স্বাধীনতাৰ ৭৫বছৰ পাছতো এম্বুলেন্স যাব নোৱাৰা পথটো আছে অসমতে

ক্ষোভিত ৰাইজে দিলে বিধায়ক গণেশ লিম্বু মুৰ্দাবাদ ধ্বনি: বিহগুৰি উন্নয়ন খণ্ড অধীনস্থ অঞ্চলত কমিছনৰাজ

0 32

শতাব্দ প্ৰতিনিধি তেজপুৰ,৪আগষ্ট:তেজপুৰৰে নিকটৱৰ্তী দুই নম্বৰ নতুন ঘগৰা গ্ৰান্ট অঞ্চলত প্ৰৱেশ কৰিব নোৱাৰে ১০৮এম্বুলেঞ্চে।দেশে স্বাধীনতা লাভৰ ৭৫বছৰ সম্পূৰ্ণ কৰাৰ সময়ত এই অঞ্চলত আনকি প্ৰসূতীয়ে ডাংকোলাকৈ অনা অৱস্থাত বাটতে সন্তান জন্ম দিয়াৰ দৰে ঘটনা সংঘটিত হৈছে।শোণিতপুৰৰ বৰছলা বিধানসভা সমষ্টিৰ তথা বিহগুৰি উন্নয়ন খণ্ড অধীনস্থ বাঁহবাৰী গাঁওপঞ্চায়তৰ এই দুইনম্বৰ নতুন ঘগৰা গ্ৰান্ট এলেকাটোত চৰকাৰী উন্নয়নৰ নামত চলিছে কেৱল সীমাহীন দুৰ্নীতি।আৰ্থিক ভাবে দৰিদ্ৰ এই সকল লোকে যোৱা দীঘলীয়া সময়ত চৰকাৰী প্ৰতিনিধি নতুবা নিৰ্বাচিত প্ৰতিনিধিৰ পৰা লাভ কৰি আহিছে কেবল প্ৰৱঞ্চনা।আজি এইবিষয়ে স্থানীয় ৰাইজে ৰাজহুৱা ভাবে ক্ষোভ প্ৰকাশ কৰি কয় যে এতিয়া তেওঁলোকৰ একমাত্ৰ ভৰষা ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ওপৰতে।ৰাইজে কয় যে,কেৱল দুৰ্নীতিৰ ঘাটিত পৰিণত হোৱা উন্নয়ন খণ্ডৰ কনিষ্ঠ অভিযন্তা,পঞ্চায়ত সচিব,পঞ্চায়ত সভাপতিকে ধৰি সকলোৰে বিৰুদ্ধে দুৰ্নীতি বিৰোধী অভিযানৰে আইনী ব্যৱস্থা গ্ৰহণ কৰিব লাগে।আজি সংবাদ মাধ্যমৰ আগত ৰাইজে প্ৰকাশ কৰে যে,এই সকল লোকৰ দুৰ্দশাৰ অন্ত পেলাবলৈ মুখ্যমন্ত্ৰী ড° শৰ্মাই চকুমেলি চাব লাগে ।ৰাইজে প্ৰকাশ কৰে যে, মন্ত্ৰী, বিধায়ক, উপায়ুক্ত, বিডিঅ’ আদি সকলৰ কোনেও ভৰি দি পোৱা নাই বৃহত্তৰ অঞ্চলটোৰ ভিতৰুৱা ঠাইত।নিৰ্বাচনৰ আগে আগে ভোট বিচাৰি অঞ্চলটোৰ মাজভাগত সভা অনুষ্ঠিত কৰি উভতি যায় প্ৰাৰ্থী সকল।কেবল প্ৰতিশ্ৰুতিৰ ফুলজাৰি মাৰিয়েই ইমান দিনে এই সকল লোকক ঠগী আহিছে সকলোৱে।অঞ্চলটোৰ গনেশ মন্দিৰৰ পৰা ৰঙাপৰা, ঢেকিয়াজুলি, মিছামাৰী, টুমুকী সংযোগী গুৰুত্বপূৰ্ণ পথচোৱাৰ নিৰ্মাণৰ দাবী সুদীৰ্ঘকাল ধৰি ৰাইজে কৰি অহা সত্বেও আজিলৈকে এই পথটোৰ নিৰ্মাণ নহ’ল।উপায়ন্তৰ হৈ আজি দিনৰ প্ৰায় ১১বজাত ৰাইজে ক্ষোভত পথলৈ ওলাই আহি দিলে স্থানীয় বিধায়ক গণেশ লিম্বু মুৰ্দাবাদ ধ্বনি।আমাৰ ৰাস্তা নিৰ্মাণ কৰিব লাগিবই, আমাক দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰক,দুৰ্নীতিৰ বিছাৰ লাগে আদি ধ্বনিৰে পৰিবেশ উত্তাল কৰি তোলা ৰাইজে বৰছলা বিধান সভা সমষ্টিৰ এই পথটোৰ মেৰামতি আৰু নিৰ্মাণৰ নামত কেবল দুৰ্নীতি সংঘটিত হোৱা বুলি অভিযোগ কৰি ৰাইজে ইয়াৰে জড়িত সকলোৰে বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায়।ৰাইজে কয় যে,পথচোৱাৰ নিৰ্মাণৰ নামত শেহতীয়াকৈ জিলা পৰিষদ আৰু বিধায়ক পুঁজিৰ কোনো কামেই নহ’ল।এই সন্দৰ্ভত মহেশ্বৰ মেছ নামৰ ৭০বছৰীয়া লোকজনে কয় যে,অঞ্চলটোৰ মানুহৰ ভোট বিচৰাৰ বাহিৰে চৰকাৰী আঁচনিৰ কোনো সুবিধাই লাভ নকৰিলে।ইয়াৰ বিপৰীতে কেবল পঞ্চায়ত সভাপতি, উন্নয়ন খণ্ডৰ কনিষ্ঠ অভিযন্তা আদিয়ে মিলি ধনৰ অপচয় কৰা বুলি ক্ষোভ প্ৰকাশ কৰি তেওঁ লগতে কয় যে,নামঘৰৰ নামত আবন্টিত ধনো আনকি আত্মসাৎ কৰা হৈছে।আন এজন স্থানীয় ব্যক্তি প্ৰদীপ ৰাভাই প্ৰকাশ কৰে যে অগপ চৰকাৰৰ দিনত ৰাইজক পথটো নিৰ্মাণ কৰাৰ নামত যেনেদৰে আশাহত কৰা হ’ল একেদৰেই কংগ্ৰেছৰ দিনতো একে ঘটনাৰে পুনৰাবৃত্তি ঘটিল।তদানীন্তন বিধায়ক টংক বাহাদুৰ ৰায়ৰ কাৰ্যকালত প্ৰায় তিনিকিলোমিটাৰ অধিক দৈৰ্ঘৰ পথটো নিৰ্মাণৰ বাবে জোখ মাপ কৰাৰ পাছত আৰু কোনো কামেই নহ’ল।ৰাইজে ক্ষোভতে পৰৱৰ্তী সদয়ত ৰায়ক নাকচ কৰি বিজেপিৰ গনেশ লিম্বুক ভোট দান কৰে যদিও বিধায়ক লিম্বুৱেও প্ৰথমটো কাৰ্যকালত পথটোৰ নিৰ্মাণৰ বাবে কোনো উদ্যোগ নললে।ৰাভাই আৰু কয় যে,যোৱা নিৰ্বাচনৰ পূৰ্বে বিধায়ক লিম্বুৱে স্থানীয় ৰাইজক তেওঁ নিৰ্বাচনত বিজয়ী হ’লে প্ৰথম কাম হিচাপে পথটোৰ নিৰ্মাণ কৰিব বুলি প্ৰতিশ্ৰুতি দিছিল যদিও নিৰ্বাচনত জয়ী হোৱাৰ পাছত সেয়া এই পৰ্যন্ত কাৰ্যকৰী নহ’ল।আনহাতে,জিলা পৰিষদৰ পুঁজিৰ আঠ লাখ টকা আৰু বিধায়ক পুজিৰ তিনিলাখ টকাৰে পথৰ নিৰ্মাণ তথা বালি শিল পেলোৱা কাম সম্পূৰ্ণ নকৰিলে।ৰাইজে অভিযোগ কৰে যে, কেবল কমিছনৰাজৰ বাবেই পথটো এনে বিধ্বস্ত অৱস্থাতে পৰি ৰ’ল।স্থানীয় মহিলা জুৰী দেৱীয়ে প্ৰকাশ কৰে যে,গণেশ মন্দিৰৰ পৰা দুই নম্বৰ নতুন ঘগৰা গ্ৰান্টহৈ ৰঙাপৰা, ঢেকিয়াজুলি, ফুলগুৰি, মিছামাৰী, খেলমাটি, তেজপুৰ চিকিৎসা মহাবিদ্যালয় হস্পিতাল তথা কেন্দ্ৰীয় বিদ্যালয় সংযোগী পথটোৰে দৈনিক হেজাৰ হেজাৰ লোকে আহ যাহ কৰাৰ উপৰি ছাত্ৰছাত্ৰী সকলে যাতায়াত কৰিলেও বাৰিষা পথটোৰ অৱস্থা শোচনীয় হৈ পৰে।পথটোৰ মাজৰ পৰা এম্বুলেঞ্চ নোযোৱাত ৰাইজে গুৰুতৰ ৰোগীক কোলাত নাইবা ঠেলাত কঢ়িয়াব লগীয়া হয় বুলিও কয় তেওঁ।ৰাইজে আজি ক্ষোভৰে কয় যে,কংগ্ৰেছে প্ৰথমে ঠগিলে আৰু এতিয়া বিজেপি তথা বিধায়ক গনেশ লিম্বুৱেও ঠগাৰ লগতে বিহগুৰি উন্নয়ন খণ্ড, জিলা পৰিষদ, পঞ্চায়ত সকলোৱে ঠগিছে ৰাইজক।উল্লেখযোগ্য যে মুঠ ১১৭৫জন ভোটাৰ থকা এই বৃহত্বৰ অঞ্চলটোত প্ৰায় সকলোৱেই কৃষক আৰু দিনহাজিৰা কৰা থলুৱা লোক সকল বিভিন্ন সমস্যাৰে জৰ্জৰিত যদিও তেওঁলোকৰ বাবে এই পথটো আটাইতকৈ প্ৰয়োজন।এই সমস্যা শীঘ্ৰে সমাধানৰ বাবে তেওঁলোকে দাবী জনায়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More