১৯ বছৰ বয়সতে ১০০০ কোটিৰ সম্পত্তি

ধনীৰ তালিকাত কৈবাল্য বহৰা

0 26

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৫ ছেপ্টেম্বৰ : শেহতীয়াকৈ AIIFL Wealthই প্ৰকাশ কৰিছে Hurun India Rich List 2022। দেশৰ আটাইতকৈ ধনী লোকসকলে এই তালিকাত স্থান লাভ কৰিছে। তাত কেইবাজনো ষ্টাৰ্ট-আপ বিল্ডাৰৰ নামো ৰখা হৈছে। তাৰে এজন হৈছে কৈবাল্য বহৰা। এই তালিকাত তেওঁ আটাইতকৈ কম বয়সীয়া। তালিকা অনুসৰি জেপ্টো (Zepto)ৰ নিৰ্মাতা বহৰাৰ সম্পত্তিৰ পৰিমাণ হৈছে ১০০০ কোটি টকা। ১৯ বছৰ বয়সতে কৈবাল্য বহৰাই হুৰুণ ইণ্ডিয়া ৰিচ লিষ্টত স্থান লাভ কৰিছে। কৈবাল্য বহৰা সহকৰ্মী আদিত পালিচাৰৰ সৈতে জেপ্টোৰ সহ-প্ৰতিষ্ঠাপক আছিল। খবৰ অনুসৰি, তেওঁলোকে মাজভাগতে ষ্টেনফৰ্ড এৰি থৈ যায় আৰু তাৰ পিছত তেওঁলোকে এটা ব্যৱসায় আৰম্ভ কৰাৰ সিদ্ধান্ত লয়। তেওঁলোকে প্ৰথমে কিৰণাকাৰ্ট (KiranaKart) আৰম্ভ কৰিছিল। পিছত নাম সলনি কৰি জেপ্টো ৰাখে। এই বছৰ এই কোম্পানীটোৰ মূল্য ৭৩১ কোটি (৯০ কোটি ডলাৰ)। ২০২১ চনৰ এপ্ৰিল মাহত জেপ্টোৱে ফাষ্ট ট্ৰেড সেৱা আৰম্ভ কৰিছিল। সময়মতে অৰ্ডাৰ পূৰণ কৰিবলৈ ‘ক্লাউড ষ্ট’ৰ’ বা ‘মাইক্ৰ’-ৱেৰহাউচ’ নেটৱৰ্কৰ জৰিয়তে জেপ্টোৱে কাম কৰে। এইবোৰক ডাৰ্ক ষ্ট’ৰ বুলিও কোৱা হয়। সাধাৰণতে এই দোকানবোৰ চহৰৰ মাজমজিয়াত অৱস্থিত সৰু সৰু গুদাম। ইয়াৰ জৰিয়তে মহানগৰীৰ বিভিন্ন প্ৰান্তলৈ অতি ক্ষিপ্ৰতাৰে অৰ্ডাৰ ডেলিভাৰী কৰিব পৰা যায়। ইফালে জেপ্টোৰ নিৰ্মাতা কোম্পানীটোৰ বাহিৰেও আদানি গ্ৰুপৰ গৌতম আদানী, মুকেশ আম্বানী, ভেকচিন নিৰ্মাতা কোম্পানী চাইৰাছ এছ পুনাৱালা এই তালিকাত আছে। ৫০৬ হাজাৰ কোটি টকাৰ সম্পত্তিৰে ১০০ জন ষ্টাৰ্টআপ প্ৰতিষ্ঠাপকে প্ৰথমবাৰৰ বাবে এই সমৃদ্ধ তালিকাত স্থান লাভ কৰিছে। তেওঁলোকৰ সকলোৰে গড় বয়স ৪০ বছৰ। ইয়াৰ ভিতৰত কৈবাল্য বহৰা আটাইতকৈ কনিষ্ঠ।IMG 20220824 WA0001

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More