সেনাৰ হাতত উন্নত মানৰ দেশীয় ড্ৰ’ন

কঢ়িয়াব পাৰে ১৫০ কেজিলৈকে ওজন

0 13

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৯ জুলাই : দেশৰ ড্ৰ’ন নিৰ্মাণৰ ইতিহাসত এক নতুন সংযোজন। সেনাৰ ব্যৱহাৰৰ বাবে ভাৰতত নিৰ্মাণ কৰা হৈছে এবিধ হাইটেক ড্ৰ’ন। এই ড্ৰ’নে অতি ঠাণ্ডা ঠাইত, আনকি মাইনাছ ৩০ ডিগ্ৰী চেলছিয়াছতো কাম কৰিব। লগতে এই শক্তিশালী ড্ৰ’নে ১৫০ কিলোগ্ৰাম অৰ্থাৎ ডেৰ কুইণ্টল ওজন কঢ়িয়াব পাৰে। প্ৰচণ্ড বৰষুণেই হওক বা ধূলিৰ ধুমুহাই হওক– বিভিন্ন প্ৰাকৃতিক দুৰ্যোগৰ ফলত এই ড্ৰ’নৰ কোনো ক্ষতি নহ’ব। কাৰণ ড্ৰ’নখন ধূলি আৰু পানী প্ৰতিৰোধী। শেহতীয়াকৈ লাডাখৰ সৰ্বোচ্চ অঞ্চলত এই ড্ৰ’নৰ ‘ট্ৰাইল ৰান’ সফলতাৰে সম্পন্ন হৈছে। বিশেষ সূত্ৰ অনুসৰি প্ৰতিৰক্ষা সঁজুলি নিৰ্মাণকাৰী কোম্পানী ‘কল্যাণী গ্ৰুপ’-এ এই নতুন ড্ৰ’ন নিৰ্মাণ কৰিছে। ইয়াৰ নাম দিয়া হৈছে, ‘ভাৰত-১৫০’। ইয়াৰ নাম মাল্টি ৰ’টাৰ ড্ৰ’ন, ভাৰত-১৫০। এই ড্ৰ’নে একে সময়তে একাধিক কাম কৰিব পাৰে। ইয়াত সম্পূৰ্ণ থলুৱা প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে। এনে অত্যাধুনিক ড্ৰ’নক ‘মেক ইন ইণ্ডিয়া’ৰ উৎপাদন বুলি গণ্য কৰা হৈছে। প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সূত্ৰ অনুসৰি সেনাই এতিয়াও এই ড্ৰ’নৰ ব্যৱহাৰ আৰম্ভ কৰা নাই। কিন্তু তেওঁলোকৰ বাবেই নিৰ্মাণ কৰা হৈছে। বিভিন্ন দুৰ্গম অঞ্চলত ভাৰতীয় সেনাই কাৰ্যকলাপ চলায়। তাত বিভিন্ন বস্তু এঠাইৰ পৰা আন ঠাইলৈ নিয়াৰ প্ৰয়োজন। তাৰ বাবে ড্ৰ’নখন যিমান পাৰি শক্তিশালী আৰু বহনযোগ্য কৰি তোলা হৈছে। শীতকালত লেহ-লাডাখৰ দৰে অঞ্চলটোৰ বৃহৎ অংশ বৰফেৰে আবৃত হয়। ফলত উষ্ণতা জমা হোৱাৰ তলত থাকিলেও ড্ৰ’নখনে কাম কৰিবলৈ বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। একে সময়তে অতি উত্তাপতো এই ড্ৰ’ন কাৰ্যকৰী হ’ব। মাইনাছ ৩০ ডিগ্ৰী চেলছিয়াছৰ পৰা ৬৫ ডিগ্ৰী চেলছিয়াছলৈকে উষ্ণতাত ই অনায়াসে কাম কৰিব পাৰে। গতিবিধিৰ খবৰ ৰাখিবলৈ উন্নত জিপিএছ আৰু উন্নত ৰেডিঅ’ সংকেত ৰখা হয়। ইয়াৰ উপৰি আছে নেভিগেচন চিষ্টেম, এণ্টি জামিং চিষ্টেম। এই ড্ৰ’নত ব্যৱহাৰ কৰা বেটাৰীয়ে ৫০-২০০ কিলোমিটাৰ পৰ্যন্ত উৰণ সম্ভৱ কৰিব পাৰে। ড্ৰ’নখন ১০০০ মিটাৰ উচ্চতালৈকে উৰিব পাৰে। ৭ জুলাইত কলকাতাত ভাৰতীয় সেনাৰ ইষ্টাৰ্ণ কমাণ্ডে আয়োজন কৰিছিল পূব ভাৰতৰ প্ৰথমটো মিনি ডিফেন্স এক্সপ’। প্ৰদৰ্শনীখনৰ নাম আছিল, ‘ইষ্ট টেক-২০২২’। এই এক্সপ’ত ২০৫ টা প্ৰতিৰক্ষা সম্পৰ্কীয় অস্ত্ৰ আৰু সঁজুলি নিৰ্মাতাই অংশগ্ৰহণ কৰিছিল। তাত প্ৰদৰ্শন কৰা হৈছিল কল্যাণী গ্ৰুপৰ ‘ভাৰত-১৫০’ ড্ৰ’ন। সেনাই লাডাখত ৮.৫ কিলোমিটাৰ টেষ্ট ৰানৰ বাবে ড্ৰ’নখন উৰুৱাইছিল। সেই অনুশীলন সফল হোৱাৰ পাছত সেনাই ইয়াক ব্যৱহাৰ কৰাৰ সিদ্ধান্ত লৈছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More