সাহিত্য সাধনা মঞ্চৰ সাংগঠনিক সভা সম্পন্ন

প্ৰতিযোগিতাত স্বৰগম সংগীত বিদ্যালয়ৰ সাফল্য

0 281

শতাব্দ প্ৰতিনিধি,১০ছেপ্তেম্বৰ: সাহিত্য সংস্কৃতি সাধনা মঞ্চৰ লখিমপুৰ জিলা সমিতিৰ সহযোগত নাৰায়ণপুৰ আঞ্চলিক শাখাৰ উদ্যোগত প্ৰথম সাংগঠনিক সভাখন ৩ ছেপ্টেম্বৰত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয়। পতাকা উত্তোলনেৰে আৰম্ভ হোৱা অনুষ্ঠানটোৰ পোনতে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ঠাইতে লিখা ৰচনা, কবিতা আবৃত্তি আৰু ভূপেন্দ্ৰ সংগীতৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়।WhatsApp Image 2023 09 10 at 8.02.42 PM 1দুপৰীয়া ১বজাৰ পৰা লখিমপুৰ জিলা আহোম সভাৰ প্ৰাক্তন সভাপতি যোগেন ফুকনৰ সভাপতিত্বত মুকলি সভাখন অনুষ্ঠিত হয়। বিশিষ্ট চিন্তাবিদ তথা ৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত শিক্ষক প্ৰশান্তজ্যেতি বৰুৱাই উদ্বোধন কৰা সভাখন আঁত ধৰে নাৰায়ণপুৰ আঞ্চলিক সা.স.সা.ম.’ৰ সভাপতি পংকজ ৰাজবংশী আৰু সম্পাদিকা সুনীতা বৰুৱা শইকীয়াই ।সভাখনত সাহিত্য সংস্কৃতি সাধনা মঞ্চৰ উপ-সভাপতি দিলীপ কাকতিয়ে নিৰ্দিষ্ট বক্তা, প্ৰধান সম্পাদক নিৰঞ্জন বৰুৱাই মুখ্য অতিথি, লুইতপৰীয়া শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি দেৱযানী বুঢ়াগোহাঁই হাজৰিকা, বিশিষ্ট কবি লক্ষ্যপতি দেউৰী, জেষ্ঠ সাংবাদিক জগত গগৈ, জিকিৰ গায়ক তথা সাংস্কৃতিক সম্পাদক হানিফ আহমেদকে প্ৰমূখ্য কৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশ লয়। সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে নিজুমণি শইকীয়া বৰা ।WhatsApp Image 2023 09 10 at 8.02.43 PM অনুষ্ঠানটোত স্থানীয় শিল্পীসকলৰ দ্বাৰা সমবেত সংগীত, শংকৰী নৃত্য, দিহানাম আৰু জিকিৰ পৰিবেশন কৰা হয়। সাহিত্য সংস্কৃতি সাধনা মঞ্চৰ হৈ আদৰণী গীত পৰিৱেশন কৰে স্বৰগম সংগীত বিদ্যালয়ৰ শিশু শিল্পীসকলে। আনহাতে প্ৰতিযোগিতাত মানপ্ৰাপ্ত প্ৰতিযোগীসকল হ’ল ক্ৰমে-
ৰচনা উচ শাখা-প্ৰথম হৃষিতা দত্ত, দ্বিতীয় মৌ বড়া। নিম্ন শাখা- প্রথম গীতাশ্রী হাজৰিকা, দ্বিতীয় চিন্ময়ী ফুকন।

কবিতা আবৃত্তি নিম্ন শাখা- প্ৰথম অংকিতা বনিয়া, দ্বিতীয় দৰ্শিতা বৰুৱা, তৃতীয় চিন্ময়ী ফুকন।উচ্চ শাখা-প্রথম স্থান ৰিম্পী ৰাণী বৰা, দ্বিতীয় প্ৰজ্ঞান জ্ব্যোতি শইকীয়া, তৃতীয় দেৱাশ্ৰুতি কোঁৱৰ।

ভূপেন্দ্ৰ সংগীত নিম্ন শাখা-প্রথম দীপাঞ্জলি ভূঞা, দ্বিতীয় নিবিড় স্বপ্নম কোঁৱৰ, তৃতীয় অনুজা প্ৰিয়ম বৰুৱা। উচ্চ শাখা-প্রথম বৰ্ষিতা ৰাণী খাউণ্ড, দ্বিতীয় দেৱাশ্রুতি কোঁৱৰ তৃতীয় বৰ্ষা গগৈ

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More