সুৰীয়া – সাংগীতিক অনুষ্ঠানেৰে জীপাল হ’ল তেজপুৰৰ বাণ থিয়েটাৰৰ মঞ্চ 

0 19
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১৮ অক্টোবৰঃ “মোৰ সুৰৰ অৰণ্যত সোণৰ হৰিণা জনী বিচাৰি নেপালোঁ মই,” মোৰ স্বপ্ন মৌ প্ৰেমত নন ক্ৰেম, “তুমি দুচকুত কাজল ল’লে ডাৱৰে ডাৱৰে বিজুলী খেলে,” ৰাতি বাঁহী বাই-আদি অতি মনপৰশা গীত, জনতাৰ শিল্পী দিলীপ চৌধুৰীৰ কন্ঠৰ এনে একাংশ গীতৰ আধাৰত আবৃত্তিৰ অনুষ্ঠান, দৃষ্টিনন্দন নৃত্যৰ অনুষ্ঠান, প্ৰয়াত চৌধুৰী ৰচিত – পৰিচালিত গীতি নৃত্য – নাটিকা, নাটকৰ কিয়দাংশৰে কালি নিশা এসময়ৰ তেজপুৰৰ অতি জনপ্ৰিয় তথা আদৰৰ শিল্পী গৰাকীক তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰত এক সাংগীতিক-সুৰীয়া, সুমধুৰ অনুষ্ঠানেৰে স্মৰণ কৰিলে তেজপুৰৰ ৰাইজে। উল্লেখ্য যে, প্ৰয়াত দৰদী কন্ঠশিল্পী, সুৰকাৰ, সংগীতজ্ঞ, নাট্যকাৰ-পৰিচালক দিলীপ চৌধুৰীৰ ৭৯ সংখ্যক ওপজা দিনটোত কালি সন্ধিয়া পৰিয়ালৰ উদ্যোগত আৰু জ্যোতি কলা কেন্দ্ৰ সংগীত মহাবিদ্যালয়, বন্দনা সংগীত কানন, ওপজা গাঁও ডিপোটাৰ অসমীয়া সাংস্কৃতিক সমাজৰ লগতে উত্তৰ পশ্চিম তেজপুৰ শাখা সাহিত্য সভাৰ সহযোগত বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয় এক আকৰ্ষণীয় অনুষ্ঠান। অনুষ্ঠানটিৰ আৰম্ভণিতে প্ৰয়াত দিলীপ চৌধুৰীৰ ঘনিষ্ঠ সান্নিধ্য লাভ কৰা বিশিষ্ট গীতিকাৰ-সুৰকাৰ তথা বাণ থিয়েটাৰৰ সভাপতি বংকিম শৰ্মা আৰু শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পনৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান শুভাৰম্ভ কৰে। ইয়াৰ পিছতেই এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অসম নাট্য সন্মিলনৰ কেন্দ্ৰীয় উপ সভাপতি মৃগেন চন্দ্র বড়া, বিশিষ্ট অভিনেত্ৰী ডা০ জাহানাৰা বেগম, অসম সাহিত্য সভাৰ প্ৰচাৰ সম্পাদক পংকজ বৰুৱা, লেখিকা জয়শ্ৰী ভূঞা আৰু শিল্পী গৰাকীৰ বহু গুণমুগ্ধই শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছত প্ৰয়াত শিল্পী গৰাকীৰ পুত্ৰ আলিম্পন চৌধুৰীয়ে পিতৃৰ শিল্পী জীৱনৰ উত্তৰণত সহযোগিতা আগবঢ়োৱা প্ৰয়াত হৰেন কটকী, ৰেৱকান্ত দাস, শান্তি শংকৰ দাসগুপ্ত, মন্টু তামুলী আৰু শিল্পী মাণিক শৰ্মাক বিশেষ ভাবে স্মৰণ কৰে। আনহাতে, লেখক তথা সাংস্কৃতিক কৰ্মী শান্তনু বৰুৱা আৰু অভিনেত্ৰী তথা আকাশবাণীৰ ঘোষিকা অনামিকা বৰদলৈয়ে আঁত ধৰা এই সুৰীয়া অনুষ্ঠানটি বাণ থিয়েটাৰৰ সভাপতি বংকিম শৰ্মা আৰু সাধাৰণ সম্পাদক জিতুমণি দেৱচৌধুৰীৰ সহযোগত বন্তি প্ৰজ্বলনেৰে  আনুষ্ঠানিক ভাবে শুভাৰম্ভ কৰে শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই। উদ্বোধনী ভাষণত উপায়ুক্ত গৰাকীয়ে প্ৰয়াত দিলীপ চৌধুৰীৰ সান্নিধ্য লাভ কৰা নাছিল যদিও শিল্পী গৰাকীৰ গীতে আপ্লুত কৰি আহিছিল বুলি কৈ পৰিয়ালে এনেদৰে স্মৰণ কৰাৰ প্ৰয়াসৰ শলাগ লয়। উল্লেখ্য যে, কালি নিশাৰ এই সুৰীয়া-সাংগীতিক অনুষ্ঠানটি আৰম্ভ হয় তেজপুৰ মহোৎসৱ উপলক্ষে বংকিম শৰ্মাই ৰচনা কৰা আৰু দিলীপ চৌধুৰীয়ে সুৰেৰে সজোৱা বিশেষ সমবেত গীতেৰে। ইয়াৰ পিছতেই দিলীপ চৌধুৰীৰ কেবাটাও গীতৰ আধাৰত নৃত্যশিল্পী ঈৰাণী মহন্তই পৰিচালনা কৰা  দৃষ্টিনন্দন সমবেত নৃত্যই জীপাল কৰি তোলে বাণ থিয়েটাৰৰ মঞ্চ। ইয়াৰ মাজতে দিলীপ চৌধুৰীৰ গীতৰ ওপৰত “বন্দনা সংগীত কানন” এ আয়োজন কৰা কৰ্মশালাৰ অংশ গ্ৰহণ কাৰী কণ কণ শিক্ষাৰ্থীয়ে পৰিৱেশন কৰে কেশৱ মহন্ত ৰচিত “এখন দেশত এক ৰজা আছিল” শীৰ্ষক  শিশু উপযোগী গীতটি। অভিনেতা উত্তম কুমাৰ দাস আৰু অৰ্চনা দাসে দিলীপ চৌধুৰীৰ গীত আৰু জীৱনৰ আধাৰত এক আবৃত্তি অনুষ্ঠানৰে স্মৰণ কৰে শিল্পী গৰাকীক। সেইদৰে সংগীত শিল্পী দিলীপ চৌধুৰীৰ জ্যেষ্ঠ পুত্ৰ চিৰঞ্জীৱ চৌধুৰী, মনোজ নাথ, হিৰণ্য শইকীয়া, মৃদুল দাসৰ জৰিয়তে দিলীপ চৌধুৰীৰ কন্ঠশিল্পী পুত্ৰ আলিম্পন চৌধুৰীয়ে অনুষ্ঠানটিত পৰিৱেশন কৰে দিলীপ চৌধুৰীৰ কন্ঠৰ আটাইতকৈ বিখ্যাত, পুৰুষোত্তম দাস ৰচিত “মোৰ সুৰৰ অৰণ্যত” শীৰ্ষক  গীতটি। উল্লেখ্য যে, দিলীপ চৌধুৰীৰ শিল্পী সত্ত্বাক জীয়াই ৰাখিবৰ বাবে বিভিন্ন সময়ত বিভিন্ন প্ৰকাৰে সহযোগিতা আৰু পৰামৰ্শ আগবঢ়োৱা বহু কেইগৰাকী ব্যক্তিক পৰিয়ালৰ তৰফৰ পৰা সন্মান জনোৱা এই অনুষ্ঠানটিত বন্দনা সংগীত কাননৰ সভানেত্ৰী, কন্ঠশিল্পী বনদিপা শইকীয়া হাজৰিকাই দিলীপ চৌধুৰীৰ কন্ঠৰ হিৰেণ ভট্টাচাৰ্য ৰচিত গীত  পৰিৱেশন কৰাৰ লগতে এসময়ৰ বহু নৃত্য নাটিকাৰ স্ৰষ্টা আৰু পৰিচালক গৰাকীৰ “ঋতু আৰু বাসৱ দত্তা” শীৰ্ষক নৃত্য নাটিকাখনৰ কিয়দংশ কালি এই অনুষ্ঠানতে বিশিষ্ট সংগীতশিল্পী লিখন শৰ্মাৰ পৰিচালনাত পৰিৱেশিত হয়। সেইদৰে বৰ্ণাঢ্য আৰু বৰ্ণিল সুৰীয়া-সাংগীতিক অনুষ্ঠানটিত অৰ্চনা দাসে “মোৰ সুৰৰ অৰণ্যত” শীৰ্ষক গীতৰ ওপৰত আবৃত্তিৰ লগতে নাট্যকাৰ দিলীপ চৌধুৰীক স্মৰণ কৰি তেওঁৰ দ্বাৰা ৰচিত “যুগে যুগে কুৰুক্ষেত্ৰ” নাটকখনৰ ভূপেন শৰ্মাৰ পৰিচালনাত কিয়দংশ প্ৰদৰ্শনৰ উপৰি মিলন বাকৰি ৰাস মহোৎসৱৰ দীঘলীয়া সময়ৰ নৃত্য নাটিকাৰ পৰিচালক দিলিপ চৌধুৰীক স্মৰণ কৰি অৰ্পণ বেজবৰুৱা পৰিচালিত তেনে নৃত্য নাটিকাৰ কিয়দংশও পৰিৱেশিত হয়।মনকৰিবলগীয়া যে, কালিৰ এই অনুষ্ঠানটিয়ে শিল্পী গৰাকীৰ সামগ্ৰীক সত্বাক পুনৰ জীৱন্ত কৰি তুলিলে বাণ থিয়েটাৰৰ মঞ্চত।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More