হায় বিদ্যুৎ বিভাগঃ লখিমপুৰৰ আমতলাত এতিয়াও বহু গাঁৱত বাঁহৰ খুঁটাৰে গ্ৰাহকক বিদ্যুৎ সংযোগ

ভয়ংকৰ দুৰ্ঘটনাৰ সম্ভাৱনা

0 28

শতাব্দ প্ৰতিনিধি‍, লখিমপুৰ, ২১ আগষ্টঃ ৰাজ্যৰ শক্তিখণ্ডত চৰকাৰে আমূল পৰিৱৰ্তন হোৱা বুলি দাবী কৰি আহিলেও চৰকাৰৰ সেই আশ্বাস যে একপ্ৰকাৰে প্ৰহসন সেই কথা লখিমপুৰ জিলাৰ একাংশ গাঁৱৰ বিদ্যুৎ সংযোগ ব্যৱস্থাই পৰিস্ফুট কৰি তুলিছে৷ প্ৰাপ্ত খবৰ অনুসৰি লখিমপুৰ আৰু নাওবৈচা বিধান সভা সমষ্টিৰ বহু গাঁৱত এতিয়াও বিদ্যুৎ বিভাগে বাঁহৰ খুঁটাৰে গ্ৰাহকক বিদ্যুৎ সংযোগ দি আহিছে৷ যি কাৰ্যই নেকি ভয়ংকৰ দুৰ্ঘটনাৰ সম্ভাৱনা কঢ়িয়াই আনিছে৷ বিশেষকৈ লখিমপুৰ জিলাৰ পানীগাঁৱৰ সমীপৱৰ্তী তথা ৰঙানদীপৰীয়া বৃহত্তৰ আমতলা অঞ্চলত এতিয়াও বহু গ্ৰাহকে বাঁহৰ খুঁটাৰ জৰিয়তে বিদ্যুৎ সৰবৰাহ কৰি আহিব লগীয়া হৈছে৷ আমতলাৰ সমীপৱৰ্তী একাধিক গাঁৱত এই পৰ্যন্ত গ্ৰাহকে বিদ্যুৎৰ পকী খুঁটাৰ পৰিৱৰ্তে বাঁহৰ খুটাত তাঁৰ সংযোগ কৰি বিদ্যুৎ সেৱা লাভ কৰিব লগীয়া হৈছে৷ আমাৰ হাতত পৰা তথ্য অনুসৰি লখিমপুৰ বিদ্যুৎ সংমণ্ডলৰ অন্তৰ্গত আমতলা, দোৱাৰপাৰ, বন গাঁও, মলোৱালৰ বহু গ্ৰাহকে দুবছৰ ধৰি বাঁহৰ খুঁটাত সংযোগ কৰা বিদ্যুৎ তাঁৰৰ পৰা ঘৰ পোহৰাই আহিছে৷ অসম শক্তি বিতাৰক কোম্পানী লিমিটেডে প্ৰতি মাহে গ্ৰাহকৰ পৰা নিৰ্দিষ্ট হাৰত বিদ্যুৎ মাচুল সংগ্ৰহ কৰি আহিছে যদিও এ পি ডি চি এলে এইসকল গ্ৰাহকৰ সমস্যালৈ তিলমানো গুৰুত্ব প্ৰদান কৰা নাই৷ পথৰ দাঁতিত থকা বাঁহৰ খুঁটাসমূহ যিকোনো সময়ত পথত উভালি পৰাৰ সম্ভাৱনা স্পষ্ট হৈ পৰাৰ লগতে যাতায়াত বিধবস্ত, দুৰ্গম অঞ্চলটোত এনে তাঁৰসমূহ পথত পৰি নিশা বা দিনত যিকোনো সময়ত ভয়ংকৰ অঘটন ঘটোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে স্থানীয় সচেতন ৰাইজে৷ সেয়েহে এই ক্ষেত্ৰত বিদ্যুৎ বিভাগৰ সু-পদক্ষেপ কামনা কৰিছে এইসকল শংকিত গ্ৰাহকে৷ ইফালে আমতলাৰ গোপালপুৰত থকা এই টেন্সফমাৰটোৰ পৰা চাৰিখন গাঁৱৰ গ্ৰাহকসকলক বিদ্যুৎ সংযোগ কৰাত গ্ৰাহকসকলে একপ্ৰকাৰে টিপচাকিৰ দৰেহে পোহৰ লাভ কৰে৷ ভল্টেজ ডাউনৰ বাবে গ্ৰাহকসকলে কোনো কামেই সুকলমে কৰিব নোৱাৰে৷ এই বিষয়ে বহুবাৰ বিভাগীয় বিষয়াক আবেদন জনোৱাৰ পিছতো সংশ্লিষ্ট বিভাগে স্থানীয় লোকসকলক কোনো গুৰুত্ব প্ৰদান কৰা নাই৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More