নাওবৈচাৰ বান পৰিস্থিতি অপৰিৱৰ্তিতঃ ন ন অঞ্চল প্লাবিত
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ ১৬ জুনঃ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত ভয়াৱহ জলপ্ৰলয়ৰ সূচনা হোৱাৰ সময়তে এইবাৰ বান্ধত খহি পৰিছে পাহাৰ৷ গেৰুকামুখ পাহাৰৰ ভূমি সোৱণশিৰি বান্ধত খহি পৰাৰ ফলত সম্প্ৰতি প্ৰকল্পটোত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে৷ দুদিন পূৰ্বে নিৰ্মীয়মান প্ৰকল্পটোত জলপ্ৰলয়ৰ সৃষ্টি হোৱাৰ পিছতে আজি পুৱাৰে পৰা বান্ধৰ ওপৰ অংশত তথা বান্ধৰ বাওঁপাৰে পাহাৰৰ মাটি খহি পৰাত প্ৰকল্পটোতে আতংকৰ সৃষ্টি হৈছে৷ প্ৰাপ্ত খবৰ অনুসৰি ইতিপূৰ্বে গেৰুকামুখ পাহাৰৰ বৃহৎ অংশ ভূমিস্খলন হৈ এটা ডাইভাৰচন টাৰ্নেল বন্ধ হৈ পৰাৰ পিছত আজি উক্ত স্থানত পাহাৰৰ মাটি খহি পৰাত প্ৰকল্পস্থলীত আতংকৰ সৃষ্টি হৈছে৷ দুদিন পূৰ্বে প্ৰকল্পটোত জলপ্ৰলয় হোৱাৰ পিছতে প্ৰকল্পটোৰ সমুদায় কাম-কাজ বন্ধ হৈ পৰাৰ সময়তে আজি এন এইচ পি চিত এনে অথন্তৰৰ সূচনা ঘটিছে৷ প্ৰকল্পটোত প্ৰথম অৱস্থাত প্ৰতি ছেকেণ্ডত ৯৫০ কিউবিক মিটাৰ পানী বাগৰিছিল যদিও সম্প্ৰতি ৪/৫ হাজাৰ কিউবিক মিটাৰ পানী বাগৰিবলৈ লোৱাত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে৷ আনহাতে সোৱণশিৰি বান্ধৰ ওপৰেৰে যোৱা দুদিন ধৰি পানী বাগৰি নামনি অঞ্চলতো ভয়াৱহ বানৰ সূচনা কৰিছে৷ এন এইচ পি চি কতৃৰ্পক্ষই চলিত বৰ্ষৰ এই মাহতে পাঁচশ মেগাৱট বিদ্যুৎ শক্তি উৎপাদনৰ লক্ষ্য স্থিৰ কৰিছিল যদিও বান্ধত সৃষ্টি হোৱা এনে অথন্তৰৰ বাবে কাম-কাজ বন্ধ ৰখাৰ ফলত বিদ্যুৎ শক্তি উৎপাদনৰ লক্ষ্য ডিচেম্বৰলৈ পিছুৱাই দিব লগা হৈছে৷ উল্লেখ্য যে অলপীয়া বৰষুণতে এতিয়া সোৱণশিৰি বান্ধত গেৰুকামুখৰ পাহাৰ খহিবলৈ লোৱা কাৰ্যই এন এইচ পি চি কতৃৰ্পক্ষক শলঠেকত পেলাইছে৷ ইফালে আজি ৰঙানদী জলবিদ্যুৎ প্ৰকল্পই বান্ধৰ অতিৰিক্ত পানী ১নং গেট এঘণ্টাৰ ভিতৰতে ১০০ মিলিমিটাৰৰ পৰা সৰ্বোচ্চ ১৩০০ মিলিমিটাৰ খুলি দিয়াৰ ফলত ৰঙানদীৰ বক্ষ ওফন্দি উঠি নামনিত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰে৷ নীপকোৰ বাঢ়নী পানীয়ে পানীগাঁৱৰ সমীপৰ তথা আমতলা অঞ্চলৰ ভালেকেইখন গাঁও এক প্ৰকাৰে বুৰাই পেলাইছে৷ অৰুণাচল প্ৰদেশত হৈ থকা ধাৰাষাৰ বৰষুণৰ বাবে নীপকোৱে ৰঙানদীত গেট খুলি দিবলৈ বাধ্য হৈছে৷ বছৰৰ প্ৰথমটো বানে লখিমপুৰৰ বিভিন্ন অঞ্চলত এক প্ৰকাৰে মহা প্লাৱনৰ সৃষ্টি কৰিছে৷ যোৱা বুধবাৰে লখিমপুৰ জিলাৰ নাওবৈচাত শিঙৰা নদীৰ বানে মথাউৰি চিঙি নিয়াৰ ফলত কেইবাখনো গাঁও বানৰ কৱলত পৰিছে৷ এই গাঁওসমূহত এতিয়া বান পৰিস্থিতিয়ে জটিল ৰূপ ধাৰণ কৰিছে৷ অৱশ্যে প্ৰশাসনে বানাক্ৰান্ত লোকসকলক বান সাহায্য প্ৰদানৰ ব্যৱস্থা কৰিছে৷ উক্ত অঞ্চলত পশুধন সমূহে এতিয়া খাদ্যৰ অভাৱত পৰিছে যদিও প্ৰশাসনে পশুধন সমূহক পৰ্যাপ্ত খাদ্য যোগান ধৰাত ব্যৰ্থতা প্ৰদৰ্শন কৰিছে৷ অৱশ্যে জলসম্পদ বিভাগ আৰু লখিমপুৰ জিলা প্ৰশাসনে শিঙৰা নদীখনক মূল সুঁতিলৈ ঘূৰাই নিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে৷ জলসম্পদ বিভাগৰ এক সূত্ৰই দাবী কৰে যে শিঙৰা নদীৰ মথাউৰিৰ কাষত বৃহৎ বৃহৎ পুখুৰী খন্দাৰ বাবেই বুধবাৰে শলমৰীয়াত মথাউৰি চিঙি নিয়ে৷ কিয়নো নদীখনে পুখুৰীৰ পানীত পুং দিয়াৰ বিষয়ে সততে ধৰা নপৰাৰ ফলতে সেইদিনা এনে অঘটনৰ সূচনা হয়৷