৫ আগষ্টত ৰাজভৱন ঘেৰাও কাৰ্য্যসূচী প্ৰদেশ কংগ্ৰেছৰ

0 9

শতাব্দ প্ৰতিনিধি গুৱাহাটী,২ আগষ্টঃ মূল্যবৃদ্ধি, নিৱনুৱা সমস্যা, বানপানীৰ সমস্যা আৰু জি এছ টিৰ বিৰুদ্ধে ৫ আগষ্টত প্ৰদেশ কংগ্ৰেছে ৰাজভৱন ঘেৰাও কাৰ্য্যসূচী ৰূপায়ন কৰিব। এই কাৰ্যসূচী সন্দৰ্ভত আজি গুৱাহাটীৰ ৰাজীৱ ভৱনত নেতৃত্বৰ এক বৈঠক অনুষ্ঠিত হয়। বৈঠকত বিভিন্ন সমস্যা সন্দৰ্ভত বিশদভাৱে আলোচনা কৰাৰ লগতে প্ৰতিবাদী কাৰ্যসূচী সম্পৰ্কত আলোচনা কৰা হয়। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয় যে নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপি চৰকাৰে নিদিষ্ট কেইজনমান ব্যৱসায়ীক সন্তুষ্ট কৰিবলৈ গৈ দেশত ভয়াৱহ মূল্যবৃদ্ধিত ইন্ধন যোগাইছে। ফলত সৰ্বসাধাৰণ ৰাইজৰ ক্ৰয় ক্ষমতাৰ উৰ্দ্ধত আজি সমগ্ৰ দেশজুৰি নিত্যব্যৱহাৰ্য্য সামগ্ৰীৰ মূল্যবৃদ্ধি ঘটিছে। তাতে আকৌ ভূতৰ ওপৰত দানহ পৰাদি প্ৰায় ভাগ খাদ্য সামগ্ৰীতে জি এছ টি লগাই কৃত্রিম মূল্যবৃদ্ধিৰ পথ প্ৰশস্ত কৰি দিছে। সৰ্বসাধাৰণ ৰাইজে বিশেষকৈ দুখীয়া শ্ৰেণীটোৱে আজি পেট ভৰাই দুসাজ খাদ্যও নিয়মিত খাব পৰা অৱস্থা এটা নোহোৱা হৈছে। পেট্ৰল, ডিজেল, খোৱাতেল, দাইল আদি সামগ্ৰীৰ মূল্যবৃদ্ধিৰ পাছত এতিয়া ৰাইজৰ সহজলভ্য দৈ, চিৰা, পিঠাগুৰি, গুৰতো বিক্ৰী কৰ আৰোপ কৰা হৈছে। ফলস্বৰূপে দুখীয়া ৰাইজেও চৰকাৰক কৰ দিহে খাদ্য সামগ্ৰী ক্ৰয় কৰিবলগীয়াত পৰিছে। কংগ্ৰেছ দলে চৰকাৰৰ এই জনবিৰোধী নীতিৰ ঘোৰ বিৰোধিতা কৰে। বৰাই লগতে কয় যে বছৰি ২ কোটি নিৱনুৱাক চাকৰি দিব বুলি বিজেপিয়ে নিৰ্বাচনী প্ৰতিশ্ৰুতি দি ৰাইজক প্ৰবঞ্চনা কৰিলে। দুই কোটিৰ ঠাইত বছৰি দুইলাখ চাকৰিও কেন্দ্ৰীয় চৰকাৰে দিব পৰা নাই। তেওঁ লগতে কয় যে অসমৰ লক্ষ লক্ষ জনগণক বানপানীয়ে জুৰুলা আৰু সৰ্বস্বান্ত কৰি তুলিছে। প্ৰতিশ্ৰুতি অনুযায়ী বানপানীক নিয়ন্ত্ৰণৰ বাবে চৰকাৰে বিজ্ঞানসন্মত আঁচনি গ্ৰহণ কৰিব নোৱাৰোটো তেওঁলোকৰ এটা অন্যতম ব্যৰ্থতা। আনহাতে বান ক্ষতিগ্ৰস্ত ৰাইজক পৰ্য্যাপ্ত সাহাৰ্য্য প্ৰদানতো কেন্দ্ৰ আৰু ৰাজ্যিক চৰকাৰ ব্যৰ্থ হৈছে। কেন্দ্ৰীয় চৰকাৰে অসমৰ বান ক্ষতিগ্ৰস্ত ৰাইজৰ বাবে ধনৰ আবন্টন নিদিয়াটো বাস্তৱিকতেই উদ্বেগজনক আৰু গৰিহণাৰ যোগ্য। কংগ্ৰেছ দলে বিজেপি চৰকাৰৰ দ্বাৰা ৰাইজক পোনপটীয়া ভাৱে কৰা শোষণ, নিষ্পেষণ আৰু বঞ্চনাৰ বিৰোধ কৰাৰ লগতে ভাৰতবৰ্ষৰ অৰ্থনীতিক ধ্বংস কৰাৰ এই ষড়যন্ত্ৰক প্ৰতিহত কৰিবলৈ ৰাইজক সজাগ হবলৈ আহবান জনায়। তেওঁ কয় যে চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে আৰু বিভিন্ন সমস্যাৰ সমাধানৰ দাবীত ৫ আগষ্টত “ৰাজভৱন” ঘেৰাও কৰাৰ কাৰ্য্যসূচী গ্ৰহণ কৰা হৈছে। উক্ত কাৰ্য্যসূচীত কংগ্ৰেছ দলৰ সকলো সাংসদ, বিধায়ক আৰু দলীয় নেতৃবৰ্গৰ লগতে দলীয় সদস্য সকলক অংশ গ্ৰহণ কৰিবলৈ তেওঁ আহবান জনায়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More