সোৱণশিৰি বান্ধ কেন্দ্ৰীয় সংসদীয় সমিতিৰ অধ্যক্ষৰ পৰিদৰ্শন

0 53

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ৬জুনঃ প্ৰাকৃতিক দুৰ্যোগে বাৰম্বাৰ জোকাৰি যোৱাৰ পিছতো গেৰুকামুখৰ ২০০০মেগাৱট শক্তি সম্পন্ন এন এইচ পিচিক উজ্জীৱিত কৰাৰ পন লৈছে কেন্দ্ৰীয় শক্তি মন্ত্ৰালয়ে। বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদক অংগুষ্ঠ প্ৰদৰ্শন কৰি বৃহৎ নদী বান্ধৰ নিৰ্মাণ কাৰ্য প্ৰায় সম্পূৰ্ণ কৰাৰ বাবে সকলো পদক্ষেপ লৈছে এন এইচ পিচি কৰ্তৃপক্ষই। সেই লক্ষ্যৰে এন এইচ পিচিলৈ সঘন আহ-যাহ চলিছে কেন্দ্ৰীয় চৰকাৰ শীৰ্ষ বিষয় ববীয়াৰ।বুধবাৰেও সোৱণশিৰি প্ৰকল্প পৰিদৰ্শন কৰে কেন্দ্ৰীয় সংসদীয় স্থায়ী সমিতিয়ে।সমিতিৰ অধ্যক্ষ জগদম্বিকা পালৰ অধ্যক্ষতাত শক্তি সম্পৰ্কীয় সংসদীয় স্থায়ী সমিতিয়ে এনএইচপিচিৰ ২০০০ মেগাৱাটৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্প পৰিদৰ্শন কৰে। এই ভ্ৰমণ কালত অধ্যক্ষ তথা সমিতিৰ সদস্যসকলে প্ৰকল্পটোৰ বিভিন্ন স্থান পৰিদৰ্শন কৰে আৰু চলিত নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ বুজ লয়। এন এইচপিচিৰ সঞ্চালক (প্রকল্প) বিশ্বজিৎ বসুৱে সমিতিৰ সদস্যসকলক প্ৰকল্পটোৰ নিৰ্মাণৰ অগ্ৰগতিৰ বিষয়ে অৱগত কৰে আৰু সমিতিক আশ্বাস দিয়ে যে প্ৰকল্পটোৰ মুখ্য উপাদানসমূহ যথাসময়ত সাজু হ’ব যাতে প্ৰকল্পটোৰ ২ টা ইউনিট (৫০০ মেগাৱাট) এই বিত্তীয় বৰ্ষৰ শেষৰ ফালে আৰম্ভ কৰি প্ৰকল্পটো নিৰ্ধাৰিত সময়ত ৰাষ্ট্ৰলৈ উৎসৰ্গিত কৰা হ’ব।নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাৰ্যবাহী সঞ্চালক বিপিন গুপ্তাই কোভিডৰ লগতে ইয়াৰ সৈতে সম্পর্কিত বাধা, আকস্মিক বানপানীৰ দৰে প্ৰাকৃতিক দুর্যোগ আদিৰ অসুবিধা স্বতেও প্রকল্পটোত গ্ৰহণ কৰা নিৰৱচ্ছিন্ন নির্মাণৰ বিষয়ে অৱগত কৰে৷ অধ্যক্ষ আৰু সমিতিৰ সদস্যসকলে এন এইচ পি চিৰ জ্যেষ্ঠ বিষয়ববীয়াৰ সৈতে এক পর্যালোচনা বৈঠকত সঞ্চালক (প্রকল্প)ৰ দ্বাৰা কামৰ স্থিতিৰ ওপৰত বিতং উপস্থাপন কৰা হয়। এনএইচপিচিৰ প্ৰচেষ্টাৰ প্ৰশংসা কৰি সমিতিয়ে এনএইচপিচিক জলবিদ্যুৎ প্রকল্প নিৰ্মাণৰ যোজনাসমূহ বৃহৎ আকাৰত গ্ৰহণ কৰিবলৈ আৰু বিশ্বব্যাপী জলবিদ্যুৎ বিকাশকাৰী সংস্থা হিচাপে আত্মপ্ৰকাশ কৰিবলৈ আহ্বান জনায়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More