ছাইন ইন / যোগদান
ছাইন ইন
পাছৱৰ্ড ৰিক’ভাৰ কৰক.
A password will be e-mailed to you.
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২৯ ছেপ্টেম্বৰঃ ৰাজ্য চৰকাৰে এন এইচ পি চিৰ প্ৰকল্পস্থলীত সংঘটিত হোৱা সমগ্ৰ ঘটনাক্ৰমৰ ওপৰত উচ্ছ স্তৰীয় কমিটি গঠন কৰি সমগ্ৰ ঘটনাৰ সবিশেষ ৰাইজক জনোৱাৰ ব্যৱস্থা কৰক৷ ৰাইজক যদি এই বিষয়ে অৱগত নকৰে তেনেহলে অনাগত সময়ত পৰিস্থিতি অধিক বেয়াৰ ফালে ঢাল খাব৷ আজি নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পস্থলীত সংঘটিত হোৱা ভয়াৱহ ভূমিস্খলনৰ ঘটনাৰ বুজ লৈ এইদৰে মন্তব্য কৰে কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ভূপেন বৰাই৷ তেওঁ এইক্ষেত্ৰত ৰাজ্য চৰকাৰক তৎকালেই কেন্দ্ৰৰ সৈতে কথা পাতি উদ্ভৱ হোৱা সমস্যাৰাজি সমাধানৰ ব্যৱস্থ্য কৰিব লাগে বুলি মন্তব্য কৰে৷ প্ৰকল্পস্থলী পৰিদৰ্শন কৰি সংবাদ মাধ্যমৰ সৈতে হোৱা সাক্ষাৎকাৰত প্ৰথমে ধুবুৰী নাও দুৰ্ঘটনাত হতাহত হোৱা লোকৰ প্ৰতি সমবেদনা জ্ঞাপন কৰি নদীবান্ধৰ প্ৰসংগত কেন্দ্ৰীয় চৰকাৰৰ উচ্ছ স্তৰীয় দলে এন এইচ পি চিৰ শেহতীয়া সামগ্ৰিক পৰিৱেশ পৰ্যবেক্ষণ কৰি ৰাইজক আশ্বস্ত হ’ব পৰাকৈ এক পদক্ষেপ ল’বলৈও আহ্বান জনায়৷ তেওঁ বিজেপিক কটাক্ষ কৰি বিজেপিৰ মন্ত্ৰী বিধায়ক এন এইচ পি চিৰ অতিথিশালাত নৈশ জাপন কৰি ৰাজ আতিথ্য লোৱা বুলিও সমালোচনা কৰে৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীৰ অভিযোগ বিগত বিধান সভাৰ অধিৱেশনত কংগ্ৰেছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ নেতৃত্বত দলে সোৱণশিৰি নামনিৰ জনসাধাৰণৰ জীৱন-সম্পত্তিৰ নিৰাপত্তা সুনিশ্চিত নকৰাকৈ আৰু এন এইচ পি চিৰ নিৰ্মাণ কাৰ্য পৰ্যবেক্ষণ নকৰালৈকে বান্ধ নিৰ্মাণ কাৰ্য বন্ধ ৰাখিব লাগে বুলি সদনত দাবী উত্থাপন কৰিছিল যদিও বিজেপি চৰকাৰে বিষয়টো কোনো গুৰুত্ব নিদিলে৷ তেও কয় আমি বান্ধ বিৰোধী নহয় কিন্তু নামনিৰ সুৰক্ষা নিশ্চিত হ’ব লাগিব৷ আনহাতে বিজেপিলৈ কংগ্ৰেছ কৰ্মী যোৱাৰ প্ৰসংগত তেওঁ বিজেপিলৈ কংগ্ৰেছৰ গমন সন্দৰ্ভত কয়- যিসকলৰ ধনৰ লোভ, ক্ষমতাৰ লোভ বেছি, যাৰ বিৰোধীত থাকিবলৈ ধৰ্য নাই, ক্ষমতাই যাৰ সৰ্বস্ব তেওঁলোকে সোনকালে কংগ্ৰেছ দল ত্যাগ কৰক৷ উল্লেখ যে আজি প্ৰকল্পস্থলী পৰিদৰ্শনৰ সময়ত এন এইচ পি চিৰ বিষয়া নবিন কুমাৰ জৈন, নবীন কুমাৰৰ উপৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদক পদ্মলোচন দলে, সাধাৰণ সম্পাদক জিন্তো হাজৰিকা, প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা হেমহৰি পেগু, লখিমপুৰ জিলা কংগ্ৰেছৰ সভাপতি গগন বৰা, জিলা যুৱ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি মৌচুম লাহন, ধেমাজি জিলা কংগ্ৰেছৰ সভাপতি মহেন্দ্ৰ গোহাই, লখিমপুৰ জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক ভৰত শইকীয়া আদিয়ে সংগ দিয়ে৷
পূৰ্বৱৰ্তী লেখা
পৰৱৰ্তী লেখা