ৰুবী বৰা
অকোৱা পকোৱা অচিন বাটেৰে টেক্সী আগবাঢ়িছিল চেইঁজ উপত্যকাৰ কানন গাঁৱলৈ বুলি, পাহাৰীয়া গাঁওবাসীয়ে কৰা এঢলীয়া খেতিবোৰ, তাৰ সিপাৰে ডাৱৰৰ মাজে মাজে লুকা ভাকু খেলি থকা তুষাৰে ভৰা শিখৰবোৰৰ কাষে কাষে। দিল্লীৰ পৰা অৰ্ডিনাৰী বাছত কৰা ভয়ংকৰ ১৪ ঘন্টীয়া নৈশ যাত্ৰাৰ পিছত এই নান্দনিক দৃশ্যৰ মাজেৰে কৰা মোৰ আৰামী টেক্সী যাত্ৰা একেবাৰে স্বৰ্গ যাত্ৰাৰ নিচিনা লাগিছিল। দিল্লীৰ পৰা কুল্লু-মানালী পথেৰে গৈ অ’ট টানেলৰ আৰম্ভনীতে চেইঁজ উপত্যকালৈ(Sainj valley) যোৱা পথটো ফাটি গৈছে।
কিছুদেৰীৰ পিছত গাড়ীখন ৰ’লগৈ। তাৰ পৰা খোজকাঢ়ি যাব লাগিব। ইতিমধ্যে আশীষে আন এজন সদস্য গৌৰৱক বাট দেখুৱাই নিবলৈ পঠিয়াই দিছে। তেওঁ আহি পোৱালৈকে ডাৱৰৰ সৈতে লুকাভাকু খেলি থকা চেইঁজ উপত্যকাৰ কিছু সৌন্দৰ্য্য উপভোগ কৰি ল’লো। গৌৰৱে আহি কানন গাঁৱলৈ স্বাগতম জনালে। গৌৰৱৰ পিছে পিছে পিঠিত ৰুকচেক লৈ ক্ৰমান্বয়ে আগবাঢ়িলো সদায় ছ’চিয়েল মেডিয়াত দেখি থকা ভাতৃসদৃশ বন্ধু আশীষৰ সপোন ’কানন হোষ্টেল’ৰ দিশে।
হিমাচলী যুৱক আশীষ চৌহান পেছাত এজন ট্ৰেকিং গাইড। ’হিমালয়ান ড্ৰিফটাৰ ’(Himalayan Drifter) বুলি এটা ট্ৰেভেল এজেন্সী আছে তেওঁৰ। ২০১৮ চনত হিমাচলতে এটা ট্ৰেকিং কৰিছিলো তেওঁৰ লগত। প্ৰতিটো মুহুৰ্ততে এনে লাগিছিল তেওঁ মোৰ গাইড নহয় যেন মোৰ দাদাহে। দুদিনতে আপোন হৈ পৰা গোটেই দলৰ প্ৰতিজন সদস্যৰে বেছ সুন্দৰ এটা ট্ৰেকিং কৰি আহিছিলো। তেতিয়াৰ পৰাই তেওঁৰ লগত মোৰ ভাল সম্পৰ্ক। আশীষসহ সেই দলটোৰে আন কেইজনমান ট্ৰেকাৰৰ সৈতে আমি আকৌ এবাৰ লগ পোৱাৰ আপাহতে আৰম্ভ হৈছিল এই যাত্ৰা।
চহৰৰ কোলাহলৰ পৰা সম্পূৰ্ণ নিলগত, সেউজীয়াৰে ভৰা পাহাৰটোৰ চৰাই-চিৰিকটিৰ মাতৰ মাজে মাজে প্ৰায় পোন্ধৰ বিশ মিনিটমান থিয় ৰাস্তাৰে উঠি গৈ ওপৰৰ পৰা ভাঁহি অহা মাতত মূৰ তুলি চাই দেখো সেউজীয়া মুধচেৰে, গোটেইখন কাঁচৰ খুৱ ধুনীয়া ঘৰ এটাৰ খিৰিকিয়েদি আশীষ আৰু মাধৱে আমাক দেখি কিৰিলিয়াই আছে। দুদিন ধৰি বহি বহি কৰা যাত্ৰাত হাত ভৰিবোৰ জঠৰ লাগিছিল আৰু সেয়ে আমি ওপৰলৈ উঠি যোৱাত যথেষ্ট কষ্ট হৈছিল। ফোপাই ফোপাই মূৰ তুলি সিহঁত দুটাৰ চিঞৰত ভাগৰ কেনি পলাল গমেই নাপালো। কিন্তু সিহঁতৰ ওচৰ পাবলে তেতিয়াও যথেষ্ট খিনি উঠিবলৈ বাকী আছিল। কিন্তু ধুনীয়া ঘৰটো আৰু সিহঁতকেইটাৰ চিঞৰ বাখৰত ক’ৰ পৰানো ইমান শক্তি আহিল নাজানো ঘপ ঘপকে গৈ পালোগৈ কিবাকে।
’কানন’ পায়েই ব্ৰেক্ফাষ্ট কৰি মই আৰু অতুল ওলাই গ’লো। বৰষুণ দি আছিল অলপ অলপ । পাহাৰটোত খাপ খাপকে ক্ৰমান্বয়ে তলৰ পৰা ওপৰলৈ গাঁওখন। এটা খাপত প্ৰায় এটা ঘৰ বহাই আগফালে সৰুকে অকনমান চোতালৰ জোখাৰে মাটি। ঘৰৰ কাষৰ মাটিখিনিত ফলৰ খেতি। একেটা খলপতে থকা এটা ঘৰৰ পৰা আনটো ঘৰলৈ দেখি নাপায়। চিঞৰি মাতিলেহে শুনি পায়। অৱশ্যে কোনোবাখিনিত একে পৰিয়ালৰ দুই তিনিঘৰ মিলি চুবুৰী পাতি আছে, কিন্তু বহুত কম।গাঁওখনৰ পৰ্যটনৰ সৈতে পৰিচয় কম সেয়ে গাঁৱৰ মানুহবোৰে আমাক ঘূৰি ঘূৰি চাইছিল। আমিও সুবিধা বুজি তেওঁলোকৰ লগত বিভিন্ন কথা পাতিছিলো। আমি গৈ গৈ গাঁওখনৰ শেষ মূৰ পাইছিলোগৈ। তাৰ পৰা মানুহৰ ঘৰ নাই। পাইন গছবোৰৰ মাজেদি লুংলুঙীয়া বাট এটাৰে পাহাৰৰ ভিতৰলৈ গৈছে। আমি আন এটা ৰাষ্টাৰে ওপৰলৈ উঠি গ’লো। য’ত পালোগৈ তাত এটা পামঘৰ আছে। কেওফালে নৰাবগৰীৰ গছ। পকি পকি সৰি আছে। আচলতে নৰা বগৰীৰ নিচিনাহে কিন্তু অলপ পাৰ্থক্য আছে দেখাত। ভিতৰচোৱা একেই। পকি হালধীয়া হৈ তলভৰি আছে। ঠিকছে খালো। পকেটত ভৰায়ো ল’লো। ঘূৰি আহোতে এজাক ল’ৰা ছোৱালী লগ পালো, গালবোৰ ৰঙা ৰঙা, বিৰাট মৰমলগা। আমাক দেখি খুৱ লাজ কৰিছিল সিহঁতে, ডাঙৰ দুটামানে আকৌ ধুনীয়াকে হাঁহি ‘নমস্তে‘ বুলি কৈ পাৰ হৈ গৈছিল। মাজে মাজে আপেল ছিঙি খালোঁ। আপেল আকৌ দুবিধৰ আছিল। এবিধ সাধাৰণ আমি দেখি থকা গোল গোল আৰু আনবিধ ডালিমৰ আকৃতিৰ। ডাল ভৰি ভৰি থকা আপেল, প্লামবোৰ দেখি মই কি কৰোঁ কি নকৰোঁ হৈ গৈছিলো। বৰষুণ বাঢ়ি অহাত আমি আকৌ কাননলৈ ঘূৰি গ’লো।ইতিমধ্যে চিমলাৰ পৰা আহি থকা ৰাজনিশো পালেহি। ভাত খাই অলপ শুলো। গধুলি হোৱাৰ লগে লগে মহল সলনি হৈ গ’ল। আৰু দুজনী ছোৱালী আহি পালেহি, মেহফিল ৰসাল হৈ পৰিল। বাকীবোৰ মেহফিলত লাগি থাকিল মই ১১ টা মানত শুই গ’লো। কিয়নো মোৰ আগৰ নিশা টোপনি খতি, আগত ট্ৰেকিং আছে গতিকে শৰীৰটোক অলপ জিৰণি নিদিলে কষ্ট হ’ব।
সেই যে শুলো পিছদিনা ৰাহুলৰ মাতত সাৰ পালো। বতৰ মুকলি হৈছিল। মোৰ কোঠাৰ কাষৰ কাঁচৰ খিৰিকিখনেদি গোটেই পাহাৰবোৰ দেখিছিলোঁ। মাজে মাজে ডাৱৰবোৰ ভাঁহি ফুৰিছে। বেলকনিলৈ গ’লো, আগফালে তললৈ গোটেই গাঁও খনৰ ওপৰেদি ডাৱৰবোৰ শোভাযাত্ৰা কৰাৰ দৰে ওপৰৰ পৰা তললৈ ঢাপলি মেলিছে। গাঁওখনৰ নামৰ অৰ্থ যেন গাঁওখনৰ প্ৰতিটো চুকে কোণে প্ৰৱাহিত। চিৰিয়েদি নামি গ’লো চাহৰ কাপটো হাততে লৈ। কাষতে থকা ঘৰটোৰ মানুহগৰাকীৰ লগত অলপ কথা পাতিলো। অলপ সময়ৰ পিছতে মানুহগৰাকী তেওঁৰ স্বামীৰ সৈতে আমি থকা ঘৰটোৰ কাষৰ মাটিডোখৰত কাম কৰি আছিল। মানুহজনে সেই অকণমান মাটিতে গাম বুট এযোৰ পিন্ধি মূৰত পাহাৰী টুপিটো পিন্ধি, গছৰ ডাল এটা হাতত লৈ গৰুহালক হেচুকি হেচুকি হাল বাই আছিল। আৰু মহিলা গৰাকীয়েও জোতা এযোৰ পিন্ধি মাটিডোখৰ পৰা ওলোৱা গছ বনবোৰ আঁতৰাই আছিল। ইফালে গছ বোৰত ডাল ভৰি থকা ফলবোৰ খাবলৈ অহা চৰাইবোৰৰ চিঞৰ বাখৰ। মুঠতে এক মনোৰম পৰিৱেশ। বহু সময় তাতে বিভোৰ হৈ আছিলো। ওপৰৰ পৰা আশীষে মাত লগোৱাত কোঠা পালোগৈ। ৰাহুলৰ হাতৰ ৰুটি চব্জি খাই সকলো যাবলৈ সাজু হ’লো, মানালিৰ পৰা কিছু দূৰত থকা শিশু গাঁও অভিমুখে, য’ৰ পৰা আৰম্ভ হ’ব আমাৰ বহু প্ৰত্যাশিত ট্ৰেকিং যাত্ৰা।
শতাব্দৰ প্ৰতিটো লেখনিয়েই মনোগ্ৰাহী হৈছে৷