সাধাৰণ মানুহৰ ঘৰ চলোৱাৰ খৰছ কিমান?

আৰম্ভ হৈছে চৰকাৰী জৰীপ

0 19

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৮ জুলাই : নিম্ন আৰু মধ্যবিত্ত শ্ৰেণীয়ে বজাৰত জুই লগা সময়ত পৰিয়াল চলাবলৈ শতবাৰ চিন্তা কৰিবলগীয়া হৈছে। এনে অৱস্থাত কেন্দ্রীয় চৰকাৰে নিজেই উদ্যোগ লৈছে দেশৰ জনসাধাৰণৰ ঘৰ-বাৰী চলোৱাৰ ব্যয় জানিবলৈ। সাধাৰণ লোকক পৰিয়াল চলাবলৈ কিমান টকা লাগে? এই প্ৰশ্নৰ উত্তৰ বিচাৰি ৰাষ্ট্ৰীয় পৰিসংখ্যা কাৰ্যালয় বা এন এছ অ’ই এক সমীক্ষা আৰম্ভ কৰিছে। অহা এবছৰৰ বাবে দেশৰ মুঠ ২ লাখ ৭০ হাজাৰ ২৮৮টা ঘৰ পৰিদৰ্শন কৰিব অডিটৰৰ এটা দল। বিগত দুবছৰ ধৰি কৰ’না ভাইৰাছৰ বাবে বিশ্বৰ অৰ্থনীতি অস্থিৰ হৈ পৰিছে। কেৱল আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰে ক্ষতি হোৱা নাই। দেশৰ সাধাৰণ মানুহৰ জীৱনতো ইয়াৰ প্ৰভাৱ পৰিছে। তেওঁলোকৰ জীয়াই থকাৰ ৰুটিন আমূলভাৱে সলনি হৈছে। খৰচৰ ওপৰত নিয়ন্ত্ৰণ কৰা হৈছে। বৃদ্ধি পাইছে নিবনুৱা সমস্যা। ইন্ধন আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম আকাশলংঘী হৈছে। এই সকলোবোৰ কথাৰে সাধাৰণ নাগৰিকে মোকাবিলা কৰিব লগা হৈছে। এনে সময়ত দেশবাসীৰ এনে আৰ্থ-সামাজিক অৱস্থা কেনেকুৱা? এতিয়া মোদী চৰকাৰে সেই অৱস্থান জানিবলৈ চেষ্টা কৰিছে। এইদৰে দুৱাৰে দুৱাৰে জৰীপৰ মূল উদ্দেশ্য হৈছে এটা— সামগ্ৰীৰ মূল্য বৃদ্ধি বা হ্ৰাসৰ মাপকাঠী নিৰ্ধাৰণ কৰা। দেশত মুদ্ৰাস্ফীতিৰ হিচাপ কৰিবলৈ হ’লে প্ৰথমে মুদ্ৰাস্ফীতি সূচকাংক নিৰ্ণয় কৰিব লাগিব। এই জৰীপে সেই কামত সহায় কৰিব। লগতে, মানুহে কি অৰ্থনৈতিক স্তৰত বাস কৰি আছে, ভাল হ’বলৈ কি কি বস্তু কিনিছে, অৰ্থাৎ তেওঁলোকৰ জীৱন ধাৰণৰ মানদণ্ড কি সেয়াও নিৰ্ণয় কৰা হ’ব। সাধাৰণ মানুহে কিমান সঞ্চয় কৰি আছে বা আচলতে সঞ্চয়ৰ পৰিস্থিতি আছে নে নাই, সেই তথ্যও চোৱা-চিতা কৰা হ’ব। জনসাধাৰণ শেহতীয়াকৈ যি অৰ্থনৈতিক অৱস্থাৰ মাজেৰে পাৰ হৈ আহিছে তাৰ বাবে সমাজত আৰ্থিক বৈষম্য বৃদ্ধি পাইছে বুলি বিশেষজ্ঞসকলে কয়। কিছুমান মানুহৰ হাতত বহুত টকা আছে, আন কিছুমানৰ হাতত প্ৰায় একোৱেই নাই, সেই কথাটো ক্ৰমান্বয়ে স্পষ্ট হৈ পৰিছে। এনে অৱস্থাত নিৰীক্ষকসকলে আৰ্থিকভাৱে মানুহৰ মাজত কিমান বৈষম্য আছে তাৰ স্পষ্ট ছবিখন চাব। জৰীপৰ বাবে নিৰ্বাচিত পৰিয়ালৰ সদস্যসকলৰ সৈতে মত বিনিময়ৰ জৰিয়তে তথ্য সংগ্ৰহ কৰা হ’ব। এইবাৰৰ সমীক্ষা কম্পিউটাৰ ভিত্তিক হ’ব। অৰ্থাৎ জৰীপকাৰীসকলে লেপটপ বা টেবলেটৰ জৰিয়তে তৃণমূল পৰ্যায়ৰ পৰা তথ্য সংগ্ৰহ কৰিব। সকলো তথ্য ডিজিটেলভাৱে সংৰক্ষণ কৰা হ’ব। সমগ্ৰ কামটো কেনেদৰে কৰা হ’ব সেই সম্পৰ্কে ইতিমধ্যে এন এছ অ’ৰ কৰ্মীসকলে প্ৰশিক্ষণ আৰম্ভ কৰিছে। জানিব পৰা গৈছে যে তেওঁলোকে অতি সোনকালে ক্ষেত্ৰখনত কাম আৰম্ভ কৰিব। গাঁও আৰু নগৰ দুটা ভাগত এই জৰীপ চলোৱা হ’ব। ইয়াৰে ১ লাখ ৫৯ হাজাৰ ৪৮ টা পৰিয়াল ভাৰতৰ গ্ৰাম্য অঞ্চলৰ। বাকীবোৰ চহৰত। জৰীপকাৰীসকলে কোনবোৰ পৰিয়াল বাছি ল’ব সেইটো ‘ৰেণ্ডম’ ভিত্তিত সিদ্ধান্ত লোৱা হ’ব। অৰ্থাৎ পছন্দ অনুসৰি কোনো নিৰ্দিষ্ট মাপকাঠী নাথাকিব। পৰিসংখ্যা মন্ত্ৰালয়ৰ মতে, জৰীপ যাতে নিৰপেক্ষ হয়, তাৰ বাবে এই ব্যৱস্থা কৰা হৈছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More