২০২৪ চনৰ মাৰ্চ মাহৰ পূৰ্বে সম্পূৰ্ণ হ’ব তিনিচুকীয়া মেডিকেল কলেজৰ নিৰ্মাণকাৰ্য

তিনিচুকীয়াত সাংবাদিকৰ সৈতে চাহমেলত মুখ্যমন্ত্ৰী

0 25

ছেপ্তেম্বৰত তিনিচুকীয়াত অনুষ্ঠিত হ’ব কেবিনেট

মুখ্যমন্ত্ৰীক ‘ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা সফল অসমীয়া বঁটা’ প্ৰদান

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১৮ মে’ : আগন্তুক ছেপ্তেম্বৰ মাহত তিনিচুকীয়াত অনুষ্ঠিত হ’ব ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক ৷ আজি তিনিচুকীয়াত সাংবাদিকসকলৰ সৈতে এক চাহমেলত অংশগ্ৰহণ কৰি এইকথা প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷ মুখ্যমন্ত্ৰীয়ে সাংবাদিকসকলৰ পৰা তিনিচুকীয়াৰ সমস্যাৰ বুজ লয় ৷ সাংবাদিকসকলে তিনিচুকীয়াৰ ভয়াৱহ যানজঁটৰ সমস্যা, পাৰ্কিঙৰ সমস্যা, বেদখল, অবৈধ নিৰ্মাণকাৰ্য, নলা-নৰ্দমাৰ সমস্যা আদিৰ বিষয়ে মুখ্যমন্ত্ৰীৰ আগত প্ৰকাশ কৰে ৷ মুখ্যমন্ত্ৰীয়ে এইক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে উপায়ুক্তক নিৰ্দেশ দিয়ে ৷ ড° শৰ্মাই কয় যে ছেপ্তেম্বৰ মাহত কেবিনেট অনুষ্ঠিত হোৱাৰ পূৰ্বে আগষ্টত তেওঁ পুনৰ তিনিচুকীয়ালৈ আহিব আৰু তিনিচুকীয়াৰ সমস্যাসমূহ সমাধানৰ পথত লৈ যোৱাৰ বাবে স্থানীয় প্ৰশাসনৰ সহযোগত প্ৰচেষ্টা চলাই নিব৷ চাহমেলত মুখ্যমন্ত্ৰীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত সাংবাদিকসকলৰ সৈতে মত বিনিময় কৰে ৷ চাহমেলত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু স্থানীয় বিধায়ক তথা ৰাজ্য চৰকাৰৰ মন্ত্ৰী সঞ্জয় কিষাণো উপস্থিত থাকে ৷
নিৰ্মীয়মাণ তিনিচুকীয়া মেডিকেল কলেজত মুখ্যমন্ত্ৰী
তিনিচুকীয়াৰ নৱনিৰ্মিত সন্মিলন কেন্দ্ৰত অনুষ্ঠিত পঞ্চম জিলা উপায়ুক্ত সন্মিলনৰ বুধবাৰে তৃতীয় তথা অন্তিম দিনাৰ কাৰ্যসূচীত নিশালৈকে অংশগ্ৰহণৰ অন্তত আজি পুৱা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই জিলাখনৰ মাকুমৰ শুকানপুখুৰী অঞ্চলত নিৰ্মীয়মাণ তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হৈ কামকাজৰ অগ্ৰগতিৰ বুজ লয় ৷ মুখ্যমন্ত্ৰীয়ে সাংবাদিকৰ আগত কয় যে এইবছৰ তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ৰ স্বীকৃতিৰ বাবে ৰাজ্য চৰকাৰে ৰাষ্ট্ৰীয় চিকিৎসা আয়োগক আবেদন কৰিব আৰু এই স্বীকৃতি লাভৰ বাবে চলিত বৰ্ষৰ ১০ ছেপ্তেম্বৰৰ ভিতৰত প্ৰায় ৮০ শতাংশ নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰিব লাগিব ৷ আনহাতে আগন্তুক ২০২৪ চনৰ মাৰ্চ মাহৰ পূৰ্বে নিৰ্মাণকাৰ্য সম্পূৰ্ণ হ’ব লাগিব বুলি মুখ্যমন্ত্ৰীয়ে কয় ৷ ড° শৰ্মাই নিৰ্মীয়মাণ চিকিৎসা মহাবিদ্যালয়খনৰ আশেপাশে বৃক্ষৰোপণো কৰে ৷ মুখ্যমন্ত্ৰীৰ এই পৰিদৰ্শনকালত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, স্থানীয় বিধায়ক তথা ৰাজ্য চৰকাৰৰ মন্ত্ৰী সঞ্জয় কিষাণৰ লগতে কেইবাজনো বিধায়ক উপস্থিত থাকে ৷
মুখ্যমন্ত্ৰীক ‘ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা সফল অসমীয়া বঁটা’ প্ৰদান
তিনিদিনীয়া তিনিচুকীয়া ভ্ৰমণৰ অন্তিম দিনা আজি পৰিৱেশ সুৰক্ষা সমিতি, অসম নামৰ প্ৰকৃতিপ্ৰেমী সংগঠনটোৱে ইতিপূৰ্বে কৰা ঘোষণা অনুসৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক ‘ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা সফল অসমীয়া বঁটা’ প্ৰদান কৰে ৷ পৰিৱেশ সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় সভাপতি ঋতুৰাজ বৰুৱা প্ৰমুখ্যে সংগঠনটোৰ বিষয়ববীয়াসকলৰ উপস্থিতিত নৱনিৰ্মিত সন্মিলন কেন্দ্ৰত মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি এই বঁটা প্ৰদান কৰা হয় ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More