১ মে’ত গোগামুখত সন্মিলিত গণশক্তিৰ শ্ৰমিক অভিবৰ্তন

0 15
শতাব্দ প্ৰতিনিধি‍, লখিমপুৰ, ২৬ এপ্ৰিলঃ সন্মিলিত গণ শক্তি অসমৰ উদ্যোগত আৰু সন্মিলিত শ্ৰমিক শক্তি অসমৰ সহযোগত অহা ৰ মে’ত আন্তৰ্জাতিক শ্ৰমিক দিৱসটি এইবাৰ গোগামুখৰ আৱতানি লত্তাত এখন বিশাল শ্ৰমিক অভিবৰ্তনৰ আয়োজন কৰা হৈছে৷ শ্ৰমিকসকলৰ অধিকাৰ সন্দৰ্ভত সজাগতা আনি এক সু-সংগঠিত ঐক্যবদ্ধ শ্ৰমিক সংগ্ৰাম গঢ়ি তোলাৰ লক্ষ্যৰেই সন্মিলিত গণশক্তি অসমৰ ষষ্ঠ ত্ৰি-বাৰ্ষিক ঢকুৱাখনা অধিৱেশনৰ ভাতৃ সংগঠন হিচাপে সন্মিলিত শ্ৰমিক শক্তি অসম গঠন কৰা হয়৷ শ্ৰমিক আইন আৰু এই আইনে শ্ৰমিক সকলক প্ৰদান কৰা সা-সুবিধা তথা অধিকাৰ সম্পৰ্কে সৰহ সংখ্যক শ্ৰমিক তথা শ্ৰমিক সংগঠন অৱগত নহয়৷ সেয়েহে ৰ মেত অনুষ্ঠিত হ’ব লগা শ্ৰমিক অভিবৰ্তনত শ্ৰম বিশেষজ্ঞ, জ্যেষ্ঠ শ্ৰমিক নেতা, ন্যায়িক দিশৰ লগত জড়িত বিশেষজ্ঞ আদিয়ে সমল ব্যক্তি হিচাপে অংশ গ্ৰহণ কৰিব আৰু ইয়াত ‘শ্ৰমিক আইন আৰু শ্ৰমিকৰ অধিকাৰ’ শীৰ্ষক এক আলোচনাও অনুষ্ঠিত হ’ব৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সন্মিলিত শ্ৰমিক শক্তি অসমৰ খণ্ড শক্তি সমূহৰ পৰা ১০ জনকৈ প্ৰতিনিধি আৰু স্থানীয় ধেমাজি জিলাৰ ১২টাকৈ শ্ৰমিক সংগঠনে এই অভিবৰ্তনত সম্পূৰ্ণ সক্ৰিয় ভাৱে অংশগ্ৰহণ কৰিব৷ সকলো শুভাকাংক্ষী সংগঠন আৰু ৰাইজক অভিবৰ্তনত অংশগ্ৰহণ কৰি শ্ৰমিক সকলৰ ন্যাৰ্যপ্ৰাপ্তিৰ সংগ্ৰামখন আগুৱাই নিবলৈ আহ৩ান জনাইছে সন্মিলিত গণশক্তি অসমৰ প্ৰশাসনিক সাধাৰণ সম্পাদক পুৰুষোত্তম দলে৷
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More