২৩ ছেপ্টেম্বৰত অসম ডন বস্ক’ বিশ্ববিদ্যালয়ৰ দ্বাদশ সমাৱৰ্তন

অংশগ্ৰহণ কৰিব ৰাজ্যপাল গোলাব চান্দ কাটাৰিয়াই 

0 26

গুৱাহাটী, ২১ ছেপ্টেম্বৰঃ অসম ডন বস্ক’ বিশ্ববিদ্যালয় দ্বাদশ সমাৱৰ্তন অনুষ্ঠিত কৰাৰ বাবে প্ৰস্তুত হৈ উঠিছে । অহা ২৩ চেপ্তেম্বৰ, ২০২৩ তাৰিখে বিশ্ববিদ্যালয়ৰ টেপেছিয়া প্ৰাংগণত অনুষ্ঠিত হ’বলগীয়া বিশ্ববিদ্যালয়ৰ দ্বাদশ সমাৱৰ্তনখনিত মুখ্য অতিথিৰ আসন শুৱনি কৰি সমাৱৰ্তনৰ ভাষণ প্ৰদান কৰিব  ৰাজ্যপাল গোলাব চান্দ কাটাৰিয়াই । সমাজৰ বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট তথা গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকিবলগীয়া অনুষ্ঠানটি ৱেবছাইট www.dbuniversity.ac.in যোগে পোনপটীয়া সম্প্ৰচাৰ কৰা হ’ব। অনুষ্ঠানটিৰ অন্য দুজন বক্তা হ’ল অসম ডন বস্ক’ বিশ্ববিদ্যালয়ৰ আচাৰ্য ফাডাৰ জন’ৱাৰিছ চাংমা আৰু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ফাডাৰ জ’চ পেলেলি । ২৩ জন গৱেষকক ডক্টৰেট উপাধি প্ৰদান কৰাৰ লগতে সৰ্বমুঠ ১২৮৬ জন শিক্ষাৰ্থীৰ ভিতৰত ৫৫৫ জনক স্নাতক ৭৩১ জনক স্নাতকোত্তৰ উপাধি প্ৰদান কৰা হ’ব । ইয়াৰ উপৰিও বিশ্ববিদ্যালয়ৰ অন্তৰ্গত ডন বস্ক’ গোলকীয় কেন্দ্ৰৰদ্বাৰা পৰিচালিত সতাঁৰ আৰু দূৰশিক্ষা পাঠ্যক্ৰমৰ (Online and Distance Education) জৰিয়তে সৰ্বমুঠ ১৩৪ জন শিক্ষাৰ্থীক বিভিন্ন বিষয়ত স্নাতক উপাধি প্ৰদান কৰাৰ লগতে ৬ জন শিক্ষাৰ্থীক স্নাতকোত্তৰ ডিপ্লমা আৰু প্ৰমাণপত্ৰ প্ৰদান কৰা হ’ব । বিশ্বৰ বিভিন্ন প্ৰান্তৰপৰা ২৮ জন শিক্ষাৰ্থীয়ে সমাৱৰ্তনখনিত অনলাইনযোগে অংশগ্ৰহণ কৰিব। প্ৰতিটো বিভাগতে সৰ্ব্বোচ্চ নম্বৰপ্ৰাপ্ত মুঠ ৩৬ জন শিক্ষাৰ্থীক সোণৰ পদক প্ৰদান কৰা হ’ব । স্নাতকোত্তৰ আৰু স্নাতক মহলা উভয়তে পৃথককৈ আচাৰ্য বঁটা আৰু উপাচাৰ্য বঁটা লাভ কৰিব শৈক্ষিক তথা অন্যান্য দিশত সমানে পাৰদৰ্শিতা প্ৰদৰ্শন কৰি বিশ্ববিদ্যালয়লৈ উল্লেখযোগ্য বৰঙণি আগবঢ়োৱা দুগৰাকী শিক্ষাৰ্থীয়ে । এইবাৰ ‘ফাডাৰ মাভেলি সোণৰ পদক’ আৰু ‘জে এন বাউৰী স্মাৰক সোণৰ পদক’ হৈছে নতুনকৈ প্ৰৱৰ্তন কৰা বঁটা যিবোৰ সেই ব্যতিক্ৰমী স্নাতকসকলক প্ৰদান কৰা হ’ব যিসকলে শৈক্ষিক, সামাজিক দায়বদ্ধতা, নেতৃত্বৰ ভূমিকা আৰু পাঠ্যক্ৰম আৰু পাঠ্যক্ৰমৰ বাহিৰৰ কাম-কাজত নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰিছে। বিভিন্ন ধৰ্ম, জাতি, কৃষ্টি, সংস্কৃতি, বেশভূষা, ভাষা প্ৰতিনিধিত্ব কৰা উত্তৰ পূবৰ বিভিন্ন প্ৰান্ত যেনে অসম, মেঘালয়, অৰুণাচল, মিজোৰাম, ত্ৰিপুৰা, নাগালেণ্ড, মণিপুৰ আৰু ছিকিমৰ লগতে ভাৰতবৰ্ষ তথা এছিয়া আৰু আফ্ৰিকাৰ বহুতো দেশৰ শিক্ষাৰ্থীয়ে অসম ডনবস্ক’ বিশ্ববিদ্যালয়ত একতাৰ এনাজৰীৰে বান্ধ খাই বস্ক’নিয়ান হৈ বিশ্বব্যাপী শিক্ষাৰ প্ৰসাৰ তথা প্ৰচাৰত অৰিহণা আগবঢ়ায় । ২০০৮ চনত অসমত ব্যক্তিগত খণ্ডৰ প্ৰথম ৰাজ্যিক বিশ্ববিদ্যালয় হিচাপে স্থাপিত হোৱা অসম ডন বস্ক’ বিশ্ববিদ্যালয় পৰিচালিত হয় ডনবস্ক’ সমাজৰ দ্বাৰা। ডনবস্ক’ সমাজে সমগ্ৰ বিশ্বৰ ১৩২ খন দেশৰ প্ৰায় ১৫ নিযুত শিক্ষাৰ্থীক শিক্ষাৰ পোহৰ বিলাই আছে । ব্ৰিটিছ ব্ৰডকাষ্টিং চেন্টাৰৰ ড্ৰিম ৱৰ্কছ আৰু আন্তঃৰাষ্ট্ৰীয় বিশ্ববিদ্যালয় সংস্থাৰ দ্বাৰা উচ্চশিক্ষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে আগবঢ়োৱা অৱদান সম্বলিত তথ্যচিত্ৰৰ বাবে মনোনীত সমগ্ৰ বিশ্বৰ ১৫ খন বিশ্ববিদ্যালয়ৰ ভিতৰত অসম ডনবস্ক’ বিশ্ববিদ্যালয় অন্যতম। অসম ডন বস্ক’ বিশ্ববিদ্যালয় ভাৰতীয় বিশ্ববিদ্যালয় সংস্থা, কমনৱেলথ বিশ্ববিদ্যালয় সংস্থা, আন্তঃৰাষ্ট্ৰীয় বিশ্ববিদ্যালয় সংস্থা আৰু ডন বস্ক’ উচ্চশিক্ষা সংস্থাৰ অন্যতম সদস্য । তদুপৰি বিভিন্ন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সংস্থা তথা শৈক্ষিক প্ৰতিষ্ঠানৰ লগত বিশ্ববিদ্যালয়ৰ সহযোগিতাৰ চুক্তি আছে । বিশ্বব্যাপী বিস্তৃত ডন বস্ক’ সমাজে প্ৰায় সমগ্ৰ বিশ্বজুৰি জ্ঞানৰ পোহৰ বিলাই আছে আৰু বিশেষকৈ সমাজৰ পিছপৰা শ্ৰেণীটোৰ উন্নয়নৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা যোগাইছে ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More