সেনাই পালে সম্পূৰ্ণ থলুৱা প্ৰযুক্তিৰ বাহনঃ নেপথ্যত টাটা

0 28

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৮ জুলাই : ভাৰতীয় সেনাই লাভ কৰিলে এখন নতুন বাহন। ভাৰতীয় সেনাৰ হাতত অৰ্পণ কৰা হৈছে এখন সম্পূৰ্ণ দেশীয়ভাৱে নিৰ্মিত Quick Reaction Fighting Vehicle। আৰু এই মহান পদক্ষেপ গ্ৰহণ কৰিছে টাটা এডভান্সড চিষ্টেমছ লিমিটেডে। ইতিমধ্যে টাটা এডভান্সড চিষ্টেমছ লিমিটেডে (TASL) প্ৰকাশ কৰিছে যে ভৱিষ্যতে ভাৰতীয় সেনাৰ কাৰ্যকৰী ক্ষমতা বৃদ্ধিত কুইক ৰিয়েকচন ফাইটিং ভেহিকেল-মিডিয়াম (QRFV)য়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। ২৫ জুলাইত ভাৰতীয় সেনাৰ বাবে নতুন পদক্ষেপ আৰম্ভ কৰাৰ কিছু সময়ৰ পাছতে TASLএ টুইট কৰি কয়— ‘‘টিএএছএলে সফলতাৰে ভাৰতীয় সেনাক কিউআৰএফভি প্ৰদান কৰিছে।” টিএএছএলে লগতে উল্লেখ কৰে যে এই বাহনখনৰ অন্তৰ্ভুক্তিয়ে ভৱিষ্যতৰ সংঘাতত ভাৰতীয় সেনাৰ কাৰ্যকৰী ক্ষমতা বৃদ্ধি কৰিব। শেহতীয়াকৈ কেন্দ্ৰীয় মন্ত্ৰী অজয় ​​ভট্টে কয় যে কেন্দ্ৰৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনে বিগত কেইবছৰমানৰ পৰা কেতবোৰ নীতিগত পদক্ষেপ গ্ৰহণ কৰি দেশত থলুৱা ডিজাইন, বিকাশ আৰু প্ৰতিৰক্ষা সঁজুলি নিৰ্মাণক উৎসাহিত কৰাৰ বাবে সংস্কাৰ সাধন কৰিছে। ফলস্বৰূপে ঘৰুৱা প্ৰতিৰক্ষা সঁজুলিৰ উৎপাদন বহু পৰিমাণে বৃদ্ধি পাইছে। সূত্ৰ অনুসৰি, ঘৰুৱা প্ৰতিৰক্ষা সঁজুলি উৎপাদন বৃদ্ধিৰ বাবে যোৱা চাৰি বছৰত কেন্দ্ৰই লোৱা পদক্ষেপে বিদেশৰ পৰা প্ৰতিৰক্ষা ক্ৰয়ৰ ব্যয় সামগ্ৰিক ব্যয়ৰ ৪৬ শতাংশৰ পৰা ৩৬ শতাংশলৈ হ্ৰাস কৰিছে। উল্লেখযোগ্য যে এপ্ৰিল মাহত সেনাধ্যক্ষ জেনেৰেল এম এম নাৰাৱনে প্ৰথম ছেট কিউ আৰ এফ ভি নিযুক্তি দিছিল। প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ এক বিবৃতি অনুসৰি সেনাধ্যক্ষগৰাকীয়ে কিউআৰএফভি, ইনফেণ্ট্ৰি প্ৰটেক্টেড মবিলিটি ভেহিকেল (আইপিএমভি), টিএএছএলৰ দ্বাৰা নিৰ্মিত আল্ট্ৰা লং ৰেঞ্জ অবজাৰ্ভেচন চিষ্টেম আৰু ভাৰত ফৰ্জে নিৰ্মাণ কৰা মনোক’ক হাল মাল্টি-ৰোল মাইন-প্ৰটেক্টেড আৰ্মৰ বাহন বাহিনীটোত অন্তৰ্ভুক্ত কৰিছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More