৭৮ সংখ্যক প্ৰতিষ্ঠা দিৱসত শিক্ষাৰ্থীৰ গীত-মাত-নৃত্যৰে মুখৰিত হ’ল ঐতিহ্যমণ্ডিত দৰং মহাবিদ্যালয়

পাঁচটাকৈ বিভাগৰ পৰা প্ৰথম শ্ৰেণীৰ স্নাতক ডিগ্ৰী লাভ কৰা শিক্ষাৰ্থীক অভিনন্দন

0 7

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ২৬ জুলাইঃ উত্তৰ পাৰৰ অন্যতম উচ্চ শিক্ষাৰ অনুষ্ঠান দৰং মহাবিদ্যালয়ৰ ৭৮ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ আজিৰ দিনটোত বিদ্যায়তনিক ক্ষেত্ৰত মহাবিদ্যালয়খনলৈ সুনাম কঢ়িয়াই অনা শিক্ষাৰ্থীক অভিনন্দন জ্ঞাপন , বিভিন্ন ন্যাসৰ শৈক্ষিক বঁটা প্ৰদান, শিক্ষাৰ্থী আৰু প্ৰাক্তন শিক্ষাৰ্থীৰ গীত – নৃত্যৰে আৰু বিশিষ্টজনৰ ভাষণেৰে মুখৰিত হৈ পৰে৷ 20230726 190510পুৱা মহাবিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী সন্থাৰ যুটীয়া সম্পাদক পংকজ বৰুৱাই আঁত ধৰা মহাবিদ্যালয় পতাকা উত্তোলনী অনুষ্ঠানত অধ্যক্ষ ড॰ পলাশমণি শইকীয়াই প্ৰাক্তন অধ্যাপক – অধ্যাপিকা আৰু একাংশ শিক্ষাৰ্থী, কৰ্মচাৰীৰ উপস্থিতিত পতাকা উত্তোলন কৰে৷ ইয়াৰ পিছতেই মহাবিদ্যালয়খনৰ বিশেষ কক্ষত অনুষ্ঠিত প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী বন্তি প্ৰজ্জ্বলনেৰে শুভাৰম্ভ কৰে প্ৰাক্তন ছাত্ৰ তথা বৰ্তমানৰ তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভাই৷ আনহাতে মূল অনুষ্ঠানটি আৰম্ভ হয় শিক্ষাৰ্থী একাংশই পৰিৱেশন কৰা মহাবিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ ৰাতুল কৃষ্ণ শৰ্মাই ৰচনা কৰা প্ৰতীকী গীত ‘বি এ জুৱেল এমং মেন’ শীৰ্ষক গীতেৰে৷ দৰংমহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী সন্থাৰ সাধাৰণ সম্পাদক ডঃ মনোজ কুমাৰ হাজৰিকাই আঁত ধৰা গীত – মাতৰ এই অনুষ্ঠানতে মহাবিদ্যালয়খনৰ অধ্যক্ষ ডঃ পলাশমণি শইকীয়াই আদৰণী ভাষণ আগবঢ়াই মহাবিদ্যালয়খনৰ বৰ্তমানৰ বিদ্যায়তনিক ক্ষেত্ৰৰ উত্তৰণৰ কেতবোৰ দিশ আলোকপাত কৰাৰ লগতে অতি উন্নত ফলেৰে শিক্ষাৰ্থী সকলে কেনেদৰে সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে তাৰ সবিশেষ তথ্য সহকাৰে দাঙি ধৰে৷ অধ্যক্ষ ডঃ শইকীয়াই গুৱাহাটী বিশ্ববিদ্যালয়ৰ সদ্যঘোষিত স্নাতক চূড়ান্ত পৰীক্ষাৰ ফলাফলত ভূগোল বিজ্ঞান বিভাগ, পৰিসংখ্যা বিজ্ঞান বিভাগ আৰু মনোবিজ্ঞান বিভাগৰ শিক্ষাৰ্থী য়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত প্ৰথম তিনিটা স্থানৰ আটাইকেইটা স্থান লাভ কৰিবলৈ সক্ষম হোৱাৰ কথা সদৰি কৰাৰ লগতে দৰং মহাবিদ্যালয়ৰ ভাগ্যশ্ৰী ভূঞাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান লাভ কৰাৰ উপৰি ৯৬.৩ শতাংশ নম্বৰ লাভ কৰি বিশ্ববিদ্যালয়ৰ কলা শাখাৰ সৰ্বোচ্ছ নম্বৰ লাভ কৰি ‘শ্ৰেষ্ঠ স্নাতকৰ সন্মান’ অৰ্জন কৰি সুনাম কঢ়িয়াই আনে বুলি অৱগত কৰে৷ আনহাতে অহা আগষ্ট মাহৰ পৰা মহাবিদ্যালয়খনত প্ৰশাসনিক সেৱাৰ পৰীক্ষাথ¹ৰ বাবে পাঠদান আৰম্ভ হ’ব বুলি জানিবলৈ দি ইতিমধ্যে মহাবিদ্যালয়খনত থকা অসমীয়া, প্ৰাণী বিজ্ঞান, উদ্ভিদ বিজ্ঞান আৰু ভূগোল বিজ্ঞান স্নাতকোত্তৰ পাঠ্যক্ৰমৰ পিছত চৰকাৰে শেহতীয়াকৈ পদাৰ্থ বিজ্ঞান , ৰসায়ন বিজ্ঞান আৰু বাণিজ্য বিভাগৰ স্নাতকোত্তৰ পাঠদানৰ বাবে অনুমোদন জনোৱাৰ কথা সদৰি কৰে৷ আনহাতে এইবাৰ স্নাতক চূড়ান্ত পৰীক্ষাত ভূগোল বিজ্ঞান বিভাগ, অৰ্থনীতি বিভাগ, পৰিসংখ্যা বিজ্ঞান বিভাগ, বুৰঞ্জী বিভাগ আৰু মনোবিজ্ঞান বিভাগৰ পৰা সৰ্বাধিক সংখ্যক শিক্ষাৰ্থী য়ে প্ৰথম শ্ৰেণী লাভ কৰিছে বুলি জানিবলৈ দিয়ে৷ প্ৰাক্তন ছাত্ৰ তথা বিধায়ক পৃথ্বিৰাজ ৰাভাই অনুষ্ঠানটিত আগবঢ়োৱা ভাষণত মহাবিদ্যালয়খনৰ স্মৃতি ৰোমন্থন কৰি ছাত্ৰ কালত আন্তঃ মহাবিদ্যালযৰ ক্ৰীড়া প্ৰতিযোগিতাৰ পৰা বিভিন্ন প্ৰতিযোগিতাত কেনেদৰে সৰ্বাধিক পুৰস্কাৰ কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল আৰু মহাবিদ্যালয়খনত অনুষ্ঠিত কৰা আন্তঃমহাবিদ্যালয় ক্ৰীড়া সমাৰোহত পৰ্বতীয়াৰ পৰা বাঁহ আনি ৰভা দিয়াৰ স্মৃতিৰ উপৰিও শিক্ষাগুৰুসকলৰ সান্নিধ্য স্মৃতিৰে আবেগিত হৈ পৰে যদিও ইয়াৰ মাজতে দৰং মহাবিদ্যালয় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ যুৱ মহোৎসৱত নিজে ৰূপায়ণ কৰা ঔৰংগজেব নাটকৰ সংলাপ পৰিৱেশন কৰি সকলোকে মুগ্ধ কৰি তোলে৷ আনহাতে আজিৰ দিনটোতে প্ৰাক্তন ছাত্ৰ ছাত্ৰী সন্থাৰ জন্ম হোৱাৰ কথা সদৰী কৰি প্ৰাক্তন ছাত্ৰ ছাত্ৰী সন্থাৰ সভাপতি, মহাবিদ্যালয়খনৰ অধ্যাপক ড॰ ধৰ্মেন্দ্ৰ কুমাৰ শৰ্মাইও ভাষণ আগবঢ়োৱা অনুষ্ঠানটিত মহাবিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰী মায়াৰাণী বৰাৰ নৃত্যশালাৰ শিক্ষাৰ্থী সকলে অতি আকৰ্ষণীয় ৰূপত সত্ৰীয়া নৃত্য পৰিৱেশন কৰে৷ সত্ৰীয়া নৃত্য পৰিৱেশন কৰা নৃত্যশালাৰ ছাত্ৰী কেইগৰাকী আছিল সাৰন্যা মহন্ত, পৰিণিতা কাকতি, কংকিতা ভড়ালী, পুস্পাশ্ৰী কাশ্যপ আৰু কাব্যশ্ৰী কাশ্যপ৷ উল্লেখ্য যে,শিক্ষাৰ্থী একাংশই বিভিন্ন গীত পৰিবেশন কৰা আজিৰ এই অনুষ্ঠানতে বিধায়ক পৃথ্বিৰাজ ৰাভাই সদ্য ঘোষিত স্নাতক চূড়ান্ত পৰীক্ষাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা প্ৰথম শ্ৰেণীৰ প্ৰথম স্থানেৰে কলা শাখাৰ শ্ৰেষ্ঠ স্নাতক হোৱা ভাগ্যশ্ৰী ভূঞাক অভিনন্দন জ্ঞাপন কৰাৰ লগতে পাঁচটাকৈ বিভাগৰ পৰা প্ৰথম শ্ৰেণীত উত্তীৰ্ণ হোৱা কেবাগৰাকীও শিক্ষাৰ্থীক অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড॰ অবনী কুমাৰ শৰ্মা, প্ৰাক্তন ছাত্ৰ ছাত্ৰী সংস্থাৰ সভাপতি ড॰ ধৰ্মেন্দ্ৰ কুমাৰ শৰ্মা, পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি খগেশ্বৰ বৰকাকতি, অৱসৰপ্ৰাপ্ত অধ্যাপক ড॰ ৰমেশ চন্দ্ৰ গোস্বামী, জয়নাৰায়ণ লুইতেল আদিয়ে অভিনন্দন আপন কৰাৰ লগতে অধ্যক্ষ ড॰ পলাশমণি শইকীয়া আদিয়ে দাতা পৰিয়ালৰ সদস্যৰ উপস্থিতিত বিভিন্ন শৈক্ষিক ন্যাসৰ বঁটা সমূহ প্ৰদান কৰে৷ শিক্ষাৰ্থী কেইগৰাকী আছিল ভূগোল বিজ্ঞান বিভাগত ৯১.৬ শতাংশ নম্বৰ লাভ কৰি প্ৰথম শ্ৰেণীৰ তৃতীয় স্থান লাভ কৰা আকাশীতৰা তপ্নো, একে বিভাগৰে ৮৯.৫ শতাংশ নম্বৰ লাভ কৰি প্ৰথম শ্ৰেণীৰ তৃতীয় স্থান লাভ কৰা সুকণ্যা শইকীয়া, মনোবিজ্ঞান বিভাগৰ পৰা ৯১.৩ শতাংশ নম্বৰ লাভ কৰি প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান লাভ কৰা শতাব্দী পূজাৰী, ৯০.৭ শতাংশ নম্বৰ লাভ কৰি প্ৰথম শ্ৰেমীৰ দ্বিতীয় স্থান লাভ কৰা চৰ্চা মহন্ত, ৯০.৩ শতাংশ লাভ কৰি প্ৰথম শ্ৰেণীৰ তৃতীয় স্থান লাভ কৰা নাজলিন শ্বাহ, পৰিসংখ্যা বিজ্ঞান বিভাগৰ পৰা কলা শাখাত ৮৬.৮ শতাংশ লাভ কৰি প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান লাভ কৰা প্ৰভাকৰ ছেত্ৰী, ৮৪.৬ শতাংশ নম্বৰ কৰি প্ৰথম শ্ৰেণীৰ তৃতীয় স্থান লাভ কৰা পৰিস্মিতা শৰ্মা, অৰ্থনীতি বিভাগৰ পৰা ৯১.৫ শতাংশ লাভ কৰি প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান লাভ কৰা মধুস্মিতা ভায়েল, সমাজতত্ব বিভাগৰ পৰা ৮৮.৬ শতাংশ নম্বৰৰে প্ৰথম শ্ৰেণীৰ দ্বিতীয় স্থান লাভ কৰা অৰিন্দম ফুকন, গাহস্থ্য বিজ্ঞান বিভাগৰ পৰা ৯০.৩ শতাংশ নম্বৰেৰে প্ৰথম শ্ৰেণীৰ দ্বিতীয় স্থান লাভ কৰা কৃষ্টি দেৱী, সংস্কৃত বিভাগৰ পৰা ৮৬.৯শতাংশ নম্বৰেৰে প্ৰথম শ্ৰেণীৰ তৃতীয় স্থান লাভ কৰা চয়নিকা দেৱী৷ এই অনুষ্ঠানতে ২০২১-২২ বৰ্ষৰ বাগাৰিয়া ফাউণ্ডেশ্যন ন্যাসৰ শৈক্ষিক বঁটাসমূহ প্ৰদান কৰা হয়৷ এই প্ৰদানৰ আৰম্ভণিতেই বাগাৰিয়া ন্যাসৰ দ্বাৰা বিনোদ বাগাৰিয়াক বিশেষভাৱে সন্মান জ্ঞাপন কৰাৰ পিছত অৰ্থনীতি বিভাগৰ ছাত্ৰী দৰ্শনা দেৱী, প্ৰাণী বিজ্ঞান বিভাগৰ ছাত্ৰ দেৱাংন ছামলাগায়, ছাত্ৰী জাহ্নবী পাঠক, হিচাপবিদ্যা বিভাগৰ টিয়াশা দত্ত, গৌৰী কুমাৰী, সংস্কৃত বিভাগৰ দক্ষিণা শৰ্মাক শ্ৰেষ্ঠ স্নাতকৰ শৈক্ষিক বঁটা প্ৰদান কৰা হয়৷ অনুষ্ঠানটিত প্ৰাক্তন ছাত্ৰ তথা তেজপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ জ্যোতিকমল হাজৰিকাইও ভাষণ প্ৰদান কৰে৷ অনুষ্ঠানটিত কে পি আগৰৱালা আৰু দিলীপ আগৰৱালা সোঁৱৰণী বঁটা, গোপাল শৰ্মা সোঁৱৰণী বঁটা, মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠাপক অধ্যক্ষ কামাখ্যা প্ৰসাদ ত্ৰিপাঠী সোঁৱৰণী শৈক্ষিক বঁটাও মেধাবী শিক্ষাৰ্থীক আগবঢ়োৱা হয়৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More