সাতদিনৰ বাবে ৰাজ্যসভাৰ পৰা নিলম্বন সাংসদ অজিৎ কুমাৰ ভূঞাক

0 24

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২৮ জুলাইঃ এসপ্তাহৰ বাবে ৰাজ্যসভাৰ পৰা নিলম্বন কৰা হ’ল সাংসদ অজিৎ কুমাৰ ভূঞাক। অসম চুক্তিৰ ৬নং দফা আৰু বান সমস্যাৰ প্ৰসংগকলৈ আজি সদনত সৰৱ হৈ পৰে সাংসদ অজিৎ ভূঞাক। যাৰবাবে তেওঁক সদনৰ পৰা নিলম্বন কৰা হয়। তেওঁ কয় যে ৰাজ্যসভাত তেওঁক অসমৰ প্ৰসংগত কথা কোৱা সুযোগ নিদিয়াৰ বাবেই আজি তেওঁ সদনত অসমৰ বান সমস্যা আৰু ৬ নং দফা সন্দৰ্ভত প্লেকাৰ্ড প্ৰদৰ্শন কৰি প্ৰতিবাদ সাব্যস্ত কৰে। তেওঁ কয় যে অসমক বান সাহায্য দিয়াৰ নামত ‘ললিপপ’ দিয়া কাৰ্য বন্ধ কৰক। লগতে তেওঁ প্ৰধানমন্ত্রীক অসমৰ প্ৰতি কৰা চৰম অবমাননাৰ বাবে সমালোচনা কৰে। আনহাতে তেওঁ অসমীয়াৰ সাংবিধানিক সুৰক্ষাৰ বাবে অসম চুক্তিৰ ৬ নং দফা বিষয়ক কমিটীৰ পৰামৰ্শাৱলী কাৰ্যকৰী কৰাৰ দাবী জনায়। তেওঁ কয় যে মূলতঃ এই দুটা দাবীত আজি মই ৰাজ্যসভাত এখন প্লেকাৰ্ড লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টি আকৰ্ষণ কৰিব খুজিছিলোঁ। সেয়াই আছিল মোৰ অপৰাধ আছিল বুলি উল্লেখ কৰি তেওঁ কয় যে সেই অপৰাধতে মোক ৰাজ্যসভাৰ চলিত সপ্তাহটোৰ বাকী থকা দিনকেইটাৰ কাৰ্যসূচীৰ পৰা নিলম্বিত কৰা হ’ল। এয়াই নেকি গণতন্ত্ৰ বুলি তেওঁ প্ৰশ্ন উত্থাপন কৰে। তেওঁ লগতে কয় যে যদি নৰেন্দ্ৰ মোদী চৰকাৰে ভাবিছে যে মোক নিলম্বিত কৰিলেই মই মাত মাতিবলৈ বন্ধ কৰি দিম, অসমৰ ৰাইজৰ সমস্যাক লৈ নিৰুদ্বিগ্ন হৈ পৰিম, ভয়ত হাত-ভৰি পেটত লুকুৱাই মোৰ ৰাজ্যৰ জনতাৰ দুখ, ক্ষোভৰ কথা মোৰ মুখেৰে নোলোৱা হ’ব, তেন্তে সেয়া তেওঁলোকৰ ভ্ৰম।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More