১ লিটাৰ ইন্ধনেৰে চলিব ৪৫০ কিলোমিটাৰ!

পেট্ৰ’ল-ডিজেল ব্যয়ৰ বাবে আৰু চিন্তা নাই

0 24

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৪ আগষ্ট : কেন্দ্রীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্রী নীতিন গাডকাৰীয়ে সততে দেশবাসীক পেট্ৰ’ল-ডিজেলৰ বাহন এৰিবলৈ আহ্বান জনাই আহিছে নিত্য বৃদ্ধি পোৱা ইন্ধনৰ মূল্যবৃদ্ধিৰ পৰিপ্ৰেক্ষিতত। তেওঁ বাৰে বাৰে প্ৰদূষণ হ্ৰাস আৰু পৰিবহণ ব্যয় মোকাবিলা কৰিবলৈ বৈদ্যুতিক বাহনৰ ব্যৱহাৰৰ ওপৰত আলোকপাত কৰে। কেৱল এয়াই নহয়, তেওঁ লগতে কয় যে ডিজেল বাছতকৈ ইলেক্ট্ৰিক বাছৰ টিকট প্ৰায় ৩০ শতাংশ সস্তা হ’ব পাৰে। তদুপৰি তেওঁ হাইড্ৰ’জেন গাড়ীৰ ব্যৱহাৰৰ কথাও কয়। মধ্যপ্ৰদেশৰ ইন্দোৰত ১ আগষ্ট সোমবাৰে এক অনুষ্ঠানত মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানৰ উপস্থিতিত জনপ্ৰতিনিধিৰ ওচৰত এক অনন্য দাবী উত্থাপন কৰে নীতিন গাডকাৰীয়ে। তেওঁ ক’লে— “আপোনালোকৰ সকলো দাবী আমি মানি লওঁ। কিন্তু মোৰ এটা দাবীও আছে, যিটো আপোনালোকে পূৰণ কৰিব লাগিব। আৰু সেই দাবী দেশৰ আটাইতকৈ পৰিষ্কাৰ চহৰখনক শব্দ প্ৰদূষণ, বায়ু প্ৰদূষণ আৰু পানী প্ৰদূষণৰ পৰা ৰক্ষা কৰা। সকলোৱে পূৰ্ণ ভক্তিৰে এই কৰ্তব্য পালন কৰক। ইন্দোৰক দেশৰ এখন আদৰ্শ চহৰ হিচাপে গঢ়ি তোলাৰ বাবে প্ৰয়াস কৰা উচিত।”

* গাডকাৰীৰ পৰামৰ্শ
এই প্ৰসংগত তেওঁ কয়— “নগৰৰ নলা-নৰ্দমাৰ পৰা বৈ অহা পানী শুদ্ধ কৰক। তাৰ পিছত ইলেক্ট্ৰ’লাইজাৰ এটা ৰাখক। তাৰ পৰা হাইড্ৰজেন নিষ্কাশন কৰি ইথানলৰ ওপৰত চলি থকা জেনেৰেটৰ স্থাপন কৰি সেউজীয়া হাইড্ৰজেন উৎপন্ন কৰক। আৰু তাৰ পৰা বাছ আৰু ট্ৰাক চলাওক। ইয়াৰ দ্বাৰা কেৱল পৰিৱেশ নহয়, টকাও ৰাহি হ’ব। এক লিটাৰ সেউজীয়া হাইড্ৰজেনৰ দাম হ’ব ১ ডলাৰ। যাৰ সহায়ত আপুনি ৪৫০ কিলোমিটাৰ পৰ্যন্ত যাব পাৰে। ইয়াত ধোঁৱা বা কোলাহল নাথাকিব। এইদৰে পকেট আৰু পৰিৱেশ দুয়োটা ৰক্ষা কৰক।” কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে আৰু কয়— “মই ডিজেল বা পেট্ৰ’ল গাড়ীত বহি নাথাকোঁ। বৰঞ্চ মই ইলেক্ট্ৰিক গাড়ী ব্যৱহাৰ কৰোঁ। দিল্লীত মই হাইড্ৰজেন গাড়ীৰে যাত্ৰা কৰোঁ। যিটো মাৰ্চিডিজতকৈ ভাল। কেন্দ্ৰীয় চৰকাৰে আনিছে ৫০ হাজাৰ ইলেক্ট্ৰিক বাছ। কাৰণ ডিজেল বাছ চলোৱাত প্ৰতি কিলোমিটাৰত ১১৫ টকা খৰচ হয়। আনহাতে, এখন ইলেক্ট্ৰিক বিলাসী এ চি বাছৰ ক্ষেত্ৰত ব্যয় প্ৰতি লিটাৰত ৪১ টকা আৰু নন এ চি ইলেক্ট্ৰিক বাছৰ ব্যয় প্ৰতি কিলোমিটাৰ মাত্ৰ ৩৮ টকা।”

* শিৱৰাজলৈ আহ্বান
তেওঁ লগতে মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানক আহ্বান জনায় যে অহা পাঁচ বছৰৰ ভিতৰত মধ্যপ্ৰদেশৰ ৰাজ্যিক পৰিবহণ বাছসমূহ সম্পূৰ্ণ বৈদ্যুতিক বাছ হিচাপে ঘোষণা কৰা উচিত। তেওঁ কয়— “সমগ্ৰ মধ্যপ্ৰদেশৰ বাছসমূহ কেনেকৈ কোনো খৰচ নোহোৱাকৈ চলিব পাৰে তাৰ সমাধান কৰিবলৈ পৰামৰ্শ দিছোঁ। আজি জনসাধাৰণে ডিজেল বাছৰ ভাড়াতকৈ ৩০ শতাংশ কম মূল্যত শীততাপ নিয়ন্ত্ৰিত বৈদ্যুতিক বাছত যাত্ৰা কৰিব পাৰে। গতিকে পেট্ৰল আৰু ডিজেল ব্যৱহাৰ বন্ধ কৰক। ই আমাৰ দায়িত্ব আৰু আপোনালোকৰো।”

* পৰিবহণ খণ্ডত দ্ৰুত পৰিৱৰ্তন
নীতিন গাডকাৰীয়ে লগতে কয়— ‘‘মই কওঁ অহা ২৫ৰ পৰা ৫০ বছৰত গ্ৰীণ হাইড্ৰ’জেন, ইথানল, বায়’-চিএনজি, বায়’-এলএনজিৰ ক্ষেত্ৰত মধ্যপ্ৰদেশ এক নম্বৰ হ’ব লাগে। সকলোৱে এই দিশত চিন্তা কৰা উচিত। পৃথিৱীখন দ্ৰুতগতিত পৰিৱৰ্তিত হোৱাৰ লগে লগে পৰিবহণ খণ্ডটোও হ’ব লাগিব। আমি যাতে শক্তিৰ আমদানিকাৰকৰ পৰিৱৰ্তে ৰপ্তানিকাৰক দেশ হ’ব পাৰোঁ তাৰ বাবে প্ৰচেষ্টা হাতত লোৱা উচিত। নতুন লক্ষ্যৰে কাম কৰক।”

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More