১৮ ডিচেম্বৰত ঘূনাসুঁতি দলঙৰ শিলান্যাস

ঐতিহাসিক জংকি পানৈৰ দেশ ঘূনাসুঁতিত মন্ত্ৰী অতুল বৰা

0 93

শতাব্দৰ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ ২ ডিচেম্বৰঃ ইতিহাসত পৰিণত হ’ব সোৱণশিৰিৰ বুকুৰে ঐতিহাসিক ঘূনাসুঁতিলৈ নৌকা যাত্ৰা কৰা পৰ্ব৷ যুগ যুগ ধৰি বৃহত্তৰ ঘূনাসুঁতিবাসীয়ে যমৰ যাতনা ভোগ কৰি সোৱণশিৰিৰ বুকুৰে ঘূনাসুঁতিৰ পৰা লখিমপুৰ নগৰৰ লগত যোগাযোগ ৰক্ষা কৰিব লগা হৈছিল৷ আজি জংকি পানৈৰ দেশ ঘূনাসুঁতিত ৰাজ্য চৰকাৰৰ মন্ত্ৰী অতুল বৰা উপস্থিত হৈ ঘূনাসুঁতিবাসীৰ লগত আলোচনাত মিলিত হোৱাৰ লগতে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই অহা ১৮ ডিচেম্বৰত ঘূনাসুঁতি দলঙৰ শিলান্যাস আৰু ভূমি পূজনৰ শুভাৰম্ভ কৰিব বুলি অৱগত কৰাত ঘূনাসুঁতিবাসী উৎফুল্ল হৈ পৰে৷ স্বাধীনতাৰ ৭৫ বছৰৰ পিছত যেন ঘূনাসুঁতিত নতুন প্ৰভাতৰ সূচনা হ’ব৷ ১৮ ডিচেম্বৰৰ এই শুভাৰম্ভ অনুষ্ঠানৰ সমগ্ৰ ব্যৱস্থাপনাৰ বিষয়ে বুজ লোৱাৰ বাবেই আজি মন্ত্ৰী অতুল বৰাৰ লগত লখিমপুৰৰ বিধায়ৰ মানৱ ডেকা, ঢকুৱাখনাৰ বিধায়ক নৱ কুমাৰ দলে ঘূনাসুঁতিত উপস্থিত হৈ ঘূনাসুঁতি আঞ্চলিক ৰংগমঞ্চ বাঘমৰাত এখন সভাত অংশগ্ৰহণ কৰে৷ সহস্ৰাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত আজিৰ সভাখন সঞ্চালনা কৰে এম এ চিৰ কাৰ্যবাহী সদস্য বিজু পেগুৱে৷WhatsApp Image 2022 12 02 at 7.12.18 PM ১৮ ডিচেম্বৰৰ মুখ্যমন্ত্ৰীৰ ভূমি পূজন অনুষ্ঠানত ঘূনাসুঁতিবাসীৰ লগতে ৰাইজৰ উপস্থিতি আৰু সহযোগিতা কামনা কৰে মন্ত্ৰী অতুল বৰাই৷ উল্লেখ্য যে ৰাজ্য চৰকাৰৰ কেবিনেটত অনুমোদন হোৱা সোৱণশিৰি নদীৰ এই প্ৰস্তাৱিত ঘূনাসুঁতি দলঙৰ ৫৫৩ কোটি টকা ধাৰ্য কৰা হৈছে আৰু প্ৰথম পৰ্যায়ত চৰকাৰে ৩১৫ কোটি টকা মোকলাই দিছে৷ ইতিমধ্যে নিবিদা হৈ যোৱা দলংখন চাৰিলেনযুক্ত হোৱাৰ লগতে ২.৪ কিলোমিটাৰ দৈঘ্য আৰু ১২ মিটাৰ প্ৰস্থৰ হ’ব বুলি বিভাগীয়. কতৃৰ্পক্ষই জানিবলৈ দিছে৷ দলংখনৰ ভূমিপূজন ঘূনাসুঁতিৰ পাৰে হোৱাতো নিশ্চিত যদিও এই পৰ্যন্ত ভূমি পূজনৰ স্থান নিৰূপণ হোৱা নাই আৰু উক্ত স্থান নিৰূপনৰ বাবে লখিমপুৰৰ অভিভাৱক মন্ত্ৰীজনে জিলা উপায়ুক্তক দায়িত্ব অৰ্পণ কৰিছে৷ আজিৰ এই আলোচনা সভাত জিলা উপায়ুক্ত সুমিত সাত্তাৱনৰ লগতে পৰিবহণ বিভাগৰ অধ্যক্ষ অশোক ভট্ট ৰয়, জিলা আৰক্ষী অধীক্ষক বেদান্ত মাধৱ ৰাজখোৱা, লখিমপুৰ জিলা পৰিষদৰ সদস্য বসন্ত দাসকে ধৰি বহু লোকে অংশগ্ৰহণ কৰে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More