৬ জুলাইত শংকৰদেৱ কলাক্ষেত্ৰত ৫ বিদ্রোহী সংগঠনৰ ৮টা গোটৰ অস্ত্র সম্বৰণৰ প্ৰস্তুতি

(বিএছএফ, আলনা, কোব্রা, আপা, এছটিএফ সহ ৮টা গোটৰ সদস্য)

0 19

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৩০ জুন : বিৰচা কামাণ্ডো ফৰ্চৰ ওডালগুৰি জিলা সমিতিৰ উদ্যোগত মাজবাট আঞ্চলিকৰ সহযোগত মেৰাবিল ভিচিডিচিৰ ফুহুৰাবাৰী গ্রাম্য খেলপথাৰত আয়োজিত সংগঠনটোৰ আজি ২৭ সংখ্যক প্ৰতিষ্ঠা দিৱসত পুৱা ১০ বজাত পতাকা উত্তোলন কৰি জিলা কামাণ্ডাৰ বিশ্বনাথ গোড়ে কয় যে ২০২২ চনৰ ১৫ ছেপ্তেম্বৰত স্বাক্ষৰিত ঐতিহাসিক আদিবাসী চুক্তিৰ আধাৰত ৬ জুলাইত গুৱাহাটী পাঞ্জাবাৰীস্থিত শংকৰদেৱ কলাক্ষেত্ৰত পাঁচটা আদিবাসী বিদ্রোহী সংগঠনৰ আঠটা গোটৰ সদস্য সকলে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ মুৰব্বী সকলৰ উপস্থিতিত গৃহ বিভাগৰ উদ্যোগত অস্ত্র সম্বৰণ কৰিব | উল্লেখ্য যে ১৯৯৬ চনৰ ৩০ জুনত  বিশাল ধানোৱাৰক মুখ্য সেনাধ্যক্ষ হিচাপে লৈ কোকৰাঝাৰ জিলাৰ  পাহাৰীয়া অঞ্চল দালাঝোৰা গাঁৱত আদিবাসী মুক্তি সংগ্ৰাম “বিৰচা কামাণ্ডো ফৰ্চ”ৰ জন্ম হৈছিল | একেখন ভাৰতীয় সংবিধানৰ গণ্ডিত একেখন দেশৰ অন্যান্য ৰাজ্যত বসবাস কৰা আদিবাসী জনগোষ্ঠীৰ লোকসকলে জনজাতিৰ মৰ্যাদা লাভ কৰি ভাৰতীয় সংবিধানৰ সকলো ধৰণৰ সা -সুবিধা ভোগ কৰি থকা জনগোষ্ঠীটোৰ বংশ পৰিয়াল অসমত বসবাস কৰে যদিও অসমত সেই সকলক জনজাতি মৰ্যাদা প্ৰদান নকৰি অন্যায় ভাবে চাহজনজাতি বুলি নামকৰণ কৰি ভাৰতীয় সংবিধানৰ সকলো সা – সুবিধাৰ পৰা বঞ্চিত কৰি ৰখা হৈছিল| এনেবোৰ কাৰণতে জনগোষ্ঠীটোৰ কিছু সংখ্যক শিক্ষিত যুৱক যুৱতীয়ে এই কাৰণ হাতত অস্ত্র তুলি লবলগীয়া পৰিৱেশ সৃষ্টি হৈছিল | সুদীৰ্ঘ ২৬ বছৰ সংগ্রাম কৰাৰ অন্তত ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে তেঁওলোকৰ সংগ্ৰামৰ বিষয়বস্তু ওপৰত অধ্যয়ন কৰি সেই সমস্যাক ৰাজনৈতিকভাৱে সমাধানৰ চিন্তা চৰ্চা কৰি বিএছএফ, আলনা, আপা, কোব্রা, এছটিএফকে ধৰি পাঁচটা আদিবাসী বিদ্রোহী সংগঠনৰ আঠটা গোটৰ মাজত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ মুৰব্বী সকলৰ উপস্থিতিত কেন্দ্ৰীয় গৃহ মন্ত্রালয়ৰ উদ্যোগত ২০২২ চনৰ ১৫ ছেপ্তেম্বৰ তাৰিখে দিল্লীত ঐতিহাসিক আদিবাসী চুক্তি স্বাক্ষৰিত হৈছিল | এই চুক্তিৰ জৰিয়তে অসমত বসবাস কৰা চাহজনগোষ্ঠীয় লোকক অসমৰ ভূমিপুত্ৰ অসমীয়া আদিবাসী জনগোষ্ঠী হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছে | এই চুক্তিৰ আধাৰত জনগোষ্ঠীটোৱে অদূৰ ভৱিষ্যতে ভাৰতীয় সংবিধানৰ গণ্ডিত জনজাতিৰ মৰ্যাদা পাবলৈ সক্ষম হব | ৰাছী, ঝাৰখণ্ড, উড়িশা, উত্তৰাখণ্ড আদি ৰাজ্যত থকা  বংশ পৰিয়ালে সেই ৰাজ্যৰ জনজাতিৰ মৰ্যাদা পাই আছে | এনআৰচিৰ পৰিয়ালৰ পৰিচয়ৰ লিগেচি দাতাত এই তথ্য সন্নিবিষ্ট হৈছে বুলি মন্তব্য আগবঢ়াইছে সংগঠনটোৰ ওডালগুৰি জিলাৰ কামাণ্ডাৰ বিশ্বনাথ গোড়ে |

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More