৩১ জুলাইৰ পৰা তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰত “নটসূৰ্য্য ফণী শৰ্মা সোঁৱৰণী নাট সমাৰোহ”
নটসূৰ্য্য ফণী শৰ্মাৰ ৫৩ সংখ্যক স্মৃতিদিৱস
গুৱাহাটীৰ ছিগাল থিয়েটাৰৰ “আকাশ”, সোণাপুৰৰ দেংৰালী – ক্ৰিয়েটৰ্চ হাবৰ “ভূমি কন্যা “, বাণ থিয়েটাৰৰ” ধনীৰামৰ থিয়টাৰ”, শিশু নাট “নজনা বীৰৰ মূৰ” আৰু পদ্মনাথ গোহাঞি বৰুৱা শাখা সাহিত্য সভাৰ “চিৰাজ উদ্দিন আহমেদ হাজৰিকা” নাটকেৰে শ্ৰদ্ধাঞ্জলি
শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ, ২৯ জুলাই : গভীৰ নাট্য চেতনা আৰু শিল্প চেতনাৰে অসমীয়া জাতিক উদ্বুদ্ধ কৰি এখন সুন্দৰ সমাজ নিৰ্মাণৰ আলোকৰ যাত্ৰী হোৱা নটসূৰ্য্য ফণী শৰ্মাৰ ৫৩ সংখ্যক স্মৃতিদিৱসৰ লগত সংগতি ৰাখি বিগত বছৰৰ দৰে এইবাৰো অহা ৩১ জুলাইৰ পৰা নটসূৰ্য্য গৰাকীৰ স্মৃতি বিজড়িত ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ উদ্যোগত ছয়দিনীয়াকৈ অনুষ্ঠিত হ’ব নটসূৰ্য্য ফণী শৰ্মা সোঁৱৰণী নাট সমাৰোহ। নাট আৰু জীৱনক একাকাৰ কৰি ৰংগ মঞ্চৰ পৰা চেলুলয়ডলৈ, খেলপথাৰৰ পৰা সমাজ সংগঠনলৈ নিজকে সমৰ্পিত কৰা ক্ষণজন্মা শিল্পী গৰাকীৰ পৱিত্ৰ সোঁৱৰণত ১৯৭১ চনৰ পৰাই বাণ থিয়েটাৰ পৰিয়ালে ধাৰাবাহিক ভাৱে নাট্যাঞ্জলি আগবঢ়াই অহাৰ পিছত অহা ৩১ জুলাইৰ ৫৩ সংখ্যক স্মৃতিদিৱসৰ দিনটোৰ পৰা ৫ আগষ্টলৈকে বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰিছে নটসূৰ্য্য ফণী শৰ্মা সোঁৱৰণী নাট সমাৰোহ। কাৰ্যসূচী অনুসৰি ৩১ জুলাই পুৱা ১০ – ৩০ বজাত নটসূৰ্য্য ফণী শৰ্মাৰ সমাধি ক্ষেত্ৰত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰু সন্ধিয়া ৬ বজাত বাণ থিয়েটাৰত নটসূৰ্য্য ফণী শৰ্মাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান শুভাৰম্ভ কৰিব নটসূৰ্য্য গৰাকীৰ পুত্ৰ, বিশিষ্ট অভিনেতা সুজিত শৰ্মাই ।ইয়াৰ পিছতেই সন্ধিয়া ৬ – ১৫ বজাত বাণ থিয়েটাৰ প্ৰাংগনত নিৰ্মিত “সুধাকণ্ঠ, ভাৰত ৰত্ন ড০ ভূপেন হাজৰিকাৰ চিতাভস্ম সংৰক্ষিত বিশেষ স্হান” ৰ উদ্ঘাটন, সন্ধিয়া ৬ – ৩০ বজাৰ পৰা বাণ থিয়েটাৰৰ সভাপতি বংকিম শৰ্মাৰ পৌৰোহিত্যত অনুষ্ঠিত হ’ব বিশেষ স্মৃতিচাৰণ আৰু সম্বৰ্ধনা অনুষ্ঠান ।নটসূৰ্য্য গৰাকীৰ জড়িত থকা চলচ্চিত্ৰ আৰু নাটকৰ সংলাপ, গীতেৰে মুখৰিত হ’ব লগা এই অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাবে অংশ গ্ৰহণ কৰি বিশেষ ভাষণ আগবঢ়াব সাহিত্য অকাডেমি বঁটা বিজয়ী বিশিষ্ট কবি, নাট্য সমালোচক জ্ঞান পূজাৰীয়ে। আনহাতে তেজপুৰৰ সাংসদ পল্লৱ লোচন দাসে সন্মানীয় অতিথি, তেজপুৰৰ বিধায়ক তথা বিশিষ্ট অভিনেতা পৃথ্বিৰাজ ৰাভা আৰু শোণিতপুৰ জিলাৰ আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই বিশিষ্ট অতিথি ৰূপে অংশ গ্ৰহণ কৰিব লগা এই অনুষ্ঠানতে জ্যেষ্ঠ সদস্যক সম্বৰ্ধনা অনুষ্ঠানত বাণ থিয়েটাৰৰ আজীৱন সদস্য, নিষ্ঠাবান সমাজকৰ্মী জগন্নাথ বৰাক বাণ থিয়েটাৰৰ তৰফৰ পৰা বিশেষ ভাৱে সম্বৰ্ধনা জ্ঞাপন কৰিব। আনহাতে ১ আগষ্টৰ সন্ধিয়া ৬ – ৩০ বজাত মঞ্চস্থ হ’ব বাণ থিয়েটাৰৰ গ্ৰীষ্মকালীন শিশু নাট কৰ্মশালাৰ তিনিকুৰিতকৈ অধিক প্ৰশিক্ষাৰ্থীৰ দ্বাৰা বাণ থিয়েটাৰ প্ৰযোজিত নাট “নজনা বীৰৰ মূৰ” ।উল্লেখ্য যে, ধ্বনি কবি বিনন্দ চন্দ্ৰ বৰুৱাৰ “নজনা বীৰৰ মূৰ” শীৰ্ষক কবিতাৰ আলামত বাণ থিয়েটাৰৰ শিশু নাট কৰ্মশালাৰ পূৰ্বৰ প্ৰশিক্ষাৰ্থী ক্ৰমে – মৃগাক্ষী মহন্ত, প্ৰিয়াক্ষী মধুকল্য, জাগৃতি কৌণ্ডিন্য, আদিত্য অংকুৰ নাথ আৰু ৰাজদ্বীপ বৰাই নাট্যৰূপ দিয়া আৰু নিতুমণি কলিতা, গৌতম পাঠক পৰিচালিত এই নাটকখন আনুষ্ঠানিক ভাৱে উদ্বোধন কৰিব বিশিষ্ট ক্ৰীড়াবিদ, তেজপুৰৰ অসমীয়া ক্লাবৰ উপসভাপতি পংকজ বৰাই ।সেইদৰে ২ আগষ্টৰ সন্ধিয়া ৬ – ৩০ বজাত মঞ্চস্থ হ’ব সোণাপুৰৰ দেংৰালী – ক্ৰিয়েটৰ্চ হাবৰ নাটক “ভূমি কন্যা” ।মণিমালা দাসৰ চিত্ৰ নাট্য আৰু পৰিচালনাৰ নাটকখন আনুষ্ঠানিক ভাৱে উদ্বোধন কৰিব বিশিষ্ট নাট্যকাৰ – পৰিচালক পংকজ জ্যোতি ভূঞাই। ৩ আগষ্টত শোণিতপুৰ জিলা দিৱসৰ কাৰ্যসূচীৰ অংশ হিচাপে শোণিতপুৰ জিলা প্ৰশাসনৰ প্ৰয়োজনাত মঞ্চস্থ হ’ব গুৱাহাটীৰ ছিগাল থিয়েটাৰৰ জনপ্ৰিয় নাটক “আকাশ”। প্ৰয়াত কথাশিল্পী ড০ ভবেন্দ্ৰ নাথ শইকীয়াৰ একেই নামৰ গল্পৰ আধাৰত প্ৰগতিশীল নাট্যশিল্পী বাহাৰুল ইছলামৰ নাট্যৰূপ, পৰিচালনা আৰু অভিনিত নাটকখন আনুষ্ঠানিক ভাৱে উদ্বোধন কৰিব শোণিতপুৰ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই ।আনহাতে ৪ আগষ্টৰ সন্ধিয়া ৬ – ৩০ বজাত বাণ থিয়েটাৰৰ প্ৰযোজনাত মঞ্চস্থ হ’ব প্ৰয়াত প্ৰগতিশীল নাট্যকাৰ দীপক মহন্তৰ বহুল সমাদৃত নাটক “ধনীৰামৰ থিয়টাৰ” ।বাণ থিয়েটাৰৰ সাধাৰণ সম্পাদক জিতুমণি দেৱচৌধুৰী পৰিচালিত আৰু বাণ থিয়েটাৰৰ কাৰ্যনিৰ্বাহক সদস্য, নাট্যশিল্পী দেৱব্ৰত শৰ্মা সহ পৰিচালিত এই নাটকখন আনুষ্ঠানিক ভাৱে উদ্বোধন কৰিব তেজপুৰৰ প্ৰবীণ নাট্যকাৰ ইন্দ্ৰেশ্বৰ পাঠকে ।নাট সমাৰোহৰ অন্তিম দিনটোত ৫ আগষ্টৰ সন্ধিয়া ৬ – ৩০ বজাত মঞ্চস্থ হ’ব তেজপুৰৰ পদ্মনাথ গোহাঞি বৰুৱাৰ শাখা সাহিত্য সভাৰ দ্বাৰা প্ৰযোজিত, বিশিষ্ট বুৰঞ্জীবিদ ভূৱন চন্দ্র গগৈ ৰচিত নাটক “চিৰাজ উদ্দিন আহমেদ”। বাণ থিয়েটাৰৰ প্ৰেক্ষাগৃহ পৰিচালক, নাট্যশিল্পী মনোৰঞ্জন মহন্ত আৰু বাণ থিয়েটাৰৰ কাৰ্যনিৰ্বাহক সদস্য, অভিনেতা অচ্যুত শৰ্মা যৌথ পৰিচালিত নাটকখন আনুষ্ঠানিক ভাৱে উদ্বোধন কৰিব প্ৰবীণ অভিনেত্ৰী কল্পনা কলিতাই ।বাণ থিয়েটাৰৰ সাধাৰণ সম্পাদক জিতুমণি দেৱচৌধুৰীয়ে এক বিজ্ঞপ্তিৰ জৰিয়তে এই ছয়দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীত ৰাইজৰ উপস্থিতি আৰু সহযোগিতা কামনা কৰিছে।