰাজনীতিক জনে৷ আনহাতে, সংবাদ মেলত ২০০৭ ত ৰাজ্যত এন আৰ চিৰ কাম সম্পূৰ্ণ নোহোৱা পৰ্যন্ত সমষ্টিৰ পুনৰ নিৰ্ধাৰনৰ বিৰোধিতা কৰা বিজেপি দলে এতিয়া ২০০১ ৰ লোক পিয়লৰ আধাৰত ৰাজ্যখনত সমষ্টি পুনৰ নিৰ্ধাৰণৰ পদক্ষেপ গ্ৰহন কৰাৰ চোকা ভাষাৰে সমালোচনা কৰে চি পি আই এমৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰে। সংবাদ মেলত চি পি আই এমৰ ৰাজ্যিক সম্পাদক গৰাকীয়ে এই ক্ষেত্ৰত ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে দিল্লীত গৃহমন্ত্ৰীৰ লগত বৈঠক কৰাৰ পিছতেই নিৰ্ব্বাচন আয়োগে সমষ্টি পুনৰ নিৰ্ধাৰণৰ জাননী জাৰি কৰাত নিৰ্বাচনী আয়োগৰ নিৰপেক্ষতাকো সমালোচনা কৰে । তেওঁ কয় যে বিৰোধী দলসমূহে এনেদৰে সমষ্টি নিৰ্ধাৰণৰ বিৰুদ্ধে নিৰ্বাচনী আয়োগক পত্ৰ দাখিল কৰাৰ পাছতো আয়োগে কেবল মাত্ৰ বিজেপিৰ কথাতে এই জাননী জাৰি কৰিছে৷ তালুকদাৰে লগতে কয় যে,বিজেপিয়ে এতিয়া যিয়েই নকৰক দলটোৰ চৰিত্ৰ ৰাইজে ভালদৰেই বুজি পাইছে আৰু সেয়ে এইবাৰ ৰাইজে বিজেপিক প্ৰত্যাখ্যান কৰিবই৷ বিজেপিয়ে ভাঙি, ভেদকৰি ৰাজনীতি কৰাৰ দিন উকলিল বুলিও উল্লেখ কৰে৷ উল্লেখযোগ্য যে সংবাদমেলত চিপিআই এমৰ আন দুগৰাকী নেতা ৰবীন তামুলী আৰু ৰয়েল চৰেঙো উপস্থিত আছিল৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More