শতাব্দ প্ৰতিনিধি, তেজপুৰ , ৩০ অক্টোবৰ: কুৰি শতিকাৰ প্ৰথম দুটা দশকত অসমৰ জাতীয় জীৱনলৈ ইতিবাচক জোৱাৰ আনোতা, অসমৰ সামাজিক ৰাজনৈতিক জীৱনৰ বৰনাওখনৰ কাণ্ডাৰী তথা বিহগুৰিৰ গৌৰৱ কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মাৰ মৃত্যু শতবৰ্ষৰ সামৰণি অনুষ্ঠান অহা ১৬ আৰু ১৭ ডিচেম্বৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব বিহগুৰিত। যোৱা ২০ জুলাইত তেখেতৰ মৃত্যু তিথিৰ লগত সংগতি ৰাখি শতবৰ্ষৰ কাৰ্যসূচীৰ শুভাৰম্ভণি অনুষ্ঠান অনুস্থিত হোৱাৰ পাছত অহা ১৬ আৰু ১৭ ডিচেম্বৰত বিহগুৰিৰ কৰ্মবীৰ চন্দ্ৰনাথ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হ’ব মৃত্যু শতবৰ্ষৰ মূল কাৰ্যসূচী। কাৰ্যসূচী অনুসৰি ১৬ ডিচেম্বৰৰ পুৱা ৯ বজাত পতাকা উত্তোলন, ৯-২০ বজাত বন্তি প্ৰজ্বলন, ৯-৩০ বজাত শ্বহীদ তৰ্পণ, ৯-৪৫ স্মৃতি তৰ্পণ, ১০-১৫ বজাত বৃক্ষৰোপণ, ১০-৪০ বজাত বিজ্ঞান প্ৰদৰ্শনীৰ দ্বাৰ উন্মোচন, ১১ বজাত স্হানীয় মহিলাৰ দ্বাৰা দিহানাম পৰিবেশন, বিয়লি ১ বজাত বঁটা বিতৰণী আৰু ১-৩০ বজাত অনুষ্ঠিত হ’ব “ভাৰতৰ স্বাধীনতা সংগ্ৰামত অসমৰ ভূমিকা” শীৰ্ষক আলোচনা সত্ৰ। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি ৰাণা প্ৰতাপ বৰুৱাই উদ্বোধন কৰিব লগীয়া আলোচনাসত্ৰখন সঞ্চালনা কৰিব দৰং মহাবিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষা ড° স্বাধীনতা মহন্তই।আলোচক ৰূপে অংশগ্ৰহণ কৰিব বিশিষ্ট নিবন্ধকাৰ ময়ূৰ বৰা, অসম পাঠ্যপুথি প্ৰণয়ন নিগমৰ উপ সভাপতি তুলসী বৰঠাকুৰ আৰু তেজপুৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড° প্ৰাণজিৎ হাজৰিকাই। সন্ধিয়া বিহগুৰিৰ প্ৰতি ঘৰৰ পদূলিত বন্তি প্ৰজ্বলন কাৰ্যসূচী। ১৭ ডিচেম্বৰৰ পুৱা ৯ বজাত শোভাযাত্ৰা, ১১ বজাত অনুষ্ঠানৰ মূল কাৰ্যসূচী “মূল সভা “। কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মা মৃত্যু শতবৰ্ষ সোঁৱৰণী সমিতিৰ সভাপতি জ্যোতিকমল হাজৰিকাৰ পৌৰোহিত্যত অনুষ্ঠিত হ’বলগীয়া মূল সভা উদ্বোধন কৰিব কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা মীনাক্ষী গোস্বামীয়ে। মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। সভাতে মৃত্যু শতবৰ্ষৰ উদযাপন সমিতিয়ে মুখ্যমন্ত্ৰী ড°হিমন্তবিশ্ব শৰ্মাক “জনকন্ঠ” উপাধি প্ৰদান কৰিব। সভাত সন্মানীয় অতিথি ৰূপে অংশগ্ৰহণ কৰিব মন্ত্ৰী অশোক সিংহল, সাংসদ পল্লৱলোচন দাস, বিধায়ক পদ্ম হাজৰিকাই। বিশিষ্ট অতিথি ৰূপে অংশগ্ৰহণ কৰিব বিধায়ক গণেশ কুমাৰ লিম্বু, পৃথ্বিৰাজ ৰাভা আৰু কৃষ্ণ কমল তাঁতীয়ে। স্মৃতিগ্ৰন্থ উন্মোচন কৰিব অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদৱ শৰ্মাই। সন্ধিয়া ৬ বজাত চন্দ্ৰনাথ শৰ্মা স্মৃতি ভৱনত অনুষ্ঠিত হ’ব অমিতাভ কলিতাৰ পৰিচালনাত নাট প্ৰদৰ্শন। কৰ্মবীৰজনৰ কৰ্ম ৰাজি নৱ-প্ৰজন্মৰ মাজত প্ৰচাৰৰ উদ্দেশ্যেৰে আয়োজন কৰা এই অনুষ্ঠানত ছাত্ৰ-ছাত্ৰী, ৰাইজৰ উপস্হিতি উদযাপন কমিটীৰ সম্পাদক ত্ৰৈলোক্য মোহন নাথে একান্ত ভাবে কামনা কৰিছে।
ছাইন ইন / যোগদান
ছাইন ইন
পাছৱৰ্ড ৰিক’ভাৰ কৰক.
A password will be e-mailed to you.