হৰ ঘৰ ত্ৰিৰংগাঃ এইবাৰ খদ্দৰৰ ত্ৰিৰংগাৰ বিপৰীতে ঘৰে ঘৰে উৰিব ‘চিল্ক’ৰ ত্ৰিৰংগা

 লখিমপুৰত প্ৰস্তুত হাজাৰ হাজাৰ ত্ৰিৰংগা : বিক্ৰী কেন্দ্র মুকলি

0 71

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২৬ জুলাইঃ  এইবাৰ উদযাপন হ’ব লগা ৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে সমগ্ৰ দেশত ঘৰে ঘৰে ত্ৰিৰংগা পতাকা উত্তোলনৰ পদক্ষেপ গ্রহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে। কেন্দ্ৰীয় চৰকাৰে স্বাধীনতাৰ অমৃত মহোৎসৱ উপলক্ষে এইবাৰ দেশৰ প্রত্যকেজন লোককে ঘৰে ঘৰে পতাকা উত্তোলন কৰিবলৈ আহ্বান জনাইছে। অৱশ্যে এনে লোকৰ উপৰি চৰকাৰী বিভিন্ন আঁচনিৰ অনুদান লাভ কৰা প্রত্যেক হিতাধিকাৰীৰ ঘৰে ঘৰে তিনিদিনীয়াকৈ দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিবসটি উদযাপনৰ নিৰ্দেশ দিছে। তাৎপর্যপূর্ণ কথা যে এইবাৰ দেশত প্ৰথমবাৰৰ বাবে ঘৰে ঘৰে উৰিব পূৰ্বৰ খাদী কাপোৰৰ ত্ৰিৰংগাৰ ঠাইত চিল্কৰ ত্ৰিৰংগা পতাকা। ইয়াৰ বাবে লখিমপুৰৰ বিভিন্ন পঞ্চায়ত এলেকাত প্রস্তুত কেন্দ্ৰ আৰু বিক্ৰী কেন্দ্ৰ মুকলি কৰা হৈছে। লখিমপুৰৰ আজাদ বাঁহপাতি তিনিআলিতো এনে প্রস্তুত আৰু বিক্ৰীকেন্দ্ৰ মুকলি কৰি প্ৰতিখন ত্ৰিৰংগাৰ মূল্য ৩০-৫০ টকা ধাৰ্য কৰিছে। প্ৰাপ্ত তথ্য অনুসৰি চৰকাৰৰ বিভিন্ন আঁচনি লাভ কৰা আত্ম সহায়ক গোটকে ধৰি অৰুণোদয়, এনৰেগা আদি আঁচনি অর্ন্তভুক্ত হোৱা হিতাধিকাৰীসকলে কেন্দ্ৰীয় চৰকাৰৰ এই ‘হৰ ঘৰ ত্ৰিৰংগা’ৰ অধীনত ঘৰে ঘৰে একোখনকৈ ত্রিৰংগা পতাকা উত্তোলন কৰিব লাগিব। দেশৰ জনতাৰ মাজত দেশপ্রেমমূলক ভাৱ অধিক জাগ্ৰত কৰাৰ লক্ষ্যৰেই কেন্দ্ৰীয় চৰকাৰে এনে পদক্ষেপ গ্রহণ কৰি সংশ্লিষ্ট পক্ষলৈ নির্দেশনা প্রেৰণ কৰিছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More